ETV Bharat / bharat

ভাৰতীয় মহিলা হকীৰ নিৰ্ভৰযোগ্য মিডফিল্ডাৰ নমিতা টাপ্পোৰ অৱসৰ ঘোষণা

author img

By

Published : Sep 16, 2022, 1:48 PM IST

Namita
Namita

ভাৰতীয় হকী দলত আত্মপ্ৰকাশৰ পিছত ১৫০ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছে ওড়িশাৰ সুন্দৰগড় জিলাৰ ২৭ বছৰীয়া নমিতা টপ্পোৱে । তেওঁ ২০১৪ আৰু ২০১৮ এছিয়ান গেমছত ক্ৰমান্বয়ে ব্ৰঞ্জ আৰু ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় দলৰ সদস্য আছিল (Indian women hockey player Namita Tappo retired) ।

স্পৰ্টছ ডেস্ক, ১৬ ছেপ্টেম্বৰ : ২০১২ চনত ৰাষ্ট্ৰীয় মহিলা হকী দলত আত্মপ্ৰকাশ কৰা অভিজ্ঞ হকী মিডফিল্ডাৰ নমিতা টপ্পোৱে বৃহস্পতিবাৰে তেওঁৰ কেৰিয়াৰ সামৰাৰ সিদ্ধান্ত লয় (Indian women hockey player Namita Tappo retired) । উল্লেখ্য, ভাৰতীয় হকী দলত আত্মপ্ৰকাশৰ পিছত ১৫০ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছে ওড়িশাৰ সুন্দৰগড় জিলাৰ ২৭ বছৰীয়া নমিতা টপ্পোৱে । তেওঁ ২০১৪ আৰু ২০১৮ এছিয়ান গেমছত ক্ৰমান্বয়ে ব্ৰঞ্জ আৰু ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় দলৰ সদস্য আছিল (indian women hockey team in Asian cup) ।

"বিগত ১০ বছৰ নিশ্চিতভাৱে মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ বছৰ । মই আটাইতকৈ ডাঙৰ পৰ্যায়ত মোৰ দেশৰ হৈ খেলিবলৈ এটা সপোন দেখিছিলোঁ আৰু মই ইমান সুখী যে মই মোৰ সপোনবোৰ পূৰণ কৰিবলৈ সক্ষম হৈছোঁ ।" হকী ইণ্ডিয়াই প্ৰকাশ কৰা এক বিজ্ঞপ্তিত টপ্পোৱে এনেদৰে কয় (Hockey India congratulated Namita Tappo) । "মই আশাকৰোঁ যে মই যথেষ্ট প্ৰভাৱ পেলাইছোঁ আৰু বিগত দশকটোত ভাৰতীয় মহিলা হকী দলে কেনেদৰে আগবাঢ়িছে সেয়া দেখি মই অত্যন্ত আনন্দিত । মই মোৰ জীৱনৰ এটা নতুন অধ্যায়লৈ আগবঢ়াৰ সময়ত দলটোৰ বাবে উল্লাসিত হ'ম আৰু সদায় সমৰ্থন কৰি যাম ।" তেওঁ লগতে কয় (Experienced hockey midfielder Namita Toppo retired) ।

টপ্পো হৈছে ৰূঢ়কিল্লাৰ পানপোছৰ ক্ৰীড়া হোষ্টেলৰ পৰা অহা এগৰাকী হকী খেলুৱৈ । তেওঁ প্ৰথমবাৰৰ বাবে 2007 চনত তেওঁৰ ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰিছিল । ঘৰুৱা প্ৰতিযোগিতাত তেওঁ আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেওঁক 2011 চনত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত অনূৰ্ধ্ব-18 মহিলা এছিয়া কাপ হকীৰ বাবে নিৰ্বাচিত কৰা হৈছিল । উল্লেখ্য, উক্ত প্ৰতিযোগিতাত ভাৰতে ব্ৰঞ্জৰ পদক জয় কৰিছিল । ইয়াৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে ২০১২ চনত ডাবলিনত এফআইএইচ চেম্পিয়ন চেলেঞ্জ-১ত ৰাষ্ট্ৰীয় মহিলা হকী দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে (Namita Tappo get retirement from hockey) ।

তেওঁ জাৰ্মানীৰ মঞ্চগ্লাডবাখত অনুষ্ঠিত ২০১৩ চনৰ এফআইএইচ মহিলা জুনিয়ৰ বিশ্বকাপত ব্ৰঞ্জ জয় কৰা ভাৰতীয় দলৰ সদস্য আছিল । টপ্পোৱে 2013 চনত এফআইএইচ মহিলা বিশ্ব লীগ ৰাউণ্ড-2 ৰ (FIH Women World League) দৰে মুখ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । উক্ত প্ৰতিযোগিতাত ভাৰতে 2013 চনত স্বৰ্ণ জয় কৰিছিল । আনহাতে, ২০১৩ চনতে তৃতীয় মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীত ৰূপৰ পদক জয় কৰা ভাৰতীয় দলটোৰো তেওঁ সদস্য আছিল ।

তেওঁ ২০১৪ চনৰ কমনৱেলথ গেমছ আৰু ২০১৪ এছিয়ান গেমছতো অংশগ্ৰহণ কৰিছিল । উক্ত প্ৰতিযোগিতাত ভাৰতীয় মহিলা হকী দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিছিল । আনহাতে, ২০১৬ চনৰ ৰিঅ' অলিম্পিকত ব্ৰঞ্জ বিজয়ী ভাৰতীয় দলৰো তেওঁ অন্যতম সদস্য আছিল । উল্লেখ্য, হকী ইণ্ডিয়াই দুবাৰৰ এছিয়ান গেমছ পদক বিজয়ীগৰাকীক দেশৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে অভিনন্দন জনাইছে । "নমিতাই ভাৰতীয় হকীলৈ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে । খেলপথাৰত সৰ্বস্ব উজাৰি দিয়াৰ উপৰি নমিতা দলটোৰ যুৱতীসকলৰ বাবে এক নিখুঁত আদৰ্শ হৈ আহিছে ।" ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষক জানেক স্কোপমেনে অনেদৰে কয় ।

"বহুতো খেলুৱৈয়ে তেওঁলোকৰ ৰাষ্ট্ৰীয় দলৰ হৈ ১৬৮ খন খেল খেলিবলৈ সুযোগ নাপায় । নমিতাই উক্ত প্ৰতিখন খেলতে ৰাষ্ট্ৰীয় দলৰ টুপী পৰিধান কৰিছে । এগৰাকী মহান হকী খেলুৱৈ হোৱাৰ উপৰি টপ্পো হৈছে মই জনা আটাইতকৈ দয়ালু লোকসকলৰ মাজৰ এগৰাকী । তেওঁ অতি চিন্তাশীল আৰু সদায় তেওঁ দলটোকে আগস্থান দিয়ে ।" প্ৰশিক্ষকগৰাকীয়ে লগতে কয় ।

লগতে পঢ়ক : বিশ্ব টেনিছৰ এটা যুগৰ অৱসান : অৱসৰ ঘোষণা টেনিছৰ 'ৰজা' ফেডেৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.