ETV Bharat / bharat

Poor air quality after Diwali: আতচবাজী নিয়ন্ত্ৰণ উলংঘনৰ বাবে 300 ত কৈ অধিক গোচৰ ৰুজু আৰক্ষীৰ

author img

By

Published : Oct 25, 2022, 4:13 PM IST

police file over 300 cases for cracker regulation violation
Poor air quality after Diwali: আতচবাজী নিয়ন্ত্ৰণ উলংঘনৰ বাবে 300 ত কৈ অধিক গোচৰ ৰুজু আৰক্ষীৰ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চেন্নাইতো উদযাপন কৰা হৈছে দীপাৱলী ৷ এতিয়া দেৱালীৰ পিছতে ভয়ংকৰ বায়ু প্ৰদূষণ হৈছে চেন্নাইত (Poor air quality after Diwali in Chennai) ৷ চৰকাৰী পৰিসংখ্যা অনুসৰি দেৱালী উদযাপনৰ পিছতে চেন্নাইৰ বায়ুমণ্ডলৰ মানদণ্ড হ্ৰাস পাইছে ৷

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ : দেশজুৰি উলহে মালহেৰে পালন কৰা হৈছে পোহৰৰ উৎসৱ দীপাৱলী (Diwali celebrated across India)৷ আতচবাজী, ফটকা, ফুলজাৰিয়ে আমাৰ বায়ুমণ্ডল প্ৰদুষিত কৰি অহাৰ বাবে বাৰে বাৰে সাৱধানতা অৱলম্বন কৰাৰ পিছতো একাংশ লোকে দীপাৱলীৰ আনন্দ উছাহৰ মাজত পৰিৱেশো প্ৰদূষিত কৰি আহিছে ৷ সোমবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চেন্নাইতো উদযাপন কৰা হৈছে দীপাৱলী ৷ এতিয়া দেৱালীৰ পিছতে ভয়ংকৰ বায়ু প্ৰদূষণ হৈছে চেন্নাইত (Poor air quality after Diwali in Chennai) ৷

চৰকাৰী পৰিসংখ্যা অনুসৰি দেৱালী উদযাপনৰ পিছতে চেন্নাইৰ বায়ুমণ্ডলৰ মানদণ্ড হ্ৰাস পাইছে ৷ ৰাজ্য প্ৰশাসনে বাৰম্বাৰ নিয়ম নিৰ্দেশনা জাৰি কৰাৰ পিছতে আতচবাজী নিয়ন্ত্ৰণ উলংঘন (Cracker regulation violation) কৰাৰ বাবে আৰক্ষীয়ে 300 টাকৈ গোচৰ ৰুজু কৰিছে (Police file over 300 cases) ৷

মহানগৰ আৰক্ষীয়ে বিভিন্ন উলংঘন সন্দৰ্ভত 354 টা গোচৰ পঞ্জীয়ন কৰিছে (354 cases regarding various violations)৷ যাৰ ভিতৰত আছে ফটকা ফুটাবলৈ অনুমতি দিয়া সময়সীমা, দুপৰীয়ালৈকে তামিলনাডু প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (টিএনপিচিবি)(Tamil Nadu Pollution Control Board ) ৱেবছাইটত আপলোড কৰা পৰিসংখ্যা অনুসৰি, চহৰ আৰু ইয়াৰ চাৰিওফালৰ বেছিভাগতে বায়ুৰ মানদণ্ড হ্ৰাস পাইছিল ৷ বায়ুত পিএম 2.5 (ব্যাসৰ 2.5 মাইক্ৰনতকৈ কম কণিকা পদাৰ্থ) ( (particulate matter less than 2.5 microns in diameter) )ৰ পৰিমান অতিমাত্ৰা থকা বাবে এই প্ৰদুষণ হৈছিল বুলি আশংকা কৰিছে ৷

ইফালে, মহানগৰ আৰক্ষীয়ে কয় যে মহানগৰখনত পুৱা 6 বজাৰ পৰা সন্ধিয়া 8 বজালৈহে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ফটকা ফুটাবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল ৷ কিন্তু বহু লোকে এই নিয়ন নামানি ওৰে নিশা আতচবাজী জ্বলোৱা পৰিলক্ষিত হৈছিল ৷ ফলত আৰক্ষীয়ে সময়সীমা উলংঘন সন্দৰ্ভত ২৭১ টা আৰু উচ্চ প্ৰাবল্যৰ ফটকা ফুটোৱাৰ বিৰুদ্ধে ৬৯ টা গোচৰ ৰুজু কৰিছে ৷

চেন্নাই মহানগৰ আৰক্ষীয়ে এক বিবৃত্তি যোগে কয় যে চৰকাৰী নিৰ্দেশনা উলংঘা কৰি আতচবাজী বিক্ৰী কৰাৰ বাবে ১৪ টা গোচৰ ৰুজু কৰা হৈছিল ৷ এই সমগ্ৰ গোচৰসমূহ ২৩ ৰ পৰা ২৫ অক্টোবৰৰ ভিতৰত ৰুজু কৰা হৈছিল ৷

লগতে পঢ়ক: মাত্ৰাধিক প্ৰদূষণৰ কৱলত দিল্লীঃ স্বাস্থ্যজনিত জৰুৰী অৱস্থা ঘোষণা; ডাঠ ধোঁৱাই আৱৰিলে দিল্লীৰ বায়ুমণ্ডল : 1ৰ পৰা 5 নৱেম্বৰলৈ বন্ধ সকলো বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.