ETV Bharat / bharat

ৰবি শস্যৰ MSP বৃদ্ধিকলৈ কৰা চৰকাৰৰ ঘোষণাক 'ৰগৰ' আখ্যা ৰাকেশ টিকাইটৰ

author img

By

Published : Sep 9, 2021, 5:50 PM IST

কেন্দ্ৰীয় চৰকাৰে ছয়টা ৰবি শস্যৰ বাবে নিম্নতম সমৰ্থন মূল্য বৃদ্ধি হোৱাৰ কথা ঘোষণা কৰিছে । কেন্দ্ৰীয় কেবিনটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । চৰকাৰৰ এই সিদ্ধান্ত সমালোচনা কৃষক নেতাসকলৰ । চৰকাৰৰ ঘোষণাক লৈ কি কি ক'লে কৃষক নেতা ৰাকেশ টিকাইটে ?

MSP hike for rabi crops
ৰবি শস্যৰ MSP বৃদ্ধিকলৈ কৰা চৰকাৰৰ ঘোষণাক ৰগৰ আখ্যা ৰাকেশ টিকাইটৰ

নেশ্যনেল ডেস্ক,৯ ছেপ্টেম্বৰ : তিনিখন কৃষি আইনৰ বিৰুদ্ধে এতিয়াও কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । কিন্তু ইয়াৰ মাজতে কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ৰবি বিপণন ঋতু (RMS) ২০২২-২৩ৰ বাবে ছয়টা ৰবি শস্যৰ বাবে নিম্নতম সমৰ্থন মূল্য (minimum support price) ঘোষণা কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Prime Minister Narendra Modi) অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ (CCEA) এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ইয়াৰ পাছতে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে কয় যে ২০২২-২৩ বৰ্ষত ঘেঁহুৰ নিম্নতম সমৰ্থন মূল্য ১০০ শতাংশ বৃদ্ধিৰে ২০১৫ টকা হৈছে আৰু সৰিয়হৰ ৫০৫০ টকালৈ বৃদ্ধি হৈছে । বাৰ্লিৰ ক্ষেত্ৰতো ১৬৩৫ টকালৈ বৃদ্ধি হৈছে , বুটৰ ক্ষেত্ৰত ৫২৩০ টকা প্ৰতি কুইন্টল আৰু মচুৰ দাইলৰ ক্ষেত্ৰত ৫৫০০ টকা । মন্ত্ৰাগৰাকীৰ মতে ২০২১-২২ বৰ্ষত সূৰ্যমুখী ফুলত এমএছপিৰ হাৰ আছিল ৫,৩২৭ আৰু এতিয়া ই ৫০ শতাংশ বৃদ্ধি পাইছে আৰু ৫,৪৪১ টকা হৈছে । উল্লেখ্য যে এমএছপি হৈছে সেই হাৰ যি হাৰত চৰকাৰে কৃষকসকলৰ পৰা শস্য ক্ৰয় কৰে ।

চৰকাৰৰ এই ঘোষণাৰ পাছতে একাংশ কৃষক নেতা সৰৱ হৈ পৰা দেখা গৈছে । চৰকাৰৰ এই ঘোষণাক 'ৰগৰ' আখ্যা ভাৰতীয় কিষাণ ইউনিয়নৰ (BKU) নেতা ৰাকেশ টিকাইটৰ । ৰাকেশ টিকাইটে (Rakesh Tikait) ৰবি শস্যৰ নিম্নতম সমৰ্থন মূল্য বৃদ্ধিক লৈ কেন্দ্ৰই কৰা দাবীক অস্বীকাৰ কৰে আৰু ইয়াক কৃষকসকলৰ ওপৰত কৰা এক ৰগৰ বুলি অভিহিত কৰে ।

টুইটযোগে চৰকাৰক সমালোচনা কৰি নেতাগৰাকীয়ে কয় যে যি হাৰত মূল্যবৃদ্ধি হৈছে তাৰ তুলনাত কৃষকসকলৰ বাবে এমএছপি বৃদ্ধিৰ হাৰ বহুত কম । চৰকাৰে কি সূত্ৰ ব্যৱহাৰ কৰি এই ঘোষণা কৰিছে তাৰ উত্তৰ বিচাৰিছে নেতাগৰাকীয়ে । আনকি ৬টা ৰবি শস্যৰ মূল্যৰ তালিকা প্ৰকাশ কৰি এমএছপি সঁচাকৈয়ে বৃদ্ধি হৈছে নে বুলি চৰকাৰক প্ৰশ্ন কৰে নেতাগৰাকীয়ে ।

কৃষক নেতাৰ এনে সমালোচনাৰ পাছতে চৰকাৰক সমালোচনা কৰা সকলক উভতি ধৰে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে । তেওঁৰ মতে নিম্নতম সমৰ্থন মূল্যকলৈ একাংশ লোকে ভুল তথ্য প্ৰচাৰ কৰি আছে । তেওঁ দাবী কৰা মতে কৃষি আইন ৰূপায়ণৰ পাছত এমএছপি আৰু এমএছপিত শস্য ক্ৰয়ৰ হাৰ নিৰন্তৰ বৃদ্ধি পাইছে ।

লগতে পঢ়ক :Nipah Virusৰ সংক্ৰমণক লৈ শংকিত কেৰালাৰ স্বাস্থ্য বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.