ETV Bharat / bharat

কৃষি আইনক লৈ উচ্চতম ন্যায়ালয়ৰ নিযুক্ত সমিতিৰ প্ৰতিবেদন দাখিল

author img

By

Published : Mar 31, 2021, 6:54 PM IST

তিনি কৃষি আইনৰ সৈতে কৃষকসকলৰ অভিযোগ সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তিনিজনীয়া সমিতিয়ে অৱশেষত বুধবাৰে শীৰ্ষ আদালতত দাখিল কৰিছে ইয়াৰ প্ৰতিবেদন । কৃষক সংগঠনসমূহৰ সৈতে বৈঠকৰ অন্তত প্ৰতিবেদন দাখিল কৰিছে সমিতিখনে ৷

Supreme Court-appointed committee submits its report on farm laws
কৃষি আইনক লৈ প্ৰতিবেদন

নেশ্যনেল ডেস্ক, 31 মাৰ্চ : নতুনকৈ প্ৰণয়ন কৰা কৃষি আইনক লৈ কৃষকসকলৰ উদ্বেগ সমাধানৰ বাবে গঠন কৰা উচ্চতম ন্যায়ালয়ৰ নিযুক্ত সমিতিয়ে বুধবাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰে এক প্ৰতিবেদন ৷

মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ নেতৃত্বত ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ভি ৰামসুব্ৰমণিয়ানৰ সহযোগত বিচাৰপীঠে চলিত বৰ্ষৰ জানুৱাৰী মাহত এখন সমিতি গঠন কৰাৰ নিৰ্দেশ দিছিল । সমিতিখনত অশোক গুলাটী, প্ৰমোদ যোশী, হৰচিম্ৰত মেন, অনিল ঘানাৱন্ত আৰু ভুপিন্দৰ সিং মান সদস্য হিচাপে অন্তৰ্ভুক্ত আছিল ৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ নাম প্ৰত্যাহাৰ কৰা হয় ৷

কিন্তু কৃষকসকলে এই সমিতিখন গ্ৰহণ কৰা নাছিল, কিয়নো তেওঁলোকে যুক্তি দিছিল সমিতিৰ সকলো সদস্যই আইনৰ প্ৰতি সমৰ্থন জনাইছে আৰু এইটো পক্ষপাতী হ’ব । অৱশ্যে, আদালতে এই মতৰ সৈতে সন্মত হোৱা নাছিল আৰু কৈছিল যে, তেওঁলোকে কৃষকসকলৰ উদ্বেগ সংকলিত কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷

সমিতিখনে ৮০ গৰাকীৰো অধিক কৃষক সংগঠন আৰু কৃষি বিশেষজ্ঞৰ বিভিন্ন পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বৈঠক অনুষ্ঠিত কৰিছিল । দুমাহৰ পাচত উচ্চতম ন্যায়ালয়লৈ পুনৰ প্ৰতিবেদন দাখিল কৰে সমিতিয়ে ৷ অৱশ্যে ন্যায়ালয়ে আগন্তুক 5 এপ্ৰিলতহে বিষয়টোৰ শুনানি গ্ৰহণ কৰিব ৷

ইফালে, কৃষকসকলে নতুনকৈ প্ৰণয়ন হোৱা তিনি কৃষি আইনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

লগতে পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি দেৱগৌড়া আৰু পত্নী COVID-১৯ পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.