ETV Bharat / international

British Sikh gets 9 years of imprisonment: ৰাণী দ্বিতীয় এলিজাবেথক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা ব্ৰিটিছ শিখক 9 বছৰৰ কাৰাবাস

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 11:12 AM IST

British Sikh gets 9 years of imprisonment
ৰাণী দ্বিতীয় এলিজাবেথক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা ব্ৰিটিছ শিখক 9 বছৰৰ কাৰাবাস

2021 চনৰ খ্ৰীষ্টমাছৰ সময়ত উইণ্ডছৰ প্ৰাসাদৰ দেৱালসমূহ বগাই ভিতৰত প্ৰৱেশ কৰি ৰাণীক হত্যা কৰিবলৈ চেষ্টা কৰা ব্ৰিটিছ শিখ যশৱন্ত সিং চাইলেক 9 বছৰৰ কাৰাদণ্ড ঘোষণা ৷

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 6 অক্টোবৰ : ৰাণী দ্বিতীয় এলিজাবেথক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ গোচৰত ব্ৰিটিছ শিখ 21 বছৰীয়া যশৱন্ত সিং চাইলেক 9 বছৰৰ কাৰাবাস বিহা হৈছে ৷ 2021 চনৰ খ্ৰীষ্টমাছৰ সময়ত উইণ্ডছৰ প্ৰসাদৰ দেৱালসমূহ বগাই ভিতৰত প্ৰৱেশ কৰি ৰাণীক হত্যা কৰিবলৈ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল চাইলেৰ বিৰুদ্ধে ৷ প্ৰাসাদৰ ৰক্ষকসকলে এই অভিযোগ উত্থাপন কৰি কয় যে স্বৰ্গীয় ৰাণী দ্বিতীয় এলিজাবেথক হত্যা কৰিবলৈ চাইলেই তাত খোপনি পুতি আছিল ৷ এই বৰ্ষৰ ফেব্ৰুৱাৰীত চাইলেই দেশদ্ৰোহৰ অভিযোগ স্বীকাৰ কৰে ৷

1919 চনৰ জালিয়ানৱালাবাগৰ গণহত্যাৰ প্ৰতিশোধ স্বৰূপে ৰাণীক হত্যা কৰাৰ ভাবুকি দিছিল চাইলেই ৷ এই ঘটনাৰ পিচতে ছচিয়েল মিডিয়াত এক ভিডিঅ’যোগে নিজকে "ভাৰতীয় শিখ" বুলি পৰিচয় দিছিল চাইলেই ৷ চাইলেই মানসিক স্বাস্থ্যৰ সমস্যাত ভুগিছিল ৷ অভিযুক্তটোৱে ষ্টাৰ ৱাৰছ চলচ্চিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাণীক আক্ৰমণ কৰিবলৈ আংশিকভাৱে অনুপ্ৰাণিত হৈছিল ৷

লণ্ডনৰ এখন আদালতৰ তথ্য অনুসৰি চাইলেই কৈশোৰৰ পৰাই স্বৰ্গীয় ৰাজতন্ত্ৰক হত্যা কৰাৰ কল্পনা কৰিছিল ৷ এই কথা তেওঁ নিজ প্ৰেমিকাকো কেইবাবাৰো অৱগত কৰিছিল ৷

ন্যায়াধীশ নিকোলাছ হিলিয়াৰ্ডে কৈছিল যে, বিভিন্ন বিশেষজ্ঞই চাইলেৰ মনস্তাত্বিক বিশ্লেষণ কৰাৰ পিচত এই সিদ্ধান্তত উপনীত হৈছিল যে চাইলেই বাস্তৱৰ সৈতে সম্পৰ্ক হেৰুৱাই মানসিক ৰোগী হৈ পৰিছিল ৷ কিন্তু চাইলেই কৰা গুৰুতৰ অপৰাধৰ বাবে তেওঁ কাৰাবাস খাটিব লাগিব ৷

চাইলেক প্ৰথমে মনোৰোগ কেন্দ্ৰলৈ ঘূৰাই লৈ অহা হ’ব, য'ত তেওঁ ইতিমধ্যে চিকিৎসা গ্ৰহণ কৰি আছে ৷ যদি ভৱিষ্যতে তেওঁৰ মানসিক স্থিতি ভাল হয় তেতিয়া তেওঁ বাকীখিনি সময় কাৰাবাস খাটিব লাগিব ৷ চাইলেৰ উদ্দেশ্য কেৱল সাৰ্বভৌমত্বক ক্ষতি কৰা বা ভাবুকি দিয়াই নহয়, ৰাণীক হত্যা কৰাও তেওঁৰ লক্ষ্য আছিল ৷ গ্ৰেপ্তাৰ হোৱাৰ প্ৰায় দুই ঘণ্টাৰ পূৰ্বে তেওঁ নাইলনৰ ৰচীৰে ৱাল বগাবলৈ চেষ্টা কৰিছিল ৷ তেওঁ হুডী আৰু এখন মুখা পিন্ধি আছিল ৷ তেওঁৰ হাতত এটা গুলীৰে সুসজ্জিত পিষ্টলো আছিল ৷

লগতে পঢ়ক: Biden on border wall : প্ৰৱজন ৰোধ কৰিবলৈ বদ্ধপৰিকৰ বাইডেন প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.