ETV Bharat / sports

ব্ৰেভ',হেটমেয়াৰ অনুপস্থিতি অনুভৱ কৰিব ৱেষ্ট ইণ্ডিজ দলে : মাইকেল হল্ডিং

author img

By

Published : Jun 6, 2020, 2:58 PM IST

চলিত বৰ্ষৰ 8 জুলাইৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল । কিন্তু COVID-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ইংলেণ্ড ভ্ৰমণত নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ শিমৰণ হেটমেয়াৰ, ডেৰেন ব্ৰেভ'ৰ । তেওঁলোকৰ এই সিদ্ধান্তক সন্মান জনাব লাগে বুলি শেহতীয়াকৈ মত প্ৰকাশ কৰিছে ৱেষ্ট ইণ্ডিজৰ দ্ৰুতবেগী বলাৰ মাইকেল হল্ডিঙে । অৱশ্যে খেলুৱৈ দুগৰাকীৰ অনুপস্থিতি দলত অনুভৱ হ'ব বুলি উল্লেখ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।

Windies will miss Bravo, Hetmyer but their decision to not travel must be respected, feels Holding

স্পৰ্টছ ডেস্ক, 6 জুনঃ COVID-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে 8 জুলাইৰ পৰা ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলাত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিল ৱেষ্ট ইণ্ডিজৰ তিনি ক্ৰিকেটাৰ ডেৰেন ব্ৰেভ', শিমৰণ হেটমেয়াৰ আৰু কিম' পলে । শেহতীয়াকৈ এই সন্দৰ্ভত এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন ৱেষ্ট ইণ্ডিজ ক্ৰিকেটাৰ মাইকেল হল্ডিঙে ।

শিমৰণ হেটমেয়াৰ
শিমৰণ হেটমেয়াৰ

এক ইউটিউব চেনেলত তেওঁ কয়, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটৰ দৃষ্টিভংগীৰে এইয়া দুৰ্ভাগ্য়জনক । মই কাকো ক'ব নোৱাৰে COVID-১৯ ৰ সময়ত ইংলেণ্ড লৈ ভ্ৰমণ কৰাৰ কথা, কোনোৱা বেমাৰ হ'ব পাৰে বা তাতোকৈ কিবা বেছি অঘটন হ'ব পাৰে ।

কিন্তু একে সময়তে মই ভাৱে ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ বাবে দুৰ্ভাগ্যপূৰ্ণ কথা । এই খেলুৱৈ সকল যথেষ্ট প্ৰতিভাসম্পন্ন । তেওঁলোকৰ অনুপস্থিতি দলটোৱে অনুভৱ কৰিব । আনহাতে তেওঁলোকৰ সিদ্ধান্তক সন্মান জনাব লাগে বুলিও উল্লেখ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।

হল্ডিঙে লগতে কয়, ডেৰেন ব্ৰেভ'ৰ বাবে এইখন শৃংখলা কেৰিয়াৰৰ পুনৰ উত্থানৰ বাবে এক সুন্দৰ সুযোগ আছিল । কিয়নো যোৱা নৱেম্বৰ মাহত আফগানিস্তানৰ বিৰুদ্ধে তেওঁক দলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল ।

আনহাতে প্ৰাক্তন ক্ৰিকেটাৰ ইয়ান বিশপেও হল্ডিঙৰ কথাত একমত জনায় খেলুৱৈৰ স্বাস্থ্য সংকটৰ প্ৰতি লক্ষ্য় ৰাখি বিকল্প খেলুৱৈৰ কথা উল্লেখ কৰে । তেওঁ কয়, খেলুৱৈৰ বিকল্প দিয়া অতিকৈ প্ৰয়োজন কাৰণ এইটো এটা বিশ্ব স্বাস্থ্য সংকট ।

লগতে পঢ়কঃ দশম স্থানেৰে ৰহালৈ গৌৰৱ কঢ়িয়াই আনিলে ঋত্বিক কুমাৰ সুতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.