ETV Bharat / international

"বিশ্বই কিয় আমাক নীৰৱে মৰি থকা চাই আছে ?": আফগানিস্তানৰ মহিলাৰ প্ৰশ্ন

author img

By

Published : Oct 27, 2021, 7:17 AM IST

why the world watching us die in silence: afghanistan woman activists questioning the un
"বিশ্বই কিয় আমাক নীৰৱে মৰি থকা চাই আছে ?": আফগানিস্তানৰ মহিলাৰ প্ৰশ্ন

মঙলবাৰে নিজৰ শিক্ষাৰ অধিকাৰ আৰু কাম কৰাৰ অধিকাৰ বিচাৰি কাবুলত প্ৰতিবাদ প্ৰায় এক ডজন নাৰী অধিকাৰ কৰ্মীসকলৰ ৷ আফগানিস্তানৰ সংকট সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়সমূহৰ নিষ্ক্ৰিয়তাক লৈ এই প্ৰশ্ন দেশখনৰ মহিলা এক্টিভিষ্টসকলৰ ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 27 অক্টোবৰ : "বিশ্বই কিয় আমাক নীৰৱে মৰি থকা চাই আছে ?" এই প্ৰশ্ন কাবুলৰ নাৰী অধিকাৰ কৰ্মীসকলৰ ৷ আফগানিস্তানৰ সংকট সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়সমূহৰ নিষ্ক্ৰিয়তাক লৈ এই প্ৰশ্ন দেশখনৰ মহিলা এক্টিভিষ্টসকলৰ ৷ মঙলবাৰে দেশখনৰ নাৰী অধিকাৰ কৰ্মীসকলে তালিবানে দেশখনত প্ৰতিবাদৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ পিছতো নিজৰ জীৱনক সংকটত থৈ প্ৰতিবাদ কৰিবলৈ আগবঢ়ি আহে ৷

যোৱা আগষ্ট মাহত তালিবানে আফগানিস্তানৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত দেশখনত প্ৰতিবাদত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ কিন্তু ইয়াৰ পিছতো মঙলবাৰে আফগানিস্তানৰ একাংশ নাৰী অধিকাৰ কৰ্মীয়ে নিজৰ জীৱনক সংকটাপন্ন কৰি হাতে হাতে ‘শিক্ষাৰ অধিকাৰ’ আৰু ‘কাম কৰাৰ অধিকাৰ’ আদি প্ল’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কিন্তু সংবাদমাধ্যমক প্ৰতিবাদকাৰীসকলৰ ওচৰলৈ যোৱাত বাধা প্ৰদান কৰা হয় ৷

আফগানিস্তানৰ এগৰাকী নাৰী অধিকাৰ কৰ্মী ৱাহিদা আমিৰীয়ে AFPক কয়, "আমি ৰাষ্ট্ৰসংঘৰ সচিবক আমাৰ শিক্ষা আৰু কাম কৰাৰ অধিকাৰক সুৰক্ষিত কৰিবলৈ অনুৰোধ জনাইছো ৷ আমি আজি এই সকলোবোৰৰ পৰা বঞ্চিত ৷"

"ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক পৰিস্থিতি" শীৰ্ষক তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী পূৰ্বে আফগানিস্তানস্থিত UN Missionৰ সন্মুখত ৰূপায়ন কৰাৰ পৰিকল্পনা আছিল ৷ কিন্তু শেষ মুহূৰ্তত তেওঁলোকে পূৰ্বৰ "Green Zone"য’ত আগতে বিভিন্ন দেশৰ দূতাবাসসমূহ আছিল সেই স্থানলৈ স্থানান্তিৰত কৰে ৷ তালিবানে শানভাৰ লোৱাৰ পিছতে ইয়াৰ অধিকাশ দূতাবাসৰ বিষয়াসকলে আফগানিস্তান ত্যাগ কৰিছে ৷

তালিবানে এই অঞ্চলটোত বন্দুকধাৰী নিৰাপত্তাৰক্ষী নিয়োজিত কৰিছিল আৰু তেওঁলোকে প্ৰতিবাদকাৰী আৰু সংবাদমাধ্যক তাৰ পৰা আঁতৰি যাবলৈ সকিয়নী দিছিল ৷ উল্লেখ্য যে, তালিবানে আফগানিস্তানৰ মহিলাসকলক কামলৈ উভতাৰ বাবে লগতে যুৱতীসকলক বিদ্যালয়লৈ যাবলৈ অনুমতি নিদিয়াৰ বিৰুদ্ধে কাবুলত সাংকেতিক প্ৰতিবাদ এটি সাধাৰণ ছবি হৈ পৰিছে ৷

যোৱা বৃহস্পতিবাৰেও 90 মিনিটৰ বাবে প্ৰায় 20 গৰাকী মহিলাক প্ৰতিবাদ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত কেইবাগৰাকীয়ো স্থানীয় আৰু বিদেশী সংবাদকৰ্মীয়ে এই প্ৰতিবাদৰ বাতৰি গ্ৰহণ কৰাৰ বাবে তালিবানী যোদ্ধই তেওঁলোকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ৷

লগতে পঢ়ক : চুডানত সংঘটিত অভ্যুত্থান সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ জৰুৰীকালীন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.