ETV Bharat / entertainment

দ্বিতীয় ৰাণী এলিজাবেথৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বলীউডৰ চেলেব্ৰিটীসকলে

author img

By

Published : Sep 9, 2022, 12:53 PM IST

Queen Elizabeth II
দ্বিতীয় ৰাণী এলিজাবেথ

বলীউডৰ তাৰকাসকলে ব্ৰিটেইনৰ দ্বিতীয় ৰাণী এলিজাবেথৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

চিটাৰা ডেস্ক, 9 ছেপ্টম্বৰ : ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ 96 বছৰ বয়সত মৃত্যু হৈছে । বহুদিন ধৰি অসুস্থ হৈ আছিল তেখেত । স্কটলেণ্ডৰ বালম'ৰেল কেচেলত ৰাণীয়ে শেষ উশাহ লয় । ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ মৃত্যুত সমগ্ৰ বিশ্বই শোক প্ৰকাশ কৰিছে । বলীউডৰ তাৰকাসকলেও ৰাণীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকবাৰ্তা প্ৰেৰণ কৰিছে (bollywood celebs mourn on demise of Queen Elizabeth II)।

শোক প্ৰকাশ কৰিলে বলীউডৰ এইসকল চেলেব্ৰিটীয়ে

অনুপম খেৰ, সুস্মিতা সেন, শিল্পা শেট্টী, ৰিতেশ দেশমুখ, কৰীণা কাপুৰ খান, আদনান চামি, গীতা বাসৰা, নীতু কাপুৰ আদি শিল্পীয়ে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ব্ৰিটেইনৰ ৰাণীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

অনুপম খেৰে ৰাণী এলিজাবেথৰ তিনিখন ফটো শ্বেয়াৰ কৰি লিখিছে, ‘যদিও তেওঁ 70 বছৰ ধৰি ৰাণী হৈ আছিল, তথাপিও তেওঁ কৃপা, কৰুণা, মৰ্যাদা, শক্তি আৰু দয়াক প্ৰতিনিধিত্ব কৰিছিল । এগৰাকী ব্যক্তি হিচাপে #QueenElizabeth কিবা এক প্ৰেৰণাদায়ক আছিল ! পৃথিৱীয়ে তেওঁক মনত পেলাব ! তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক ওম শান্তি'।

বলীউডৰ সুন্দৰী সুস্মিতা সেনে টুইট কৰি লিখিছে – কি এক অবিশ্বাস্য আৰু সঁচাকৈয়ে উদযাপন কৰা জীৱন !!! তেওঁ ৰং ভাল পাইছিল আৰু জীৱনটোৰ প্ৰতিটো পৰ্যায়ে উপভোগ কৰিছিল, এটা জীৱনকালতে ! শান্তিত থাকক ৰাণী এলিজাবেথ 🙏

  • A very sad day.. it really is an end of an era.. what a life and what a woman.. thank you your Majesty for leading the country with upmost integrity and courage..you were the epitome of a woman with substance.. #RIPQueenElizabeth 💔🙏 pic.twitter.com/5wJ5urSL2r

    — Geeta Basra (@Geeta_Basra) September 8, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াক এটা যুগৰ অন্ত বুলি অভিহিত কৰি ৰিতেশ দেশমুখে লিখিছে– "কঠিন সময়তো ৰাণীয়ে নিজৰ স্বাভিমান হেৰুৱাই পেলোৱা নাছিল । সঁচাকৈয়ে এটা দুখৰ দিন । ব্ৰিটেইনৰ জনসাধাৰণ আৰু ৰয়েল ফেমিলিলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ" ।

মিমি চক্ৰৱৰ্তীয়ে লিখিছে - "ৰাণী দ্বিতীয় এলিজাবেথ 96 বছৰ বয়সত পৃথিৱী এৰি থৈ যায় (Queen Elizabeth ii age) । তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক" । কণ্ঠশিল্পী আদনান চামিয়ে টুইট কৰি শোক প্ৰকাশ কৰিছে । দ্বিতীয় ৰাণী এলিজাবেথৰ জীৱন যাত্ৰাক প্ৰেৰণাদায়ক বুলি অভিহিত কৰিছে চেলেব্ৰিটীসকলে । বলীউডৰ উপৰিও হলীউডৰ চেলেব্ৰিটীসকলেও ৰাণীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

পেৰিছ হেলটিনে দ্বিতীয় এলিজাবেথ এগৰাকী প্ৰেৰণাদায়ক নাৰী বুলি বৰ্ণনা কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইট কৰি ৰাণীৰ মৃত্যুক দুখজনক বুলি অভিহিত কৰে । তেওঁৰ নেতৃত্বক প্ৰেৰণাদায়ক বুলি অভিহিত কৰে ।

অসুস্থ আছিল দ্বিতীয় ৰাণী এলিজাবেথ

ৰয়েল ফেমিলিৰ মতে, ব্ৰিটেইনৰ দ্বিতীয় ৰাণী এলিজাবেথ Episodic Mobilityত ভুগি আছিল (Queen Elizabeth ii death reason) । ইয়াৰ বাবে ৰাণীৰ বহা আৰু খোজ কঢ়াত অসুবিধা হৈছিল । আপোনালোকক জনাওঁ দ্বিতীয় ৰাণী এলিজাবেথ ব্ৰিটেইনৰ আটাইতকৈ দীৰ্ঘদিনীয়া শাসক হৈ আছিল । তেওঁ 70 বছৰ ধৰি এই সিংহাসনত আছিল ।

মাত্ৰ 25 বছৰ বয়সতে তেওঁ এই সিংহাসনত বহিছিল । এই সময়ছোৱাত তেওঁৰ অধীনত 14 জন প্ৰধানমন্ত্ৰীৰ ৰাজত্বকাল সম্পূৰ্ণ হৈছিল । ব্ৰিটেইনৰ 15 সংখ্যক প্ৰধানমন্ত্ৰী লিজ ট্ৰাছকো ৰাণীয়ে নিযুক্তি দিছিল । উল্লেখযোগ্য যে দ্বিতীয় ৰাণী এলিজাবেথৰ পিছত তেওঁৰ ডাঙৰ পুত্ৰ চাৰ্লছক (73) ৰজাৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

লগতে পঢ়ক : মহান ব্যক্তিত্বৰ অধিকাৰী ৰাণী এলিজাবেথৰ বিষয়ে জানিবলগীয়া 10 টা কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.