ETV Bharat / bharat

শ্ৰীলংকাৰ জাহাজৰ পৰা জব্দ ৩০০ কেজি হেৰ'ইন, এ কে ৪৭ ৰাইফল

author img

By

Published : Mar 31, 2021, 10:08 PM IST

নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই শ্ৰীলংকাৰ এখন জাহাজৰ পৰা জব্দ কৰিলে প্ৰায় ৩০০ কেজি হেৰ'ইন, ৫টা এ কে ৪৭ ৰাইফল আৰু ৯ এম এম পিষ্টলৰ ১ হাজাৰ জাঁই গুলী । জাহাজখনৰ পৰা বহু আপত্তিজনক নথি-পত্ৰও জব্দ কৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই ।

শ্ৰীলংকাৰ জাহাজৰ পৰা জব্দ ৩০০ কেজি হেৰ'ইন, এ কে ৪৭ ৰাইফল
শ্ৰীলংকাৰ জাহাজৰ পৰা জব্দ ৩০০ কেজি হেৰ'ইন, এ কে ৪৭ ৰাইফল

নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ চেন্নাই শাখাই নিজৰ জিম্মাত লৈছে শ্ৰীলংকাৰ এখন মাছ ধৰা জাহাজ । এই জাহাজখনৰ পৰা নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই প্ৰায় ৩০০ কেজি হেৰ'ইন, ৫টা এ কে ৪৭ ৰাইফল আৰু ৯ এম এম পিষ্টলৰ ১ হাজাৰ জাঁই গুলী জব্দ কৰে ।

নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ চেন্নাই শাখা সঞ্চালক অমিত ঘাৱাটেই এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে । ভাৰতীয় উপকূলৰক্ষী আৰু নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই লাভ কৰা গোপন তথ্যৰ ভিত্তিত অভিযান চলোৱা হৈছিল । যোৱা ২৫ মাৰ্চত কেৰালাৰ ভিজিনজাম উপকূলত ভাৰতৰ সামুদ্ৰিক ক্ষেত্ৰত উপকূলৰক্ষী বাহিনীয়ে শ্ৰীলংকাৰ মাছ ধৰা জাহাজ 'ৰৱিহংসী'ক বাধা প্ৰদান কৰিছিল । জাহাজখনৰ পানীৰ টেংকীত ৩০১টা পেকেটত ভৰাই হেৰ'ইনখিনি অনা হৈছিল ।

পেকেটবোৰত ঘোঁৰাৰ ছবি অংকন কৰা আছিল, যি সাধাৰণতে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় । তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি এই হেৰ'ইনখিনি আৰু অস্ত্ৰখিনি এখন অজ্ঞাত জাহাজেৰে ইৰাণৰ চাবাহাৰ বন্দৰৰ পৰা সৰবৰাহ কৰি লক্ষদ্বীপৰ সমীপত শ্ৰীলংকাৰ মাছ ধৰা জাহাজ 'ৰৱিহংসী'ত থোৱা হৈছিল । 'ৰৱিহংসী'য়ে সামগ্ৰীখিনি শ্ৰীলংকালৈ সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ সময়তে ভাৰতীয় কৰ্তৃপক্ষই বাধা প্ৰদান কৰে ।

লগতে পঢ়ক:মধ্য প্ৰদেশ-মহাৰাষ্ট্ৰৰ মাজত যাত্ৰীবাহী বাছ সেৱা স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.