ETV Bharat / bharat

আজি দেশৰ তিনি লোকসভা সমষ্টি আৰু ৩০টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন

author img

By

Published : Oct 30, 2021, 9:48 AM IST

উপ নিৰ্বাচনৰ বাবে শনিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । দেশৰ ৩ টা লোকসভা সমষ্টি আৰু ৩০ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ নিৰ্বাচন(By poll) । পশ্চিমবংগ, হাৰিয়ানা, বিহাৰ, অসম, হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, ৰাজস্থান, তেলেংগানা, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

By poll begins
দেশৰ ৩টা লোকসভা সমষ্টিত উপ নিৰ্বাচন

নেশ্যনেল ডেস্ক, ৩০ অক্টোবৰ : কৰ'ণা মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে দেশৰ ১৪ খন ৰাজ্যত শনিবাৰে অনুষ্ঠিত হৈছে উপ নিৰ্বাচন(By poll) । পশ্চিমবংগ, হাৰিয়ানা, বিহাৰ, অসম, হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, ৰাজস্থান, তেলেংগানা, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ ৩০টা বিধানসভা সমষ্টিত পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

হিমাচল প্ৰদেশৰ দাদৰ আৰু নগৰ হাভেলী, মাণ্ডি লোকসভা সমষ্টিতো ভোটগ্ৰহণ আৰম্ভ হৈছে । লগতে মধ্য প্ৰদেশৰ খাণ্ডৱা লোকসভা সমষ্টিতো ভোটগ্ৰহণ পুৱাৰে পৰা অব্যাহত আছে । তিনিওটা লোকসভা সমষ্টি আৰু ৩০টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান যোৱা ২৭ অক্টোবৰত সমাপ্ত হৈছিল । ভোটগ্ৰহণৰ অন্তত ২ নৱেম্বৰত ভোটগণনা অনুষ্ঠিত হ'ব ৷

উল্লেখ্য যে, শনিবাৰে অসমৰ থাওৰা, ভৱানীপুৰ, গোঁসাইগাঁও, মৰিয়নী আৰু তামুলপুৰ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে ৷ পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে সমষ্টিকেইটাত ৷

পশ্চিমবংগৰ দিনহাটা, শান্তিপুৰ, কাৰদাহ আৰু গোছাবা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে ৷ মধ্য প্ৰদেশৰ জোবাট, ৰাইগাঁও আৰু পৃথিৱীপুৰত বৰ্তমান ভোটগ্ৰহণ চলিছে । সমান্তৰালকৈ আন আন ৰাজ্যবোৰতো উপ নিৰ্বাচন অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক: উপ নিৰ্বাচন : পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ল ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.