বাঘমাৰীত গ্ৰেপ্তাৰ হোৱা বাংলাদেশীৰ লগত কোনো বেয়া লিংক পোৱা নাই: ডি জি পি

author img

By

Published : Sep 18, 2022, 2:20 PM IST

DGP Bhaskar Jyoti Mahanta reaction on Bangladeshi detained at Biswanath

টুৰিষ্ট পাৰ্মিট লৈ ভাৰতত প্ৰৱেশ কৰা ১৭ জনকৈ বাংলাদেশী নাগৰিকক শনিবাৰে বিশ্বনাথত আটক কৰা হয় ৷ এই সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই(Bhaskar Jyoti Mahanta) ৷

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল ১৭ টাকৈ বাংলাদেশী নাগৰিকক(Bangladeshi detained at Biswanath) । টুৰিষ্ট ভিছা লৈ অসমলৈ আহি ধৰ্মপ্ৰচাৰ কৰিছিল বাংলাদেশী নাগৰিকৰ দলটোৱে । দেওবাৰে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই(Bhaskar Jyoti Mahanta) ৷

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীত গ্ৰেপ্তাৰ হোৱা ১৭ বাংলাদেশীৰ লগত কোনো বেয়া লিংক বৰ্তমানলৈ পোৱা নাই(Bangladeshi detained at Biswanath) । তেওঁলোকে টুৰিষ্ট ভিছা লৈ অসমলৈ আহি পৰ্যটনস্থলীলৈ নগৈ ধৰ্মপ্ৰচাৰ চলাইছিল । তেওঁলোকক বেয়া বুলি নকওঁ । নিশ্চয় ভাল কামত থাকিব পাৰে । সেই বিষয়ে জ্ঞাত নহয় । তেওঁ লগতে ধৰ্মীয় প্ৰচাৰ চলোৱা প্ৰক্ৰিয়াৰ সুবিধা কিছুমান ভাৰত বিৰোধী শক্তিয়ে ব্যৱহাৰ কৰাটো আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ কথা জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীত গ্ৰেপ্তাৰ হোৱা বাংলাদেশী নাগৰিককেজনে বিগত ৪ দিন ধৰি বাহৰ পাতি আছিল । ১৩ ছেপ্টেম্বৰৰ পৰা বাহৰ পাতি আছিলে দলটোৱে । বাংলাদেশৰ ধৰ্মগুৰু আচৰাফুল আলমৰ নেতৃত্বত আহিছিল দলটো । আগষ্টত পশ্চিমবংগৰ কোচবিহাৰ হৈ প্ৰৱেশ কৰিছিল ভাৰতত । অসমৰ দক্ষিণ শালমাৰাত প্ৰৱেশ কৰি ধৰ্মপ্ৰচাৰো কৰিছিল দলটোৱে । ইতিমধ্যে দিল্লী, আজমেৰ চৰিফ আদি ধৰ্মীয় স্থান ভ্ৰমণ কৰিছে বাংলাদেশী নাগৰিককেইজনে ৷

লগতে পঢ়ক: ঘোষণা হ’ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.