ETV Bharat / sports

পাকিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলৰ জয়ৰ ধাৰা অব্য়াহত

author img

By

Published : Jan 30, 2021, 5:34 PM IST

দক্ষিণ আফ্ৰিকাৰ তাজমিন ব্ৰিটছে ৫৪ টা বলত অপৰাজিত ৫২ ৰাণ কৰি সৰ্বাধিক ৰাণ কৰিবলৈ সক্ষম হয় । অ'ল ৰাউণ্ডাৰ মাৰিজনে কেপ্পে চাৰি অভাৰত ২৪ ৰাণ দি ৩ টাকৈ উইকেট ল'বলৈ সক্ষম হয় । পাকিস্তান দলটোৰ হৈ আয়েষা নাচিমে ২৫ টা বলত ৩১ ৰাণ কৰিবলৈ সক্ষম হয় ।

পাকিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলৰ জয়ৰ ধাৰা অব্য়াহত
পাকিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলৰ জয়ৰ ধাৰা অব্য়াহত

স্পৰ্টছ ডেস্ক , ৩০ জানুৱাৰী : পাকিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলৰ বিজয় ধাৰা অব্য়াহত আছে । এদিনীয়া শৃংখলাত জয়ী হোৱাৰ পিছত কিংছমিডত আয়োজিত টি-২০ শৃংখলাৰ প্ৰথমখন খেলত বিজয় সাব্য়স্ত কৰে দক্ষিণ আফ্ৰিকা দলটোৱে ।

দক্ষিণ আফ্ৰিকাই ১৯ অভাৰত দুটা উইকেট হেৰুৱাই পাকিস্তানৰ সন্মুখত ১২৫ ৰাণৰ লক্ষ্য বান্ধি দিছিল । য'ত অপেনিং কৰি তাজমিন ব্ৰিটছে ৫৪ টা বলত অপৰাজিত ৫২ ৰাণ কৰি সৰ্বাধিক ৰাণ কৰিবলৈ সক্ষম হৈছিল । পাকিস্তানৰ মহিলাসকলৰ ভিতৰত আইমেন আনৱাৰে চাৰি অভাৰত ২৯ ৰাণ দি দুটা উইকেট দখল কৰিছিল ।

ইয়াৰ আগতে, বেটিং কৰি পাকিস্তান দলটোৰ হৈ আয়েষা নাচিমে ২৫ টা বলত ৩১ ৰাণ কৰিবলৈ সক্ষম হয় । ১৬ বছৰীয়া এবোটাবাদত জন্মগ্ৰহণ কৰা আয়েষাই দুটা চাৰিৰ সহযোগত নিদা দাৰৰ সৈতে ষষ্ঠ উইকেটৰ বাবে ৪৩ ৰাণৰ গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বীপ কৰিছিল । নিদা দাৰে ১৫ বলৰ বিনিময়ত ২২ ৰাণ কৰি অপৰাজিত হৈ উভতিছিল । পাকিস্তানৰ কাইনাত ইমটিয়াজে ২৩ টা বলৰ বিনিময়ত ২৪ ৰাণ কৰি দলটোৰ দ্বিতীয় শ্ৰেষ্ঠ ৰাণ কৰে আনহাতে মুনিবা আলীয়ে ২৬ বলত ২১ ৰাণ কৰি তৃতীয় সৰ্বশ্ৰেষ্ঠ ৰাণ কৰিবলৈ সক্ষম হয়।

দক্ষিণ আফ্ৰিকাৰ অ'ল ৰাউণ্ডাৰ মাৰিজনে কেপ্পে চাৰি অভাৰত ২৪ ৰাণ দি ৩ টাকৈ উইকেট ল'বলৈ সক্ষম হয় । ৩১ বছৰীয়া সোঁহাতৰ পেচাৰজনে ঘৰুৱা দলটোক তেওঁৰ প্ৰথম বলত ওমাইমা চোহেইলৰ উইকেট দখল কৰি প্ৰথম সফলতা দিছিল । পিছত নাহিদা খান আৰু আয়েষা নাচিমক পেভিলিয়ানলৈ ঘূৰাই পঠিয়াইছিল বলাৰ গৰাকীয়ে। দক্ষিণ আফ্ৰিকাৰ পেচাৰ শাবনীম ইছমাইলে আইশা জাফাৰ আৰু আলীয়াৰ উইকেট লাভ কৰে ।

ইফালে দুয়োটা দল দেওবাৰে দ্বিতীয় খন টি-২০ৰ বাবে একেখন খেল পথাৰতে পুনৰ মুখামুখি হ'ব ।

লগতে পঢ়ক :কোৱাৰেণ্টাইনৰ পৰা উভটিব অষ্ট্ৰেলিয়ান অ'পেনৰ তাৰকা খেলুৱৈ-বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.