ETV Bharat / international

Most dangerous countries in the world: বিশ্বৰ অন্যতম বিপজ্জনক দেশ পাকিস্তান

author img

By

Published : Oct 15, 2022, 3:53 PM IST

বাইডেনে কয় যে পাকিস্তান বিশ্বৰ অন্যতম বিপজ্জনক দেশ(one of the most dangerous nations in the world) ৷ বিশ্বজুৰি প্ৰতিক্ৰিয়া সৃষ্টি ৷

biden-said-pakistan-is-one-of-the-most-dangerous-countries-in-the-world
most dangerous countries in the world: বিশ্বৰ অন্যতম বিপজ্জনক দেশ পাকিস্তান

নেশ্যনেল ডেস্ক, 15 অক্টোবৰ: ডেম’ক্ৰেটিক কংগ্ৰেছৰ প্ৰচাৰ কমিটিৰ অভ্যৰ্থনা অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশ বুলি অভিহিত কৰে পাকিস্তানক(one of the most dangerous nations in the world) ৷ বৃহস্পতিবাৰে ডেম’ক্ৰেটিক দলৰ কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অভ্যৰ্থনা অনুষ্ঠানত ভাষণ প্ৰদান কৰি থকাৰ সময়তে এই মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে(Democratic congressional campaign) । চীন আৰু ৰাছিয়া সন্দৰ্ভত আমেৰিকাৰ বৈদেশিক নীতিৰ কথা কৈ থকাৰ সময়তে পাকিস্তান সন্দৰ্ভত এনে তাৎপৰ্যপূৰ্ম মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে (United States President Joe Biden0।

আমেৰিকাৰ সৈতে শ্বাহবাজ শ্বৰীফ চৰকাৰৰ সম্পৰ্ক উন্নীত কৰাৰ উদ্দেশ্যৰে বাইডেনে এনে মন্তব্য প্ৰকাশ কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা চলা পৰিলক্ষিত হৈছে(Shehbaz Sharif government) ৷ অনুষ্ঠানত বাইডেনে কয় যে একবিংশ শতিকাৰ দ্বিতীয় ত্ৰৈমাসিকত আমেৰিকাৰ বাবে গতিশীলতা সলনি কৰাৰ যথেষ্ট সুযোগ আছে। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশল প্ৰকাশ পোৱাৰ দুদিন পিছতে এই মন্তব্য প্ৰকাশ পাইছে ।

বাইডেন প্ৰশাসনে কংগ্ৰেছে বাধ্যতামূলক কৰা এখন মূল নীতিগত নথি প্ৰকাশ কৰে, য’ত চীন আৰু ৰাছিয়া উভয়ৰে দ্বাৰা আমেৰিকালৈ ভাবুকিৰ ৰূপৰেখা দাঙি ধৰা হৈছে । ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশলত উল্লেখ কৰা হৈছে যে চলিত বৰ্ষৰ আৰম্ভণিতে ‘ন’-লিমিট পাৰ্টনাৰশ্বিপ’ (No Limit Partnership)ঘোষণা কৰা চীন আৰু ৰাছিয়াই ইজনে সিজনৰ লগত বৰ্তমানেও সহযোগিতা অব্যাহত ৰাখিছে যদিও দুয়োখন দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ ক্ৰমাৎ স্পষ্ট হৈ পৰিছে ।

নীতিগত নথিখনত ​​কোৱা হৈছে যে চীনৰ সৈতে প্ৰতিযোগিতা ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আটাইতকৈ বেছি দেখা যায় যদিও বৰ্তমানে ইয়াৰ প্ৰভাৱ বিশ্বব্যাপী হোৱা পৰিলক্ষিত হৈছে ৷ চীনৰ সৈতে প্ৰতিযোগিতাৰ এক নিৰ্ণায়ক দশক হিচাবে অহা ১০ বছৰ বিবেচিত হ'ব বুলি নথিখনত উল্লেখ কৰা হৈছে ৷ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত নথিখনত উল্লেখ আছে যে মস্কোৰ “সাম্ৰাজ্যবাদী বৈদেশিক নীতি” অনুযায়ী ইউক্ৰেইন চৰকাৰক উফৰাই দেশখন সম্পূৰ্ণ ৰাছিয়াৰ নিয়ন্ত্ৰণলৈ অনাৰ বাবেই চলোৱা হৈছিল এই আগ্ৰাসন(Russia Ukraine war) ৷

লগতে পঢ়ক: DAC election 2022 : লখিমপুৰত জাৰি কৰা হ’ল ১৪৪ ধাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.