ETV Bharat / bharat

চেন্নাইত আয়কৰ বিভাগৰ অভিযানত উদ্ধাৰ ২২০ কোটি ক'লা ধন

author img

By

Published : Feb 28, 2021, 4:14 PM IST

চেন্নাইৰ টাইলছ আৰু ছেনিটেৰী সামগ্ৰী নিৰ্মাণকাৰী এটা প্ৰতিষ্ঠানত আয়কৰ বিভাগে অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ ক'লা ধন ।২৬ ফেব্ৰুৱাৰীত তামিলনাডু, গুজৰাট আৰু কলকাতাৰ মুঠ ২০ টা স্থানত চলা অভিযানত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে প্ৰায় ২২০ কোটি টকা জব্দ কৰে ।

চেন্নাইত আয়কৰ বিভাগৰ অভিযানত উদ্ধাৰ ২২০ কোটি ক'লা ধন
চেন্নাইত আয়কৰ বিভাগৰ অভিযানত উদ্ধাৰ ২২০ কোটি ক'লা ধন

নিউজ ডেস্ক,২৮ফেব্ৰুৱাৰী: তামিলনাডু আৰু পণ্ডিচেৰীৰ নিৰ্বাচনৰ প্ৰাকক্ষণত চেন্নাইত আয়কৰ বিভাগৰ এক সফল অভিযান । দেশৰ শীৰ্ষ পৰ্যায়ৰ টাইলছ আৰু ছেনিটেৰী সামগ্ৰী নিৰ্মাণকাৰী এটা প্ৰতিষ্ঠানত আয়কৰ বিভাগে অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ ক'লা ধন । ২৬ ফেব্ৰুৱাৰীত তামিলনাডু, গুজৰাট আৰু কলকাতাৰ মুঠ ২০ টা স্থানত চলা অভিযানত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে প্ৰায় ২২০ কোটি টকা জব্দ কৰে ।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে এক বিবৃতিযোগে প্ৰকাশ কৰা মতে টাইলছ আৰু ছেনিটেৰী সামগ্ৰী নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোত অভিযান চলাই ৮.৩০ কোটি নগদ ধন জব্দ কৰা হৈছে । উল্লেখ যে প্ৰতিষ্ঠানটো দক্ষিণ ভাৰতত অতি বিখ্যাত । অভিযানৰ সময়ত প্ৰতিষ্ঠানটোৱে অবৈধভাৱে টাইলছৰ ব্যৱসায় চলোৱাৰ তথ্য পোহৰলৈ আহে লগতে হিচাপ বিহীন লেনদেন আৰু তথ্য ৰক্ষণাৱেক্ষণৰ বাবে ব্যৱহাৰ কৰা এটা ছফ্টৱেৰও উদ্ধাৰ কৰা হয় বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে ।

বিবৃতিৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে ৫০ শতাংশলৈকে অবৈধ লেনদেন কৰিছিল বুলি দাবী কৰে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে । পূৰ্বৰ অবৈধ লেনদেনৰ পৰিমাণ প্ৰায় ১২০ কোটি টকাৰ ভিতৰত হ'ব পাৰে বুলি দাবী কৰে বিভাগটোৱে । ইয়াৰ উপৰিও শেল কোম্পানীৰ দ্বাৰা শ্বেয়াৰ প্ৰিমিয়াম হিচাপে প্ৰৱৰ্তন কৰা ১০০ কোটি টকাৰ অঘোষিত উপাৰ্জনৰ তথ্যও আয়কৰ বিভাগে লাভ কৰে অভিযানৰ সময়ত । কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে উল্লেখ কৰা মতে এতিয়ালৈ প্ৰতিষ্ঠানটোৰ পৰা উদ্ধাৰ কৰা ক'লা ধনৰ পৰিমাণ ২২০ কোটিলৈ বৃদ্ধি পাইছে । শনিবাৰে প্ৰকাশ কৰা বিবৃতি অনুসৰি অভিযান অব্যাহত ৰাখিছে আয়কৰ বিভাগে ।

বিবৃতিযোগে বিভাগটোৱে উল্লেখ কৰা মতে নিৰ্বাচনৰ প্ৰাকক্ষণত ধনৰ অবৈধ লেনদেনকলৈও কঠোৰ পদক্ষেপ ল'বলৈ সাজু হৈছে কৰ বিভাগৰ বাবে নীতি নিৰ্ধাৰণ কৰা কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ ।

লগতে পঢ়ক:ISRO য়ে উৎক্ষেপণ কৰিলে PSLV C51

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.