ETV Bharat / bharat

Tripura elections 2023: কংগ্ৰেছ-বিজেপিয়ে ভংগ কৰিলে নিৰ্বাচনী আচৰণ বিধি; দুয়োটা দললৈ কাৰণ দৰ্শোৱাৰ জাননী

author img

By

Published : Feb 16, 2023, 5:33 PM IST

ত্ৰিপুৰা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত কংগ্ৰেছ আৰু বিজেপি দলে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ (Tripura election poll) ৷ দুয়োটা দলেই নিজৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজক টুইটযোগে জনাইছিল আহ্বান ৷ যাৰ পৰিপ্ৰেক্ষিটত দুয়োটা দললৈ প্ৰেৰণ কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী ৷

Tripura elections 2023
কংগ্ৰেছ-বিজেপিয়ে ভংগ কৰিলে নিৰ্বাচনী আচৰণ বিধি; দুয়োটা দললৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ

নেশ্যনেল ডেস্ক, 16 ফেব্ৰুৱাৰী: ইতিমধ্যেই অন্ত পৰিল ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ ইভিএমত বন্দী হ’ল 259 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য (Tripura assembly election 2023) ৷ সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱেই ভোটগ্ৰহণ সম্পন্ন হ’ল যদিও বিজেপি আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে উত্থাপন হৈছে নিৰ্বাচনী আচৰণ বিধি ভংগ (Model Code of Conduct) কৰাৰ অভিযোগ ৷

ইতিমধ্যেই ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিৰ্বাচন চলি থকাৰ সময়ত টুইটাৰযোগে ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱাৰ বিৰুদ্ধে বিজেপি আৰু কংগ্ৰেছ দললৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী (Tripura EC notice for congress and BJP) ৷

দুয়োটা দললৈ প্ৰেৰণ কৰা জাননীত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে উল্লেখ কৰিছে যে, বিজেপি আৰু কংগ্ৰেছে 1951 চনৰ Representation of the People Act ৰ 126 (1)(B) ধাৰা ভংগ কৰিছে ৷ এই আইন অনুসৰি ভোট গ্ৰহণ চলি থকা সময়ত ভিডিঅ’, টেলিভিশ্যন বা এনে ধৰণৰ মাধ্যমৰ যোগেদি যিকোনো নিৰ্বাচনী বিষয় জনসাধাৰণ আগত প্ৰদৰ্শন কৰাটো গ্ৰহণ যোগ্য নহয় ৷

কংগ্ৰেছলৈ প্ৰেৰণ কৰা জাননীত উল্লেখ কৰা হৈছে যে, দলটোৱে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা ‘‘ত্ৰিপুৰাৰ মানুহে স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছক ভোট দিছে । এইবাৰ কংগ্ৰেছ শাসনলৈ আহিব’’ বুলি উল্লেখ কৰিছিল (Tripura Congress violates model code of conduct) ৷

লগতে জাননীখনত উল্লেখ কৰা হৈছে যে, 1951 চনৰ Representation of the People Act ৰ 126 (1)(B) ধাৰা ভংগ কৰা বাবে দলটোৱে ইয়াৰ দৰ্শাব লাগিব ৷ 17 ফেব্ৰুৱাৰীৰ সন্ধিয়া 5 বজাৰ ভিতৰত কাৰণ দৰ্শোৱা আৰু ইয়াৰ ব্যাখ্যা আগবঢ়োৱাৰ বাবে কংগ্ৰেছ দলক সময় বান্ধি দিছে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ৷

আনফালে, বিজেপিলৈ প্ৰেৰণ কৰা জাননীত উল্লেখ কৰা হৈছে যে, বিজেপিয়ে বৃহস্পতিবাৰে ভোট গ্ৰহণ চলি থকাৰ সময়ত পুৱা 8.00 বজাত টুইটযোগে ৰাইজক বিজেপিৰ সপেক্ষে ভোটদান কৰিবলৈ আহ্বান জনাইছিল ৷ সেয়েহে বিজেপি দলেও জনপ্ৰতিনিধিত্ব আইন 1951 ৰ 126 নম্বৰ ধাৰা উলংঘা কৰাৰ বাবে 17 ফেব্ৰুৱাৰীৰ সন্ধিয়া 5 বজাৰ ভিতৰত কাৰণ দৰ্শাব লাগিব (Tripura BJP violates model code of conduct) ৷

উল্লেখ্য যে, এইবাৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈ কংগ্ৰেছ আৰু CPIM য়ে একেলগে অৱতীৰ্ণ হৈছে নিৰ্বাচনত ৷ কিন্তু 2 মাৰ্চতহে স্পষ্ট হ’ব কাৰ হাতলৈ যাব ত্ৰিপুৰা শাসনৰ বাঘজৰী (Tripura election 2023 election result) ৷

লগতে পঢ়ক: Nagaland Assembly Election 2023: হত্যাৰ অভিযুক্তয়ো প্ৰতিদ্বন্দিতা কৰিব নাগালেণ্ড বিধানসভা নিৰ্বাচনত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.