ETV Bharat / bharat

World Music Day 2023: কেতিয়া আৰু কেনেকৈ হৈছিল বিশ্ব সংগীত দিৱসৰ আৰম্ভণি ? ইতিহাস আৰু বিষয়বস্তু জানি লওক

সংগীতৰ গুৰুত্ব আৰু উপযোগিতাৰ বিষয়ে বিশ্ববাসীক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে বিশ্ব সংগীত দিৱস পালন কৰা হয় । ২১ জুন তাৰিখে নিজেই অৰ্থাৎ যোগ দিৱসত বিশ্ব সংগীত দিৱস পালন কৰা হয় । এইবাৰৰ সংগীত দিৱসৰ ইতিহাস, গুৰুত্ব আৰু বিষয়বস্তু জানি লওক ।

When and how did the Music Day begin? Learn History and Theme
বিশ্ব সংগীত দিৱস

Published : June 21, 2023 at 2:08 PM IST

Choose ETV Bharat

২১ জুনৰ দিনটো বিশ্বৰ সকলো দেশৰ বাবে গুৰুত্বপূৰ্ণ । আজিৰ দিনটোতে বিশ্ব যোগ দিৱস পালন কৰা হয় । শৰীৰক সুস্থ কৰি ৰখাৰ উপৰিও যোগাসন মানসিক স্বাস্থ্য আৰু শান্তিৰ বাবেও সহায়ক । অৱশ্যে যোগৰ বাহিৰেও মনটোক শিথিল অনুভৱ কৰিবলৈ সংগীত এটা উন্নত বিকল্প হ’ব পাৰে ।

When and how did the Music Day begin? Learn History and Theme
বিশ্ব সংগীত দিৱস

সংগীতে মানুহক শিথিল অনুভৱ কৰায় । সংগীত কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, সুস্থ শৰীৰ আৰু মনৰ বাবেও ই ফলপ্ৰসূ । চিকিৎসকেও সংগীতক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰে । গৱেষণাৰ মতে সংগীতে শৰীৰত পৰিৱৰ্তন ঘটায়, যাৰ ফলত স্বাস্থ্য উন্নত হয় । ডিপ্ৰেছন আৰু হতাশাৰ বলি হোৱা লোকসকলক ইয়াৰ পৰা উলিয়াই আনিবলৈ মিউজিক থেৰাপী দিয়া হয় ।

When and how did the Music Day begin? Learn History and Theme
বিশ্ব সংগীত দিৱস

সংগীতৰ গুৰুত্ব আৰু উপযোগিতাৰ বিষয়ে বিশ্ববাসীক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে বিশ্ব সংগীত দিৱস পালন কৰা হয় । ২১ জুন তাৰিখে নিজেই অৰ্থাৎ যোগ দিৱসৰ দিনা বিশ্ব সংগীত দিৱসো পালন কৰা হয় । এইবাৰৰ সংগীত দিৱসৰ ইতিহাস, গুৰুত্ব আৰু বিষয়বস্তুৰ বিষয়ে জানো আহক ।

সংগীত দিৱসৰ ইতিহাস

When and how did the Music Day begin? Learn History and Theme
বিশ্ব সংগীত দিৱস

১৯৮২ চনত ফ্ৰান্সত পোনপ্ৰথমবাৰৰ বাবে বিশ্ব সংগীত দিৱস পালন কৰা হৈছিল । ফ্ৰান্সৰ তেতিয়াৰ সাংস্কৃতিক মন্ত্ৰী জেক লেঙে সংগীতৰ প্ৰতি মানুহৰ উন্মাদনাৰ ওপৰত লক্ষ্য ৰাখি এই দিৱস উদযাপন কৰাৰ কথা ঘোষণা কৰিছিল । সেই সময়ত সংগীত দিৱসক ‘ফেট লা মিউজিকা’ বুলি কোৱা হৈছিল ।

প্ৰথম সংগীত দিৱস কেনেকৈ পালন কৰা হ’ল ?

১৯৮২ চনত উদযাপিত প্ৰথম সংগীত দিৱসত ৩২খনতকৈও অধিক দেশৰ সমৰ্থন লাভ কৰে । এই সময়ছোৱাত বহু কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল । তেতিয়াৰ পৰাই ইটালী, গ্ৰীচ, ৰাছিয়া, আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, পেৰু, ব্ৰাজিল, ইকুৱেডৰ, মেক্সিকো, কানাডা, জাপান, চীন, মালয়েছিয়া আৰু বিশ্বৰ সকলো দেশে প্ৰতি বছৰে ২১ জুনত বিশ্ব সংগীত দিৱস পালন কৰে ।

When and how did the Music Day begin? Learn History and Theme
বিশ্ব সংগীত দিৱস

বিশ্ব সংগীতৰ বিষয়বস্তু

প্ৰতি বছৰে বিশ্ব সংগীত দিৱসৰ এক বিশেষ থিম থাকে । বিগত ২০২২ বৰ্ষৰ সংগীত দিৱসৰ বিষয়বস্তু আছিল ‘মিউজিক এট ইন্টাৰছেকচন’ (Music At Intersections)।

লগতে পঢ়ক: Breakfast Ideas: ব্ৰেকফাষ্টত নিমিষতে তৈয়াৰ কৰক এই ৭বিধ খাদ্য, প্ৰস্তুত কৰাৰ পদ্ধতি জানি লওক