ETV Bharat / entertainment

Parveen Babi Biopic: পাৰবীন বাবীৰ বায়’পিক দেখা যাব উৰ্বশী ৰাউটেলাক

৫০ বছৰ বয়সত মৃত্যু হোৱা বলীউডৰ অভিনেত্ৰী পাৰবীন বাবীৰ বায়’পিক নিৰ্মাণ হ’বলৈ গৈ আছে । প্ৰবীণ অভিনেত্ৰীগৰাকীৰ বায়’পিকত দেখা যাব উৰ্বশী ৰাউটেলাক । এই তথ্য পোৱা হৈছিল ২০২৩ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত ৷ কিন্তু শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে খোদ এই তথ্য নিশ্চিত কৰিছে ।

Urvashi Rautela begins prep for Parveen Babi biopic, says 'Will make you proud'
পাৰবীন বাবীৰ বায়’পিক
author img

By

Published : Jun 4, 2023, 12:36 PM IST

চিটাৰা ডেস্ক, 4 মে’: বলীউডত অব্যাহত আছে বায়’পিকৰ ধাৰা । প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে যেন বলীউডৰ কিছু মহান ব্যক্তিত্বৰ কাহিনী পৰ্দাত চিত্ৰিত কৰিবলৈ আগ্ৰহী । অক্ষয় কুমাৰ, অনুষ্কা শৰ্মা, তাপসী পান্নু আদিৰ লগতে এতিয়া উৰ্বশী ৰাউটেলাও এই পথত আগবাঢ়িছে (Urvashi Rautela) ।

ছবিজগতৰ প্ৰবীণ অভিনেত্ৰী পাৰবীন বাবীক হয়তো সকলোৱে চিনি পায় ৷ হয়, পাৰবীন বাবীৰ কথা এইকাৰণেই উল্লেখ কৰিছো কিয়নো এইবাৰ নিৰ্মাণ হ’বলৈ গৈ আছে প্ৰবীণ অভিনেত্ৰীগৰাকীৰ বায়’পিক (late actor Parveen Babi) ৷ অভিনেত্ৰীগৰাকীৰ বায়’পিকত দেখা যাব বলীউডৰ সুন্দৰী অভিনেত্ৰী উৰ্বশী ৰাউটেলাক ৷ এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে।

উল্লেখ্য যে, কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ ৰ ৰেড কাৰ্পেটত অংশগ্ৰহণ কৰিছিল উৰ্বশী ৰাউটেলাই । কাঁত অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যৰ মনোমোহাতা সিঁচৰতি হৈ পৰে । কিন্তু অভিনেত্ৰীগৰাকীয়ে কাঁ চলচ্চিত্ৰ মহোৎসৱত কেৱল তেনেকৈয়ে যোৱা নাছিল । বৰঞ্চ পাৰবীন বাবীৰ ওপৰত এখন বায়’পিকৰ ফটোকল লঞ্চত অংশ গ্ৰহণ কৰিবলৈ উপস্থিত হৈছিল ।

উৰ্বশীয়ে পাৰবীন বাবীক লৈ শ্বেয়াৰ কৰিছে পোষ্ট

উৰ্বশী ৰাউটেলাই ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে । ৱাছিম ​​এছ কানৰ ছবি, যাৰ শিৰোনাম এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই । ইয়াৰ কাহিনীভাগ ৰচনা কৰিছে ধীৰাজ মিশ্ৰই । ইয়াত পাৰবীন বাবীৰ নাম গাঢ় আখৰেৰে লিখা আছে লগতে দুটা পেৰাগ্ৰাফ লিখা আছিল, য’ত লিখা আছে যে এই ছবিখনে অভিনেত্ৰীগৰাকীৰ চলচ্চিত্ৰ কেৰিয়াৰৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়েও ক’ব । পৰ্দাত উপস্থাপন কৰিব তেওঁলোকৰ সোণালী মুহূৰ্ত ।

উৰ্বশীয়ে পাৰবীন বাবীক গৌৰৱান্বিত কৰিব

পাৰবীন বাবীৰ বায়'পিকত উৰ্বশীৰ কাম কেনেকুৱা হ’ব, সেয়া আগন্তুক সময়তহে গম পোৱা যাব । কিন্তু অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, ‘বলিউড বিফল হ’ল কিন্তু মই আপোনাক গৌৰৱান্বিত কৰিম পাৰবীন বাবী । ওম নমহ শিৱায় । সঁচাকৈয়ে এই নতুন যাত্ৰা যাদুকৰী ।’ এতিয়া এই পোষ্টটোৰ পিচতে সকলোৱে তেওঁক এই নতুন যাত্ৰাৰ বাবে অভিনন্দন জনাইছে।

উল্লেখ্য যে ৫০ বছৰ বয়সত ২০০৫ চনৰ ২০ জানুৱাৰীত পাৰবীন বাবীৰ মৃত্যু হয় । ইয়াৰ কাৰণ আছিল ডায়েবেটিছ আৰু ভৰিৰ ৰোগ গেংগ্ৰিন । যাৰ বাবে তেওঁৰ বৃক্ক আৰু শৰীৰৰ আন বহু অংশই কাম কৰা বন্ধ কৰি দিছিল ।

লগতে পঢ়ক: Urvashi Rautela New House: বিলাসী বাংলো ক্ৰয় কৰিলে উৰ্বশী ৰাউটেলাই, এই প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতাৰ প্ৰতিবেশী উৰ্বশী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.