ETV Bharat / bharat

AICC on PM Modi: নৰেন্দ্ৰ মোদীক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে কেতিয়াও তুলনা কৰিব নোৱাৰি; কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 5:23 PM IST

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে তুলনা কৰিব পাৰি নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ? ইয়াকে লৈ এতিয়া চলিছে চৰ্চা আৰু বিতৰ্ক ৷ কংগ্ৰেছৰ দাবী- ইন্দিৰা গান্ধীৰ সৈতে কেতিয়াও তুলনা নহয় মোদী ৷ কিয়নো ইন্দিৰা গান্ধীয়ে জনতাৰ কথা কৈছিল আৰু নৰেন্দ্ৰ মোদীয়ে নিজৰ কথা কয় ৷

AICC on PM Modi
AICC on PM Modi

নেশ্যনেল ডেস্ক, 8 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজন শক্তিশালী নেতা হিচাবে কাম কৰাৰ শৈলীক প্ৰায়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে তুলনা কৰা হয় ৷ কিন্তু কংগ্ৰেছ দলে শুকুৰবাৰে কয় যে দুয়োকে প্ৰকৃততে তুলনা কৰিব নোৱাৰি ৷

2014 চনত প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী ৷ ইয়াৰ পাছত 2019 তেওঁ দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত হয় ৷ কেইমাহমানৰ ভিতৰত অৰ্থাৎ 2024 চনত দেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন ৷ শেহতীয়াকৈ ভাৰতে জি-২০ সন্মিলন আয়োজনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে নৰেন্দ্ৰ মোদী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিষয় বিশেষকৈ চৰ্চালৈ আহিছে ৷

ইয়াৰ মাজতে কংগ্ৰেছে কয় যে ভাৰতে জি-20ৰ সভাপতিত্ব লাভ কৰাৰ বাবে কেন্দ্ৰই প্ৰধানমন্ত্ৰী মোদীক ‘গোলকীয় নেতা’ হিচাবে প্ৰতিষ্ঠা কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰি আছে ৷ কিন্তু প্ৰকৃততে ভাৰতে জি-20ৰ সভাপতিত্ব ঘূৰ্ণীয়মান প্ৰণালী (Rotational System) অনুসৰিহে লাভ কৰিছে ৷ কংগ্ৰেছে 1983 চনত নতুন দিল্লীত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অধীনত অনুষ্ঠিত হোৱা Non-Aligned Movement (NAM) সন্মিলনৰ উদাহৰণ দি প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

কংগ্ৰেছৰ মতে, 1983 চনত ইন্দিৰা গান্ধীয়ে NAM সন্মিলনৰ বাবে প্ৰায় 140 খন দেশৰ প্ৰতিনিধি দলক আদৰণি জনাইছিল আৰু অনুষ্ঠানটো আটাইতকৈ কম বিতৰ্কিত আৰু আটাইতকৈ গঠনমূলক আছিল ৷ সেই সময়ত ভাৰতে উন্নত বিশ্বৰ আগশাৰীৰ কণ্ঠস্বৰ হিচাবে আত্মপ্ৰকাশ কৰিছিল আৰু বিশ্বৰ মঞ্চত ভাৰতৰ মৰ্যাদা উন্নিত হৈছিল ৷

ইয়াৰ তুলনাত, কংগ্ৰেছে কয় যে জি-20 সন্মিলনৰ পূৰ্বে নৰেন্দ্ৰ মোদী চৰকাৰে ইয়াৰ আধাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হ’ল ৷ প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় জনতা পাৰ্টীৰ বিফলতা লুকুৱাবলৈ G-20ক প্ৰচাৰ অভিযান হিচাবে ব্যৱহাৰ কৰিছে ৷

দিল্লীৰ প্ৰাক্তন সাংসদ জে পি আগৰৱালাৰ মতে, দুয়োগৰাকী প্ৰধানমন্ত্ৰী সম্পূৰ্ণ বেলেগ মানুহ আৰু নেতা আছিল । ‘‘ইন্দিৰাজী জনসাধাৰণৰ সপক্ষে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত শক্তিশালী আছিল । তেওঁ ৰাজকুমাৰসকলৰ প্ৰিভি পাৰ্চ (privy purses) নিষিদ্ধ কৰিছিল, বেংকবোৰ ৰাষ্ট্ৰীয়কৰণ কৰিছিল আৰু মানুহৰ বাবে বেংক খুলিছিল ৷ 1971 চনত বাংলাদেশ সৃষ্টি হোৱাৰ পিছত তেওঁক এগৰাকী লৌহ মহিলা বুলি কোৱা হৈছিল,’’ আগৰৱালে ইটিভি ভাৰতৰ আগত কয় ৷

‘‘তেওঁৰ সময়ত, মন্ত্ৰীসকলৰ শাসনত ভূমিকা আছিল । এতিয়া সকলোবোৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (PMO) নিৰ্ণয় কৰিছে । তেওঁ কেতিয়াও ন্যায়পালিকাত হস্তক্ষেপ কৰা নাছিল ৷ লগতে, তেওঁ আন্তৰ্জাতিক পৰ্যায়ত কথা কোৱাত নিপুণ আছিল,’’ তেওঁ কয় ৷

ইন্দিৰা গান্ধী আৰু নৰেন্দ্ৰ মোদীৰ তুলনা কৰি নিখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ (AICC) অভিষেক দত্তই কয়, ‘‘মই নাভাবো যে আমি দুয়োজন নেতাৰ তুলনা কৰাৰ কোনো উপায় আছে । ইন্দিৰাজীয়ে সদায় ‘জন কি বাত’ কৰিছিল, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল ‘মন কি বাত’ কৰে ৷ তেওঁ নিয়মীয়াকৈ সংবাদ মাধ্যমক সম্বোধন কৰিছিল আৰু কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে এয়া পৰিহাৰ কৰে ।’’

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে 2014 চনৰ নৱেম্বৰত ব্ৰিছবেনত তেওঁৰ প্ৰথম জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ আন অৰ্থনীতিৰ সৈতে অধিক সহযোগিতাৰ জৰিয়তে ক’লা ধন মজুতকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু তেওঁ সেই কাম নকৰিলে ৷

লগতে পঢ়ক: G20 Summit 2023 : জি২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ ১৫ বিশ্ব নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.