ETV Bharat / sitara

মই নিজেই নিজকে দীপকা-ৰণবীৰৰ বিয়ালৈ আমন্ত্ৰিত কৰিছিলো: অভিনেত্ৰী কুব্বৰা

ইটালীৰ লেক ক'ম'ত সম্পন্ন হোৱা অভিনেত্ৰী দীপিকা পাডুকণ আৰু ৰণবীৰ সিঙৰ বিবাহৰ অনুষ্ঠানলৈ কেনেকৈ নিমন্ত্ৰণ লাভ কৰিছিল অভিনেত্ৰী কুব্বৰাই ? কেইবাটাও আমোদজনক ঘটনাৰ বিষয়ে বিৱৰি ক'লে কুব্বৰাই।

মই নিজেই নিজকে দীপকা-ৰণবীৰৰ বিয়ালৈ আমন্ত্ৰিত কৰিছিলো: অভিনেত্ৰী কুব্বৰা
মই নিজেই নিজকে দীপকা-ৰণবীৰৰ বিয়ালৈ আমন্ত্ৰিত কৰিছিলো: অভিনেত্ৰী কুব্বৰা

Published : October 31, 2020 at 2:16 PM IST

Choose ETV Bharat

চিটাৰা, ৩১ অক্টোবৰ: বলীউড তাৰকা ৰণবীৰ সিং আৰু দীপিকা পাডুকণৰ বিয়ালৈ নিমন্ত্ৰণ লাভ কৰাৰ কথা ক'বলৈ গৈ কেইবাটাও আমোদজনক ঘটনাৰ বিষয়ে প্ৰকাশ কৰিলে অভিনেত্ৰী কুব্বাৰাই। তেওঁ কয় যে, 'মই ৰণবীৰ সিঙক বহু বছৰ পূৰ্বে এক অনুষ্ঠানত লগ পাইছিলো। অনুষ্ঠানটোত প্ৰায় ৫,০০০ লোক উপস্থিত আছিল। আপুনি সেইজন ছুপাৰষ্টাৰে আপোনাক মনত পেলোৱাৰ কথা কল্পনা কৰিব নোৱাৰে, যাক আপুনি এক অনুষ্ঠানত মাত্ৰ প্ৰথম বাৰৰ বাবে লগ পাইছে। কিন্ত তেওঁ মোক পাহৰা নাই। ছেক্ৰেড গেমছৰ মুক্তিৰ সময়ত তেওঁ মোক পুনৰ মনত পেলায়। তেওঁ মোলৈ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ মোক এনেদৰে কৈছিল যে, ক্যা বছ, ই আৰ ডেয়াৰডেভিল। ইয়াৰ প্ৰত্যুত্তৰত মই কৈছিলো যে, মোক আপোনাৰ বিয়ালৈ নিমন্ত্ৰণ কৰিবলৈ নাপাহৰিব।'

সেইকাৰণে মোৰ অনুভৱ হয় যেন মই নিজেই নিজকে দীপকা-ৰণবীৰৰ বিয়ালৈ আমন্ত্ৰিত কৰিছিলো। ৰণবীৰক দয়ালু আৰু উদাৰ বুলিও প্ৰশংসা কৰে কুব্বাৰা সৈতে। তেওঁ পুনৰ কয় যে, দীপকা-ৰণবীৰৰ বিয়াত তেওঁ নিমন্ত্ৰণী পত্ৰৰ সৈতে প্ৰৱেশ কৰিছিল। ছেক্ৰেড গেমছত তেওঁৰ চৰিত্ৰৰ বিষয়ে ক'বলৈ গৈ কুব্বৰাই কয় যে, এদিন দৃশ্যগ্ৰহণস্থলীত তেওঁক নৱাজুদ্দিন ছিদ্দিকিয়ে চিনি পোৱা নাছিল।

'মই এদিন মোৰ উইগটো পিন্ধা নাছিলো আৰু মোৰ চুলিখিনি ভাজ লাগি থকা কাৰণে বেছি হৈ থকা যেন দেখাইছিল। মই গৈ তেওঁৰ কাষতে বহিছিলো আৰু তেওঁ মোক চিনি নাপালে। তেওঁ মোৰ ফালে এবাৰ চাই পুনৰ নিজৰ মোবাইল ফোনটোক লৈ ব্যস্ত হৈ পৰিল। ৫ মিনিটৰ পিছত মই তেওঁক সুধিলো আপুনি মোক সম্ভাষণ জনাব বিচাৰিব নেকি? নৱাজুদ্দিনে আচৰিত হৈ কৈছিল, আৰে আপুনিহে ! মই উত্তৰ দিলো, হয় মই। তেতিয়া তেওঁ ক'লে আপোনাৰ উইগটো নাই যে, সেইকাৰণে মই চিনি নাপালো।'

লগতে পঢ়ক:হিৰ'পন্টি 2 ত টাইগাৰ শ্ৰফৰ বিপৰীতে থাকিব তাৰা চোটাৰিয়া