ETV Bharat / bharat

Python at Airport: বিমানবন্দৰত উদ্ধাৰ 47 টা অজগৰ

author img

By

Published : Jul 31, 2023, 12:00 PM IST

ট্ৰিচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জব্দ ৪৭ টা জীৱিত অজগৰ আৰু ২ টা সৰীসৃপ ৷ লগতে আটক এটা সৰবৰাহকাৰী ৷ কুৱালালামপুৰৰ পৰা ট্ৰিচি বিমানবন্দৰত উপস্থিত হৈছিল সৰবৰাহকাৰীটো ৷

Customs seize 47 snakes and 2 lizards
বিমানবন্দৰত জব্দ ৪৭ টা জীৱিত অজগৰ আৰু ২ টা সৰীসৃপ

নিউজ ডেস্ক, 31 জুলাই : ট্ৰিচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জব্দ ৪৭ টা জীৱিত অজগৰ আৰু ২ টা সৰীসৃপ ৷ বিমানবন্দৰৰ কাষ্টম বিষয়াসকলে এটা ট্ৰলী বেগত লুকুৱাই অনা অৱস্থাত জব্দ কৰে এই প্ৰাণী কেইটা ৷ লগতে আটক কৰে সৰবৰাহকাৰী এজন ব্যক্তিক ৷ দেওবাৰে এই ঘটনা সংঘটিত হৈছে ৷ আটকাধীন ব্যক্তিজনৰ নাম মোহম্মাদ মইদিন ৷ এই যাত্ৰীজন বাটিক বিমান যোগে কোৱালালামপুৰৰ পৰা ট্ৰিচি বিমানবন্দৰত উপস্থিত হৈছিল ৷

শুল্ক বিভাগৰ বিষয়াসকলে মইদিনৰ বেগবোৰত সন্দেহজনক কিবা এটা লক্ষ্য কৰি পুংখানুপুংখভাৱে তালাচী চলোৱাৰ সিদ্ধান্ত লয় ৷ ট্ৰলী বেগটো খুলিয়েই কেইবাটাও ছিদ্ৰযুক্ত বাকচত লুকুৱাই অনা বিভিন্ন প্ৰজাতিৰ আৰু আকাৰৰ জীয়া সৰীসৃপবোৰ দেখি তেওঁলোকে স্তম্ভিত হৈ পৰে ৷

এই ঘটনাৰ পাছতে ক্ষীপ্ৰতাৰে বন বিভাগক বিমানবন্দৰলৈ মাতি অনা হয়, আৰু তেওঁলোকে নিৰাপদে ৪৭ টা পাইথন আৰু ২টা সৰীসৃপ উদ্ধাৰ কৰে ৷ শেহতীয়াকৈ নিয়ম অনুসাৰে বন বিভাগে এই সৰীসৃপ সমূহক পুনৰ মালয়েছিয়ালৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

ঘটনাস্থলীতে ততাতৈয়াকৈ মহম্মদ মইদিনক বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ চেষ্টা চলোৱাৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে আটক কৰা হয় ৷ বন্যপ্ৰাণী সৰবৰাহৰ চক্ৰ সন্দৰ্ভত তথ্য উদঘাটন কৰিবলৈ বৰ্তমান বিষয়টোৰ অধিক তদন্ত চলি আছে ৷

এই ঘটনাই বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায় তথা সৰবৰাহৰ প্ৰচেষ্টা ৰোধ কৰিবলৈ বিমানবন্দৰ সমূহত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে ৷ বিগত মাহৰ ২৩ তাৰিখে ট্ৰিচি বিমানবন্দৰত মালয়েছিয়াৰ পৰা চোৰাংভাৱে অনা ৬,৮৫০ টা কাছ পোৱালি জব্দ কৰাৰ পিছতে দেওবাৰে উদ্ধাৰ কৰা এইয়া হৈছে আন এক উল্লেখযোগ্য অভিযান ৷

লগতে পঢ়ক : Pakistan Bomb blast: আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৪২ জন নিহত, আহত ১৫০ জনৰো অধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.