ETV Bharat / entertainment

বুলু ফিল্মৰ প্ৰচাৰৰ সময়তে হিমাংশু প্ৰসাদ দাসৰ ছবিক নকলৰ প্ৰসংগ

author img

By

Published : Aug 29, 2022, 9:45 PM IST

ব্যতিক্ৰমী সৃষ্টিৰ জৰিয়তে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা হিমাংশু প্ৰসাদ দাসে(Artist Himanshu Prasad Das) এইবাৰ লৈ আনিছে ‘বুলু ফিল্ম’ ৷ 9 ছেপ্তেম্বৰত মুক্তিপাবলগীয়া চিনেমাখনৰ প্ৰচাৰৰ ক্ষেত্ৰত টীম ’বুলু ফিল্ম’ৰ উপৰিও স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছে যুৱ প্ৰজন্ম ৷ চিনেমাখনৰ সম্পৰ্কত হিমাংশু প্ৰসাদ দাসে ইটিভি ভাৰতক কি জনালে চাওঁ আহক...

Artist Himanshu Prasad Das
বুলু ফিল্মৰ প্ৰচাৰৰ সময়তে হিমাংশু প্ৰসাদ দাসৰ ছবিক নকলৰ প্ৰসংগ

গুৱাহাটী, ২৯ আগষ্ট: ছাকিৰা আহিব বকুল তললৈ বিহুলৈ, গৰু, হিৰো আদি কেইবাখনো অসমীয়া চিনেমাৰ অপাৰ সফলতাৰ পাছত জনপ্ৰিয় নাট্যকাৰ, কবি হিমাংশু প্ৰসাদ দাস ব্যস্ত হৈ পৰিছে এখন নতুন চিনেমাক লৈ ৷ ব্যতিক্ৰমী প্ৰচাৰ শৈলীৰে অসমৰ ইমূৰৰ পৰা সীমূৰলৈ ঘূৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ডিগ্ৰীধাৰী হিমাংশু প্ৰসাদ দাস (Artist Himanshu Prasad Das)৷

এক ব্যতিক্ৰমী বিষয়বস্তুক লৈ ব্যতিক্ৰমী শিল্পীগৰাকীয়ে নিৰ্মাণ কৰা চিনেমাখনৰ নাম ‘বুলু ফিল্ম’ (Assamese movie Bulu Film)৷ ব্যয়বহুল প্ৰচাৰশৈলীক প্ৰত্যাহ্বান জনাই ব্যতিক্ৰমী প্ৰচাৰশৈলীৰে ইতিমধ্যেই অসমবাসীৰ মাজত পৰিচিত হৈ পৰিছে চিনেমাখন ৷ শিল্পীগৰাকীৰ বিগত চিনেমাকেইখনৰ দৰে আহিবলগীয়া চিনেমা ‘বুলু ফিল্ম’ৰ প্ৰচাৰৰ ক্ষেত্ৰতো সমগ্ৰ অসমবাসী বিশেষকৈ নতুন প্ৰজন্মই বিশেষভাৱে সহায় কৰিছে ৷

হিমাংশু প্ৰসাদ দাসৰ অনুগামী তথা শিল্পীগৰাকীৰ প্ৰতিটো ইতিবাচক কামক ভালপোৱা যুৱক-যুৱতীসকলে নিজাববীয়াকৈও প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

বুলু ফিল্মৰ প্ৰচাৰৰ সময়তে হিমাংশু প্ৰসাদ দাসৰ ছবিক নকলৰ প্ৰসংগ

এক বাস্তৱ কাহিনীক চিনেমাৰ ৰূপ দি হিমাংশু প্ৰসাদ দাসে নিৰ্মাণ কৰা 'বুলু ফিল্ম' দৰ্শকৰ বাবে মুকলি কৰি দিব অহা 9 ছেপ্তেম্বৰত (Bulu Film release date)৷ ইতিমধ্যেই 'প্ৰাগ চিনে এৱাৰ্ড'ৰ(Prag Cine Awards) কেইবাটাও শিতানত বঁটা লাভ কৰা চিনেমাখনক লৈ খুবেই আশাবাদী হিমাংশু প্ৰসাদ দাস ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ব্যতিক্ৰমী শিল্পীগৰাকীয়ে কয় যে চিনেমাখনৰ প্ৰচাৰৰ সময়ত ৰাইজৰ সঁহাৰিয়ে আশাৰ সঞ্চাৰ কৰিছে (Himanshu Prasad Das interview with ETV Bharat)।

লক ডাউনৰ সময়ত নামনি অসমৰ এখন গাঁৱৰ সমস্যাক পটভূমি হিচাবে লৈ চিনেমাখনৰ কাহিনী আগবঢ়াই নিছে হিমাংশু প্ৰসাদ দাসে (Film on lock down situation) ৷ নিম্ন মধ্যবিত্ত লোকৰ বসতিপ্ৰধান গাঁওখনৰ লোকসকলে ভীষণ অভাৱৰ সন্মুখীন হোৱাৰ লগতে বহুতেই হেৰুৱাইছিল গাঁওখনৰ তিনিজন যুৱকে ৷ অভাৱত পৰি স্বভাৱ বেয়া হোৱাৰ দৰে সংস্থাপনহীন যুৱকত্ৰয়ে নীলা চিনেমাৰ প্ৰস্তুত কৰি তাৰ জৰিয়তে ধন ঘটাৰ কৌশল ৰচনা কৰিছিল ৷ ইয়াৰ পাছতে যুৱককেইজন সন্মুখীন হোৱা বাস্তৱক লৈ মূলতঃ ‘বুলু ফিল্ম’ৰ কাহিনী ৷

হিমাংশু প্ৰসাদ দাসৰ কাহিনীৰে নিৰ্মিত চিনেমাখনত পৰিচালক হিমাংশু প্ৰসাদ দাসে এটা মুখ্য চৰিত্ৰ ৰূপায়ন কৰাৰ লগতে অভিনয় কৰিছে প্ৰণামি বৰা, অপূৰ্ব বৰ্মন, চাংকু নিৰঞ্জন নাথ, অনামিকা শৰণীয়া, গৌৰৱজ্যোতি দাস, শিখা ঠাকুৰীয়া আদিয়ে ।

লগতে পঢ়ক: বেছিকৈ ফ্লীপ কৰে কাৰণে টাইগাৰক কেতিয়াও ডেট নকৰে কৃতি সেননে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.