ETV Bharat / sports

India vs Pakistan 2023 : ৫০ অভাৰৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অপৰাজেয় ভাৰত

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 11:48 AM IST

পাকিস্তানে ৫০ অভাৰৰ বিশ্বকাপত এতিয়ালৈ ভাৰতৰ বিৰুদ্ধে এখন খেলতো জয়ী হ'ব পৰা নাই । ১৪ অক্টোবৰত পুনৰ পাকিস্তান দলটো ভাৰতৰ মুখামুখি হ'ব । নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰতে জয়ধাৰা অক্ষুণ্ণ ৰাখিব পাৰিব নে ?

India vs Pakistan 2023
৫০ অভাৰৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অপৰাজেয় ভাৰত

স্পৰ্টছ ডেস্ক,১২ অক্টোবৰ : পুনৰ এবাৰ ক্ৰিকেটৰ মহাৰণত চিৰপ্ৰতিদ্বন্দী ভাৰত আৰু পাকিস্তান মুখামুখি হব । চলিত বিশ্বকাপ ক্ৰিকেটত ১৪ অক্টোবৰত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হাই-ভল্টেজ মেচখন অনুষ্ঠিত হ'ব । লক্ষণীয়ভাৱে পাকিস্তানে ৫০ অভাৰৰ বিশ্বকাপত এতিয়ালৈ ভাৰতৰ বিৰুদ্ধে এখন খেলতো জয়ী হ'ব পৰা নাই । সেয়ে পাকিস্তানৰ বিৰুদ্ধে ৫০ অভাৰৰ বিশ্বকাপৰ খেলত ভাৰতৰ সফলতাৰ হাৰ হৈছে ১০০ শতাংশ । ভাৰতে এতিয়ালৈকে ৫০ অভাৰৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে মুঠ ৭ খন খেল খেলিছে । ভাৰতে আটাইকেইখন খেলতে পাকিস্তানক পৰাস্ত কৰিছে ।

১৯৯২ চনত চিডনীত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ খেলখনত ভাৰতীয় দলটো প্ৰথমবাৰৰ বাবে পাকিস্তানৰ মুখামুখি হৈছিল । খেলখনত ভাৰতে ৪৩ ৰাণত জয়ী হৈছিল। তাৰ পাছত ১৯৯৬ চনত বেংগালুৰুত অনুষ্ঠিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতে পাকিস্তানক ৩৯ ৰাণত পৰাস্ত কৰে । খেলখনত অজয় জাদেজাৰ পাকিস্তানী পেচাৰ ৱাকাৰ ইউনিছৰ বিৰুদ্ধে দুৰ্ধৰ্ষ বেটিং আৰু ভেঙ্কটেশ প্ৰসাদৰ বলত আমিৰ ছোহেলৰ আউটৰ মুহূৰ্ত স্মৰণীয় হৈ আছে ।

১৯৯৯ চনৰ বিশ্বকাপৰ খেলখনতো ভাৰতে ইংলেণ্ডৰ মানচেষ্টাৰত পাকিস্তানক ৪৭ ৰাণত পৰাস্ত কৰে । ২০০৩ চনত দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত ভাৰতীয় দলটোৱে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে । এই খেলখন শচীন তেণ্ডুলকাৰৰ আক্ৰমণাত্মক ইনিংছৰ বাবে স্মৰণীয় ।

২০১১ চনৰ বিশ্বকাপত ভাৰতে ছেমি ফাইনেলত মোহালিত পাকিস্তানক ২৯ ৰাণত পৰাস্ত কৰে । ২০১৫ চনৰ বিশ্বকাপৰ সংস্কৰণত অষ্ট্ৰেলিয়াৰ এডিলেডত ভাৰতে ৭৬ ৰাণত জয়ী হয় আৰু ২০১৯ চনত মানচেষ্টাৰত অনুষ্ঠিত বিশ্বকাপত বিৰাট কোহলীৰ নেতৃত্বত ভাৰতে পাকিস্তানক ৮৯ ৰাণত পৰাস্ত কৰে । নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোৱে তেওঁলোকৰ অভিলেখ অক্ষুণ্ণ ৰাখিব বুলি আশা কৰিব ।

ইফালে, তেতিয়াৰ চৰ্দাৰ পেটেল ষ্টেডিয়াম নামেৰে জনাজাত মোতেৰাত অন্যান্য অভিলেখৰ ভিতৰত আছিল ভাৰতীয় প্ৰাক্তন বেটছমেন সুনীল গাভাস্কাৰৰ টেষ্টৰ ১০ হাজাৰ ৰাণ । পাকিস্তানৰ বিৰুদ্ধে এখন টেষ্টত তেওঁ এই অভিলেখ কৰিবলৈ সক্ষম হৈছিল ।

১৯৮৭ চনৰ ৭ মাৰ্চত বিশ্ব ক্ৰিকেট আৰু সুনীল গাভাস্কাৰৰ বাবে ক্ৰিকেট ইতিহাসৰ সেই দিনটো ঐতিহাসিক আছিল । সুনীল গাভাস্কাৰে পাকিস্তানৰ স্পিনাৰ ইজাজ ফকিৰ এটা বলত অফ চাইডত এটা শ্বট মাৰিছিল আৰু লগে লগে টেষ্টত ১০,০০০ ৰাণ সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল । তেতিয়া ইমৰাণ খান পাকিস্তানৰ অধিনায়ক আছিল ।

লগতে পঢ়ক :ICC cricket Wold Cup: বিশ্বকাপত সৰ্বাধিক 7 টা শতক, 1000 ৰাণ, ক্ৰিকেটত 555 টা ছিক্সাৰ ৰোহিতৰ নামত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.