ETV Bharat / sports

বাংলাদেশৰ বিৰুদ্ধে পৰাস্ত ৱেষ্ট ইণ্ডিজ

author img

By

Published : May 14, 2019, 9:05 AM IST

5 উইকেটত জয় লাভ বাংলাদেশৰ

বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ত্ৰিকোণীয় শৃংখলাৰ পঞ্চমখন এদিনীয়াত পৰাস্ত ৱেষ্ট ইণ্ডিজ ৷ মুছফিকুৰ ৰহমান আৰু ছমিয়া সৰকাৰৰ অধৰ্শতকৰ বিনিয়মত জয় লাভ বাংলাদেশৰ ৷

স্পৰ্টছ ডেস্ক, 14 মে’: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ডৱলিনত অনুষ্ঠিত হোৱা পঞ্চমখন এদিনীয়াত জয় লাভ বাংলাদেশৰ ৷ ডৱলিনৰ দ্য ভিলেজ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত মুছফিকুৰ ৰহমান আৰু ছমিয়া সৰকাৰৰ অধৰ্শতকৰ ফলত 5 উইকেটত জয় লাভ কৰিবলৈ সক্ষম হয় বাংলাদেশ দলটো ৷

মেচখনত টছত জয়ী হৈ ৱেষ্ট ইণ্ডিজ দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিৰ্ধাৰিত 50 অভাৰত 9 উইকেট হেৰুৱাই 247 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ৱেষ্ট ইণ্ডিজৰ হৈ ছাই হপে সৰ্বাধিক 87 ৰান কৰাৰ বিপৰীতে অধিনায়ক জেচন হলডাৰে কৰিবলৈ সক্ষম হৈছিল 62 ৰান ৷ বাংলাদেশৰ হৈ মুছতাফিজুৰ ৰহমানে 9 অভাৰত 43 ৰান দি 4 টা আৰু মাছৰফে মুৰ্তাজাই 10 অভাৰত 60 ৰান খৰচ কৰি 3 টা উইকেট দখল কৰে ৷ আনহাতে মেহন্দি হাচান আৰু ছাকিব অল হাচানে 1 টা কৈ দখল কৰে ৷

etv bharat
বাংলাদেশৰ বিৰুদ্ধে পৰাস্ত ৱেষ্ট ইণ্ডিজ

ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশে দলটোৱে 47.2 অভাৰত 5 উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ বাংলাদেশৰ হৈ ছমিয়া সৰকাৰে 54, মুছফিকুৰ ৰহমানে 63, মহম্মদ মিথুনে 43 ৰান কৰে ৷ ৱেষ্ট ইণ্ডিজৰ হৈ এছলি নাৰ্ছে সৰ্বাধিক 3 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ মোৰ কোনো ধৰ্ম নাই, ভগবান নাই; মই কাঞ্চনজঙ্ঘাঃ জুবিন গাৰ্গ

উল্লেখ্য যে, ত্ৰিকোণীয় শৃংখলাখনত অংশগ্ৰহণ কৰা দল কেইটা হৈছে বাংলাদেশ, ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ড ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.