ETV Bharat / international

Teenage Boy Killed 9 in Sarbia: ছাৰ্বিয়াৰ ৰাজধানীত 14 বছৰীয়া কিশোৰৰ 8 শিশুক হত্যা

author img

By

Published : May 3, 2023, 8:30 PM IST

আৰক্ষীয়ে জনোৱা মতে, এজন কিশোৰে বুধবাৰে ছাৰ্বিয়াৰ ৰাজধানীৰ এখন বিদ্যালয়ত গুলীচালনা কৰে । গুলীচালনাৰ ফলত আঠগৰাকী শিশু আৰু বিদ্যালয়খনৰ এজন সুৰক্ষী কৰ্মী নিহত হয় । ইয়াৰ উপৰি আন ছয়টি শিশু আৰু এজন শিক্ষক আঘাতপ্ৰাপ্ত হয় । তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (8 children shoot out in Belgrade school) ।

Teenage Boy Killed 9 in Sarbia
Teenage Boy Killed 9 in Sarbia

ইণ্টাৰনেচনেল ডেস্ক, ৩ মে': ছাৰ্বিয়াৰ ৰাজধানীৰ এখন বিদ্যালয়ত এক দুখজনক ঘটনা সংঘটিত হৈছে (Sarbia school shoot out case) । এগৰাকী ১৪ বছৰীয়া কিশোৰৰ নিৰ্বিচাৰ গুলীচালনাত নিহত হৈছে বিদ্যালয়খনৰ ৮ গৰাকীকৈ শিশু । লগতে নিহত হৈছে বিদ্যালয়খনৰ এগৰাকী সুৰক্ষা কৰ্মীও । প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে ঘাতক কিশোৰজনক নিজৰ নামৰ আদি আখৰ কে কেৰ দ্বাৰা চিনাক্ত কৰিছে (Teenage Boy Killed 9 in Sarbia) ।

লগতে প্ৰকাশ কৰিছে যে, কিশোৰজনে তেওঁৰ দেউতাকৰ বন্দুকেৰে গুলীচালনা কৰিছিল । তেওঁক বিদ্যালয়ৰ চৌহদৰ ভিতৰত গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । এক বিবৃতিত তেওঁক চেণ্ট্ৰেল বেলগ্ৰেড বিদ্যালয়ৰ এজন ছাত্ৰ হিচাপে চিনাক্ত কৰা হৈছে । তেওঁ জন্ম ২০০৯ চনত । আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে যে, তেওঁলোকে পুৱা প্ৰায় ৮.৪০ বজাত ভ্লাদিস্লাভ ৰিবনিকাৰ প্ৰাথমিক বিদ্যালয়ত গুলীচালনাৰ বিষয়ে এটা ফোন লাভ কৰে (8 children killed in Sarbia school) । উল্লেখ্য, ছাৰ্বিয়াৰ প্ৰাথমিক বিদ্যালয়বোৰত প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি আঠটা শ্ৰেণী আছে ।

উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত বিদ্যালয়ত এনে ধৰণৰ গুলীচালনাৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে । কিন্তু ইয়াৰ বিপৰীতে ছাৰ্বিয়া আৰু গ্ৰেটাৰ বলকান অঞ্চলত সমূহীয়া স্থানত গুলীচালনাৰ ঘটনা অত্যন্ত বিৰল । আহাতে, শেহতীয়া বছৰবোৰত বিদ্যালয়সমূহত এনে ধৰণৰ গুলীচালনাৰ কোনো তথ্য নাই । অন্তিমটো গণ গুলীচালনাৰ ঘটনাত ২০১৩ চনত বলকান যুদ্ধৰ এজন প্ৰবীণ ব্যক্তিয়ে চেণ্ট্ৰেল ছাৰ্বিয়ান গাঁৱত ১৩ জন লোকক হত্যা কৰিছিল । বিশেষজ্ঞসকলে অৱশ্যে ১৯৯০-ৰ দশকৰ যুদ্ধৰ পিচত দেশখনত বাকী থকা অস্ত্ৰৰ সংখ্যাৰ বিষয়ে বাৰে বাৰে সতৰ্ক কৰি দিছে । তেওঁলোকে এইটোও মন কৰে যে বিবাদৰ লগতে চলি থকা অৰ্থনৈতিক দুৰ্দশাৰ ফলত দশকজোৰা অস্থিৰতাই এনে ধৰণৰ বিস্ফোৰণৰ সৃষ্টি কৰিব পাৰে (Belgrade school shoot out case in Sarbia) ।

ইফালে স্থানীয় সংবাদ মাধ্যমৰ ফুটেজত ঘটনাস্থলীৰ বিদ্যালয়খনৰ বাহিৰত এক হুলস্থূলীয়া পৰিৱেশ দেখা গৈছে । তাৰ মাজৰ পৰায়ে সন্দেহযুক্ত কিশোৰজনক আৰক্ষীয়ে মূৰটো ঢাকি ঘটনাস্থলীৰ পৰা আঁতৰাই নিছিল । তাৰ পৰা নি কিশোৰজনক আৰক্ষী বিষয়াসকলে ৰাস্তাত ৰখাই থোৱা এখন গাড়ীলৈ লৈ যায় । মিলান মিলোচেভিছ এজন এগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰা মতে, তেওঁৰ জীয়াৰীয়ে ইতিহাসৰ শ্ৰেণীত পাঠ গ্ৰহণ কৰি থকাৰ সময়তে গুলীচালনাৰ ঘটনাটো সংঘটিত হয় । তাৰ পিচত তেওঁ ঘটনাস্থলীলৈ দৌৰি যায় । তেওঁ কয়, "মই সুধিছিলোঁ মোৰ সন্তান ক'ত আছে । কিন্তু প্ৰথমতে কোনেও মোক একো ক'ব পৰা নাছিল । তেতিয়া তেওঁ ফোন কৰিছিল আৰু আমি গম পাইছিলোঁ যে তেওঁ বাহিৰত আছে ।"

"তেওঁ (শ্বুটাৰজনে) প্ৰথমে শিক্ষকজনৰ ওপৰত গুলীচালনা কৰিছিল আৰু তাৰ পিছত ডেস্কৰ তলত সোমাই পৰা শিশুসকলৰ ওপৰত গুলীচালনা কৰিছিল ।" মিলোচিভে জীয়াৰীৰ উদ্ধৃতি দি কয় । তেওঁ লগতে কয় যে, কিশোৰজন এজন শান্ত ল'ৰা আৰু এজন ভাল শিক্ষাৰ্থী । অৱশ্যে তেওঁ কিয় এই ঘটনা সংঘটিত কৰিলে সেই বিষয়ে আৰক্ষীয়ে একো প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক :Sudan clash : বৃহস্পতিবাৰৰ পৰা ছুডানত যুদ্ধ বিৰতি ঘোষণা যুঁজাৰু পক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.