ETV Bharat / bharat

সংসদৰ কাষত শ্ল'গান দি আটক পাঁচ কৃষক

author img

By

Published : Jul 2, 2021, 3:27 PM IST

সংসদৰ কাষত প্ৰতিবাদ সাব্যস্ত কৰি আটক পাঁচ কৃষক ৷ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে দিল্লী আৰক্ষীয়ে আটক কৰে কৃষক কেইগৰাকীক ৷

delhi police detains five farmers for protesting
delhi police detains five farmers for protesting

নেশ্যনেল ডেস্ক, 2 জুলাই: সংসদৰ কাষত প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হ'ল পাঁচগৰাকীকৈ কৃষক ৷ বৃহস্পতিবাৰে সংসদৰ কাষত প্ৰতিবাদ সাব্যস্ত কৰি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰাৰ পাচতে দিল্লী আৰক্ষীয়ে কৃষক পাঁচগৰাকীক গ্ৰেপ্তাৰ কৰে ৷ দিল্লী আৰক্ষীয়ে শুকুৰবাৰে সদৰী কৰা তথ্য অনুযায়ী আটকাধীন কৃষককেইগৰাকীক পাৰ্লিয়ামেণ্ট ষ্ট্ৰিট পুলিচ ষ্টেশ্যনলৈ লৈ যোৱা হয় আৰু সোধপোছৰ অন্তত তেওঁলোকক পুনৰ মুকলি কৰি দিয়া হয় ৷

উল্লেখ্য যে, তিনিখনকৈ নতুন কৃষি আইন বাতিলৰ দাবীৰে ৰাষ্ট্ৰৰ ৰাজধানীৰ বেলেগ বেলেগ সীমান্তত কৃষকসকলে 26 নৱেম্বৰৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছে ৷ এই আইনকেইখন হ'ল ক্ৰমে ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ এক্ট, ২০২০ (Farmers' Produce Trade and Commerce (Promotion and Facilitation) Act, 2020), এগ্ৰীমেণ্ট অন প্ৰাইচ এছুৰেন্স এণ্ড ছাৰ্ভিচ এক্ট ২০২০(Agreement on Price Assurance and farm Services Act 2020) আৰু এছেনচিয়েল কমডিটিজ এক্ট( Essential Commodities (Amendment) Act, 2020) ৷

ইতিপূৰ্বে, সীমান্তত অব্যাহত থকা প্ৰতিবাদৰ সাতমাহ সম্পূৰ্ণ হোৱা পাচত 26 জুনত কৃষকসকলে এক ট্ৰেক্টৰ ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিখন ৰাজ্যৰ ৰাজ্যপালসকলক এখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰিছিল ৷ প্ৰতিবাদৰ সাত মাহ সম্পূৰ্ণ হোৱা উপলক্ষে দিল্লীৰ সিংঘু, টিক্ৰী আৰু গাজীপুৰ সীমান্তত শিবিৰ পাতি থকা কৃষকসকলে উক্ত দিনটোক "Save Agriculture, Save Democracy Day" হিচাপে পালন কৰিছিল ৷

লগতে পঢ়ক: পাকিস্তানত বন্দী ভাৰতৰ ৫৫৮ গৰাকী মাছমৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.