ETV Bharat / bharat

যাত্ৰাৰ পূৰ্বেই বিপাঙত ভাৰত জোড়ো ন্যায় যাত্ৰা; মণিপুৰ চৰকাৰে অনুমতি নিদিয়াৰ অভিযোগ কংগ্ৰেছৰ

author img

By PTI

Published : Jan 10, 2024, 4:13 PM IST

Bharat Jodo Nyay Yatra
অনুমতি দিবলৈ অস্বীকাৰ মণিপুৰ চৰকাৰৰ

Bharat Jodo Nyay Yatra : কংগ্ৰেছৰ অভিযোগ অনুসৰি মণিপুৰ চৰকাৰে জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে ৷ 14 জানুৱাৰীত মণিপুৰৰ ইম্ফল পূব জিলাৰ হাট্টা কাংজেইবুঙৰ পৰা এই যাত্ৰা আৰম্ভ হোৱাৰ কথা আছিল ৷

নিউজ ডেস্ক, 10 জানুৱাৰী : কংগ্ৰেছে বুধবাৰে দাবী কৰিছে যে মণিপুৰ চৰকাৰে ৰাহুল গান্ধীক ইম্ফল পূব জিলাৰ পৰা তেওঁৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা' আৰম্ভ কৰিবলৈ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে ৷ মণিপুৰৰ ইম্ফল পূব জিলাৰ হাট্টা কাংজেইবুঙৰ পৰা 14 জানুৱাৰীত 'ভাৰত জোড়ো ন্যায় যাত্ৰা' আৰম্ভ হোৱাৰ কথা আছিল ৷ পিটিআইৰ মতে মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি কেইশাম মেগাচন্দ্ৰই এই সিদ্ধান্ত "দুৰ্ভাগ্যজনক" আৰু "মানুহৰ অধিকাৰ উলংঘন" বুলি মন্তব্য কৰিছে ৷

কেইশাম মেগাচন্দ্ৰই কয় "আমি মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সাক্ষাৎ কৰিছিলো আৰু ইম্ফল পূব জিলাৰ হাট্টা কাংজেইবুঙত 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ স্থানৰ বাবে অনুমতি বিচাৰিছিলো য'ৰ পৰা ৰেলীৰ শুভাৰম্ভ কৰাৰ কথা আছে ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে এই অনুমতি দিবলৈ অস্বীকাৰ কৰিছে ৷"

উল্লেখ্য যে, 2023 চনৰ মে’ মাহত ৰাজ্যখনত জাতিগত হিংসা আৰম্ভ হোৱাৰ পিছৰে পৰা মণিপুৰত এক জটিল আইন-শৃংখলাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ দ্বিতীয় পৰ্যায় 14 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ৷

মুখ্যমন্ত্ৰী এন বীৰেন সিঙে মঙলবাৰে কৈছিল যে বিষয়টো "সক্ৰিয় বিবেচনাৰ" অধীনত আছে আৰু নিৰাপত্তা সংস্থাসমূহৰ পৰা প্ৰতিবেদন পোৱাৰ পিছত ইয়াৰ ওপৰত সিদ্ধান্ত লোৱা হ'ব ৷ এক অনুষ্ঠানৰ সময়ত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী বীৰেন সিঙে কয় যে মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি "অতি সংকটজনক" ৷

ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ক অনুমতি দিয়াৰ বিষয়ে সোধাত বীৰেন সিঙে কয়, "ৰাহুল গান্ধীৰ ৰেলীক অনুমতি দিয়াটো সক্ৰিয়ভাৱে বিবেচনাধীন ৷ আমি বিভিন্ন সুৰক্ষা সংস্থাৰ পৰা প্ৰতিবেদন লৈ আছো। তেওঁলোকৰ পৰা প্ৰতিবেদন পোৱাৰ পিছত, আমি এক দৃঢ় সিদ্ধান্ত লম ৷"

ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে মণিপুৰ চৰকাৰে কেন্দ্ৰৰ অনুমোদন বিচাৰিছে ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু দলৰ শীৰ্ষ নেতাসকলৰ উপস্থিতিত কাৰ্যসূচীটো ফ্লেগ অফ কৰাৰ কথা আছে ৷

সোমবাৰে পুৱা, মণিপুৰ আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত ইণ্ডো-ম্যানমাৰ সীমান্তৱৰ্তী ম’ৰে চহৰত নতুনকৈ গুলীচালনাৰ খবৰ পোৱা গৈছে ৷ বিষয়াসকলৰ মতে, উগ্ৰপন্থীয়ে মোৰেহ চহৰৰ কিছুমান অঞ্চলৰ মাজেৰে যোৱাৰ সময়ত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি লৈছিল ৷

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী বীৰেন সিঙে কয়, "অসম ৰাইফলছ, বিএছএফ আৰু ৰাজ্যিক আৰক্ষীৰ যুটীয়া বাহিনীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণত জড়িত সশস্ত্ৰ দুৰ্বৃত্তক আটক কৰিবলৈ কাম কৰি আছে ৷"

লগতে পঢ়ক : ভাইব্ৰেণ্ট গুজৰাট সন্মিলন; ২ লাখ কোটি বিনিয়োগ কৰিব আদানিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.