নেশ্যনেল ডেস্ক, 1 ছেপ্তেম্বৰ : বিগত 24 ঘণ্টাত ভাৰতত 41,965 টা নতুন ক’ভিড 19 ৰ তথ্য পোহৰলৈ আহিছে ৷ ইয়াৰ বিপৰীতে মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হৈছে 460 গৰাকী লোকৰ ৷ ভাৰতীয় স্বাস্থ্য মন্ত্ৰণালয়ে মুকলি কৰাৰ তথ্যত প্ৰকাশ পাইছে এই কথা ৷
- " class="align-text-top noRightClick twitterSection" data="">
ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰা তথ্য অনুসৰি 31 আগষ্টলৈকে মুঠ 51,31,84,293 টা নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ ভিতৰত মঙলবাৰে পৰীক্ষা কৰা হৈছে 16,06,785 টা নমুনা ৷