ETV Bharat / business

দেশৰ আন্তঃগাঁথনি খণ্ডত প্ৰয়োজন 1.4 ট্ৰিলিয়ন ডলাৰৰ বিনিয়োগ

author img

By

Published : Jan 31, 2020, 10:00 PM IST

অৰ্থনৈতিক জৰীপে দেশৰ অৰ্থনীতি আৰু বিত্তীয় স্থিতি সম্বন্ধে চৰকাৰক এক ব্য়াপক ছবি প্ৰদান কৰে ৷ জৰীপে 2024-25ৰ ভিতৰত 5 ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিত উপনীত হ'বলৈ হ'লে আন্তঃগাঁথনিখণ্ডত অত্যধিক বিনিয়োগ কৰাৰ বাবে উল্লেখ কৰে ৷

দেশৰ আন্তঃগাঁথনি খণ্ডত প্ৰয়োজন 1.4 ট্ৰিলিয়ন ডলাৰৰ বিনিয়োগ
দেশৰ আন্তঃগাঁথনি খণ্ডত প্ৰয়োজন 1.4 ট্ৰিলিয়ন ডলাৰৰ বিনিয়োগ

দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি উত্থাপন কৰা অৰ্থনৈতিক জৰীপ, 2019-20ত দেশত আগন্তুক পাঁচবৰ্ষৰ ভিতৰত 1.4 ট্ৰিলিয়ন ডলাৰ আন্তঃগাঁথনিখণ্ডত বিনিয়োগ কৰিব লাগে বুলি উল্লেখ কৰে ৷ জৰীপত ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলৱে, অসামৰিক পৰিৱহন, টেলিকম আৰু গৃহনিৰ্মাণ খণ্ডত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডক বিনিয়োগৰ বাবে আকৰ্ষিত কৰিবলৈ জোৰ দিয়া হৈছে ৷ দেশৰ অৰ্থনীতি আৰু বিত্তীয় স্থিতি সম্বন্ধে চৰকাৰক এক ব্য়াপক ছবি প্ৰদান কৰা অৰ্থনৈতিক জৰীপে 2024-25ৰ ভিতৰত 5 ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিত উপনীত হ'বলৈ হ'লে আন্তঃগাঁথনিখণ্ডত অত্যধিক বিনিয়োগ কৰাৰ বাবে উল্লেখ কৰে ৷

দেশৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমনিয়ামে কয় যে, "2024-25ৰ ভিতৰত দেশৰ জিডিপি 5 ট্ৰিলিয়ন ডলাৰত উপনীত হ'বলৈ ভাৰতে, 1.4 ট্ৰিলিয়ন (100 লাখ কোটি) টকা দেশৰ আন্তঃগাঁথনিত ব্যয় কৰিব লাগিব যাতে আন্তঃগাঁথনিগত সমস্যাই দেশৰ অৰ্থনীতিত ক্ষতি কৰিব নোৱাৰে ৷ শক্তিৰ অভাৱ, যাতায়ত ব্যৱস্থা আৰু অনুন্নত যোগাযোগ ব্যৱস্থাই সমগ্ৰ বিকাশৰ ধাৰাটোতে প্ৰভাৱ বিস্তাৰ কৰে ৷" বিত্তীয় বৰ্ষ 2020-25ৰ ভিতৰত শেহতীয়াকৈ ঘোষণা কৰা হোৱা ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন (National Infrastructure Pipeline) আঁচনিৰ বিষয়ে অৰ্থনৈতিক জৰীপত উল্লেখ কৰি তেওঁ লগতে এইদৰে উল্লেখ কৰে ৷

বিগত বৰ্ষত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা বাজেটত আন্তঃগাঁথনিগত উন্নয়নক লৈ বিশেষ গুৰুত্ব প্ৰদান কৰিছিল ৷ প্ৰধান মন্ত্ৰীৰ ভাৰত মালা আৰু সাগৰ মালা আঁচনিৰ অধীনত উপকূলীয় অঞ্চল আৰু মুখ্য উদ্যোগিক অঞ্চলসমূহক সংলগ্ন কৰি ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলৱে কৰিডৰ, জলপথ নিৰ্মানক লৈ বিত্তমন্ত্ৰীগৰাকীয়ে অধিক মাত্ৰা প্ৰদান কৰিছিল ৷

অৰ্থনৈতিক জৰীপ অনুসৰি, চৰকাৰে গ্ৰহণ কৰা আন্তঃগাঁথনিগত প্ৰকল্পসমূহৰ ভিতৰত 42 শতাংশ যাৰ মূল্য প্ৰায় 42.7 লাখ কোটি টকা, ইয়াৰ বিভিন্ন স্তৰত কাম চলি আছে ৷ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন প্ৰকল্প অনুসৰি, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে, ইয়াৰ অধীনত হ'বলগীয়া প্ৰকল্পসমূহৰ ভৰ একেলগে বহন কৰিব ৷ বাকী থকা 22 শতাংশ পূঁজিত 39 শতাংশ ব্যক্তিগত খণ্ডই বিনিয়োগ কৰিব ৷ অৱশ্যে এই কথা বাস্তৱত হোৱাতকৈ মুখৰ কথাতহে শুনি ভাল লাগে ৷

অৰ্থনৈতিক জৰীপত "ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন আঁচনিত পূঁজিৰ যোগান এক বৃহৎ প্ৰত্যাহ্বান" হিচাপে উল্লেখ কৰা হৈছে ৷ আশা কৰা হৈছে যে, এইসমূহ উন্নত প্ৰকল্পৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ সমান্তৰালকৈ নগৰীয়া স্থানীয় প্ৰশাসন, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান, ব্যক্তিগত ইকুইটি পূঁজি আৰু ব্যক্তিগত বিনিয়োগকাৰী, স্থানীয় আৰু বিদেশী সকলোৱে পূঁজি বিনিয়োগ কৰিব ৷

প্ৰৱন্ধটো লিখিছে জ্যেষ্ঠ সাংবাদিক কৃষ্ণানন্দ ত্ৰিপাঠীয়ে ৷

Intro:Body:

New Delhi: Economic Survey tabled by Finance Minister Nirmala Sitharaman in Parliament today states that the country needs an investment of $1.4 trillion in the next five years to build a modern infrastructure for the country. The Survey states that a host of projects in highways, railways, civil aviation, telecom and housing sector will attract the investment both from the public and private sector.



The economic survey that gives a comprehensive picture of the country’s economic health and financial position of the government emphasised that a massive investment in infrastructure sector is necessary for achieving rapid economic growth that is essential to make the country a $5 trillion economy by 2024-25.



“To achieve GDP of USD 5 trillion by 2024 – 2025, India needs to spend about USD 1.4 trillion (Rs.100 lakh crore) over these years on infrastructure so that lack of infrastructure does not become a constraint to the growth of Indian economy,” said chief economic advisor Krishnamurthy Subramanian in the economic survey.   



“Power shortages, inadequate transport and poor connectivity affect overall growth performance,” he said in the survey adding the country recently launched the National Infrastructure Pipeline (NIP) for the period FY 2020-2025 as quality infrastructure is essential for the growth.



Infrastructure development was the overarching theme of the maiden budget presented by finance minister Nirmala Sitharman in July last year. She emphasised on building highways, railway corridors, waterways under Prime Minister Narendra Modi’s flagship schemes such as Bharat Mala and Sagar Mala that are aimed at building integrated infrastructure in coastal areas and around major industrial belts.



According to the survey, infra projects worth Rs 42.7 lakh crore are under various stages of implementation, which is nearly 42% of the total projects envisaged by the government.



As per the National Infrastructure Pipeline (NIP), Central Government and state governments bear the equal burden of the project cost, 39% each private sector is expected to provide the remaining funding of 22%.



 However, arranging this massive fund to completely transform the country’s infrastructure is easier said than done.



“Financing of the National Infrastructure Pipeline will be a challenge,” observed the survey, hoping that a host of well prepared projects will attract funding from the central and state governments, urban local governments, banks and financial institutions, private equity funds and private investors, both local and foreign.



(Article by Senior Journalist Krishnanand Tripathi)


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.