ETV Bharat / sitara

Ira khan with boyfriend Nupur: প্ৰেমিকৰ সৈতে বৰফৰ মাজত আমিৰ খানৰ জীয়ৰী

author img

By

Published : Dec 12, 2021, 6:02 PM IST

Ira Khan enjoys snowfall with beau Nupur Shikhare
প্ৰেমিকৰ সৈতে বৰফৰ আমেজ আমিৰ খানৰ জীয়ৰীৰ

বলীউড চুপাৰষ্টাৰ আমিৰ খানৰ জীয়ৰী ইৰা খান উৰা মাৰিছে বৰফৰ দেশলৈ ৷ প্ৰেমিক নূপূৰ শিখৰৰ সৈতে কটাইছে অন্তৰংগ মূহুৰ্ত (Ira khan with boyfriend Nupur) ৷

চিটাৰা ডেস্ক, 12 ডিচেম্বৰ : দেওবাৰে Famous wellness coach তথা Fitness enthusiast নূপূৰ শিখৰে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ইৰা খানৰ সৈতে সময় উপভোগ কৰি থকা বিদেশ ভ্ৰমণৰ ফটো আপলোড কৰে ৷ নূপূৰ শিখৰ আৰু ইৰা খান দুয়ো বৰ্তমান বৰফৰ আমেজ লোৱাত ব্যস্ত (Ira khan with boyfriend Nupur) ৷

বৰফে আৱৰা ৰাস্তাৰ পৰা স্ন’ফললৈকে দুয়ো এতিয়া বৰফৰ মাজত ৷ শিখৰে আপলোড কৰা ফটোত এইয়া তেওঁৰ প্ৰথম Snowfall enjoy বুলি উল্লেখ কৰিছে ৷

ইৰাৰ সৈতে পোষ্টত নূপূৰে লিখিছে,"My first snowfall ever ❄️☃️❤️ how cool is this #snow #snowfall #travel #holiday."

Miss Universe 1994 ৰ খিতাপ অৰ্জন কৰা সুস্মিতা সেনৰো চিকিৎসা কৰিছিল নূপূৰ শিখৰে ৷ 2014 চনত Addison ত আক্ৰান্ত সুস্মিতাক নূপূৰেই সুস্থ কৰি তুলিছিল ৷ ইয়াৰ পিছত 2018 ত তেওঁ কৰা কষ্টৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি সুস্মিতা সেন (Beauty Queen Susmita Sen) নূপূৰৰ ঘৰলৈয়ো গৈছিল ৷

নূপূৰৰ লগত সম্পৰ্কত থকা ইৰা খান অন্যহাতে মানসিক স্বাস্থ্য সজাগতাৰ লগত জড়িত ৷ মানসিক স্বাস্থ্যৰ লগত সংগতি ৰাখি ইৰাই Agatsu Foundation মুকলি কৰে ৷

আমিৰৰ প্ৰথমা পত্নী ৰীনা দত্তৰ সৈতে থকা তেওঁৰ দুটি সন্তানৰ এগৰাকী হৈছে ইৰা ৷

লগতে পঢ়ক : Happy Birthday Siddhartha Sukla : জনপ্ৰিয় অভিনেতাগৰাকীক ওপজাদিনত সোঁৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.