কৰিমগঞ্জত দুৰ্গাপূজাৰ প্ৰাকমূহূৰ্ত্তত লক আউট চাহ বাগিচা
দুৰ্গাপূজা বোনাচৰ বিষয় সন্দৰ্ভত বৃহস্পতিবাৰে ক্ষোভিত শ্ৰমিকে চাহ পাত ভৰ্তি এখন বাহন জব্দ কৰে ৷ তাৰ পাচতে বাজাৰিচৰা আৰক্ষী থানাত শ্ৰম ইউনিয়ন, স্থানীয় মেজিষ্ট্ৰেট আৰু বাগিচাৰ মেনেজাৰৰ মাজত অনুষ্ঠিত হয় বৈঠক
কৰিমগঞ্জ, 27 চেপ্তেম্বৰঃ দুৰ্গাপূজাৰ প্ৰাকমূহূৰ্ত্তত বন্ধ হ'ল এখন চাহ বাগিচা ৷ কৰিমগঞ্জৰ হাটিখিৰা চাহ বাগিচা এৰি পলায়ন বাগিচাৰ মেনেজাৰৰ ৷ শ্ৰমিকৰ ৰোষত পৰাৰ ভয়তে বাগিচা এৰি পলায়ন কৰে বাগিচাৰ মেনেজাৰে৷ দুৰ্গাপূজাৰ বোনাচৰ বাবে বাগিচা কৰ্তৃপক্ষক বাগানৰ পঞ্চায়তৰ বিষয়ববীয়াই উত্থাপন কৰা দাবী মানি ল'ব নোৱাৰৰ বাবেই মেনেজাৰ পলায়ন কৰে বুলি মন্তব্য কৰে বাগিচাৰ কৰ্মচাৰীয়ে৷
উল্লেখ্য যে, দুৰ্গাপূজা বোনাচৰ বিষয় সন্দৰ্ভত বৃহস্পতিবাৰে ক্ষোভিত শ্ৰমিকে চাহপাত ভৰ্তি এখন বাহন জব্দ কৰে ৷ তাৰ পাচতে বাজাৰিচৰা আৰক্ষী থানাত শ্ৰম ইউনিয়ন, স্থানীয় মেজিষ্ট্ৰেট আৰু বাগিচাৰ মেনেজাৰৰ মাজত অনুষ্ঠিত হয় বৈঠক । বৈঠকত শুকুৰবাৰে বোনাচ সন্দৰ্ভত সমস্যাৰ সমাধান হ'ব বুলি বাগিচাখনৰ মেনেজাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰে । কিন্তু বৃহস্পতিবাৰে নিশাই বাগিচা এৰি পলায়ন কৰে মেনেজাৰে ৷ ইমানেই নহয় হোৱাটছএপৰ যোগেদি বাগিচাৰ কৰ্মচাৰীক দিয়ে লকআউট জাননী ৷ তাৰোপৰি পুৱা ভাগত চাহ শ্ৰমিকসকলে পাত তুলিবলৈ যাঁওতে বন্ধ অৱস্থাত প্ৰত্যক্ষ কৰে বাগিচা ৷
আনহাতে, শুকুৰবাৰ অৰ্থাৎ সাপ্তাহিক হাজিৰা আৰু ৰেচন দিয়াৰ দিনটোতে বাগিচা বন্ধ প্ৰত্যক্ষ কৰি ক্ষোভিত হৈ পৰে বাগিচা শ্ৰমিকসল৷ যদি শীঘ্ৰে প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আইন শৃংখলা ভংগ কৰিব বুলি হুংকাৰ দিয়ে শ্ৰমিকসকলে ৷
ডুমডুমা বাদলাবেটা চাহ বাগিচাৰ কলঘৰৰ সন্মূখত বাগিছাখনৰ চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ৷ দূৰ্গা পূজাৰ পূৰ্বে চাহ শ্ৰমিকসকলৰ প্ৰাপ্য ২০ % বোনাচ প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ । চাহ বাগিচাৰ কাম বন্ধ কৰি শ-শ চাহ শ্ৰমিকসকলে উত্তাল কৰি তোলে বাদলাবেটা চাহ বাগিচাৰ কলঘৰৰ সন্মূখ । দূৰ্গা পূজাৰ পূৰ্বে চাহ শ্ৰমিকসকলৰ প্ৰাপ্য ২০ % বোনাচ প্ৰদান নৰকিলে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ দিয়ে শ্ৰমিকসকলে ৷
দুৰ্গাপূজাৰ প্রাকমুহূৰ্তত বন্ধ হল এখন চা বাগিচা।শ্ৰমিক ৰোষত পৰাৰ ভয়ত বাগিচা এৰি পলায়ন চা বাগিচাৰ ম্যানেজাৰৰ।ঘটনা কৰিমগঞ্জ জিলাৰ হাটিখিৰা চা বাগিচাৰ।ইমানদিনে সকলো ঠিকেই আছিল ।বাগিচাখনও চলিছিল স্বাভাৱিক গতিত ।দুৰ্গাপূজাৰ বোনাচৰ বাবে বাগিচা কৰ্তৃপক্ষক কৈছিল বাগান পঞ্চায়তৰ বিষয়ববীয়া সকলে আৰু ইয়াৰ পিছতেই লাগিল বিপত্তি।হাতত মাত্ৰ কেইটামান দিন তাৰ পাছতেই দুৰ্গাপূজা ।বোনাচৰ দাবী জনোৱাৰ পিছতো গা লৰা নাছিল বাগিচা কৰ্তৃপক্ষৰ।ফলস্বৰূপ শ্রমিক সকল ক্ষোভিত হৈ চা পাত বোঝাই এখন গাড়ী যাব নিদিয়ে ।তেওঁলোকৰ কথাত যিহেতু বাগিচাখন স্বাভাৱিক গতিত চলিছে তেতিয়া কিয় বোনাচ লৈ ইমান ভেকু ভাওনা।যেতিয়া লৈকে বোনাচ সন্দৰ্ভত কোনো স্থিতি গ্ৰহণ নকৰে তেতিয়া লৈকে চাপাত বোজাই গাড়ী তেওঁলোকে এৰি নিদিয়ে।ৰী ঘটনাৰ পিছত যোৱাকালি বাজাৰিচৰা আৰক্ষী থানাত শ্ৰম ইউনিয়ন, স্থানীয় মেজিষ্টেট আৰু বাগিচাৰ ম্যানেজাৰ সকলোৱ মাজত বৈঠক হয় ।বৈঠকত আজি বোনাচ সন্দৰ্ভত সমস্যাৰ সমাধান হব বুলি বাগিচাখনৰ ম্যানেজাৰে প্ৰতিশ্ৰুতি দিয়ে ।কিন্তু ৰাতিয়েই বাগিচা এৰি পলায়ন কৰে ম্যানেজাৰে।whatsappৰ যোগেদি দু এগৰাকী বাগিচাৰ কৰ্মীক দিয়ে লক আউটৰ জাননী।আজি ৰাতিপুৱা শ্ৰমিক সকল পাত তুলিবলৈ যাওঁতে দেখিবলৈ পায় বাগিচা বন্ধ ।নাই ম্যানেজাৰ।তাৰ পিছৰ পৰাই চেপা উত্তেজনা দেখা দিছে বাগিচাখনত।তাৰ ভিতৰত আজি আছিল তেওঁলোকৰ সাপ্তাহিক হাজিৰা আৰু ৰেচন দিয়াৰ দিনও ।যদি প্ৰশাসনে অতি পলমে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আইন শৃংখলা ভাগি পৰাৰ সম্ভাৱনা আছে।
ৱাইট,বাগান পঞ্চায়ত সভাপতি আৰু অফিচ কৰ্মী।Conclusion:পিছে হেজাৰ হেজাৰ শ্ৰমিকৰ ভৱিষ্যত কোন দিচে যায় এয়াই হব লক্ষ্যণীয়।

