ETV Bharat / science-and-technology

IIT-Guwahati: শীঘ্ৰেই IIT গুৱাহাটীত স্থাপন হ’ব উন্নত কৰ্কট গৱেষণা কেন্দ্ৰ

author img

By

Published : Sep 2, 2022, 5:12 PM IST

অসংক্ৰামক ৰোগ, প্ৰধানকৈ কৰ্কট ৰোগৰ বাবে উন্নত আৰু সুলভ ডায়েগনষ্টিক সমাধানৰ সৈতে জড়িত গৱেষণাৰ ওপৰত কাম কৰিবলৈ গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি)ত স্থাপন কৰা হ’ব এটা কেন্দ্ৰ ৷ আই আই টি-গুৱাহাটীৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৃহস্পতিবাৰে স্বাক্ষৰিত হয় এই বুজাবুজি চুক্তি ।

Advanced cancer research centre to be set up in IIT-Guwahati
শীঘ্ৰেই IIT গুৱাহাটীত স্থাপন হ’ব উন্নত কৰ্কট গৱেষণা কেন্দ্ৰ

নেশ্যনেল ডেস্ক, 2 ছেপ্টেম্বৰ : অসংক্ৰামক ৰোগ, প্ৰধানকৈ কৰ্কট ৰোগৰ বাবে উন্নত আৰু সুলভ ডায়েগনষ্টিক সমাধানৰ সৈতে জড়িত গৱেষণাৰ ওপৰত কাম কৰিবলৈ এটা কেন্দ্ৰ গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি)ত স্থাপন কৰা হ’ব । শুকুৰবাৰে ইয়াত প্ৰকাশ কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে প্ৰিমিয়াৰ উচ্চ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানটোৱে এই উদ্দেশ্যে কাৰ্কিনোছ হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে ।

আই আই টি-গুৱাহাটীৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৃহস্পতিবাৰে এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিৰ অধীনত প্ৰতিষ্ঠানটোৰ চৌহদত স্থাপন কৰা হ’ব চেণ্টাৰ অৱ এডভান্সড ৰিচাৰ্চ অন ডায়েগনষ্টিকছ ইন কেঞ্চাৰ (চি-কাৰ্ড) যিটো প্ৰথমটো সংস্থা IITৰ সৈতে জড়িত হৈ দেশৰ ভিতৰত গুৱাহাটীস্থিত কেম্পাছত স্থাপনৰ ইতিমধ্যে জো-যা চলিছে ৷ ইয়াত কে এইচ পি এলৰ দ্বাৰা সজ্জিত আৰু পৰিচালনা কৰা হ’ব । এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে আই আই টি-গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰাম আৰু কাৰ্কিনোছ হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰ ভেংকটাৰমননে ।

এই উপলক্ষে ভাষণ দি আই আই টি-গুৱাহাটীৰ সঞ্চালকগৰাকীয়ে কয়, "আমি আমাৰ গৱেষণা আৰু উন্নয়নৰ অস্ত্ৰভাণ্ডাৰ শক্তিশালী কৰাৰ আকাংক্ষা ৰাখিছো আৰু কে এইচ পি এলৰ দ্বাৰা চি-কাৰ্ড সেই দিশত এক পদক্ষেপ । অদূৰ ভৱিষ্যতে আমি এই চেণ্টাৰ অৱ এক্সেলেন্সক অসম উন্নত স্বাস্থ্যসেৱা উদ্ভাৱন প্ৰতিষ্ঠানৰ কাৰ্যকলাপৰ সৈতে সম্প্ৰসাৰণ কৰি স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ বীজ সিঁচিবলৈ কল্পনা কৰিছোঁ।"

বুজাবুজি চুক্তিৰ অধীনত দুয়োটা সংগঠনে সমগ্ৰ ৰাজ্যৰ অসম কেঞ্চাৰ কেয়াৰ হাস্পতালৰ সৈতে মিলি বৃহৎ পৰিসৰৰ অনকোডায়েগনষ্টিক সেৱাত সহযোগিতা কৰি অসমৰ উত্তৰ-পূব অঞ্চলৰ বাবে এক বিস্তৃত cancer atlas প্ৰস্তুত কৰিব । এই ৰোগৰ ভাৰত-নিৰ্দিষ্ট বংশগত উৎপত্তি চিনাক্ত কৰিবলৈ নেক্সট-জেনেৰেচন ছিকুৱেন্সিং (এনজিএছ) আৰু হোল জিনম ছিকুৱেন্সিং (ডব্লিউজিএছ) সুবিধা স্থাপনৰ দিশতো চি-কাৰ্ডে কাম কৰিব ।

এই পদক্ষেপৰ অংশ হিচাপে অদূৰ ভৱিষ্যতে আই আই টি-গুৱাহাটী আৰু কে এইচ পি এলে আণৱিক জীৱবিজ্ঞান, কোষ জীৱবিজ্ঞান, জিন’মিক্স, প্ৰটিঅ’মিক্স, ডায়েগনষ্টিকছ, থেৰাপিউটিক্স, বায়’ইনফৰ্মেটিক্স, ডাটা ছায়েন্স, এণ্টাৰপ্ৰেনিউৰশ্বিপ ডেভেলপমেণ্ট, আৰু অন্যান্য মাল্টি সম্পৰ্কীয় গৱেষণা প্ৰকল্পসমূহতো সহযোগিতা আগবঢ়াব (Molecular Biology, Cell Biology, Genomics, Proteomics, Diagnostics, Therapeutics, Bioinformatics, Data Science, Entrepreneurship Development, and other multi-disciplinary)। অনুষ্ঠানত ভাষণ দি ভেংকটাৰমননে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে কৰ্কট ৰোগৰ যত্নৰ ক্ষেত্ৰত বিশাল অগ্ৰগতি লাভ কৰিছে ৷

লগতে পঢ়ক : Google Meetৰ নতুন Feature এ ব্যৱহাৰকাৰীসকলক দিব এই সুবিধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.