ETV Bharat / bharat

ত্ৰিপুৰা সীমান্তত উদ্ধাৰ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

author img

By

Published : Nov 10, 2021, 8:12 PM IST

bsf-confiscated-narcotics-and-contraband-worth-and-destroyed-ganja-saplings-in-tripura
ত্ৰিপুৰা সীমান্তত উদ্ধাৰ হয় এক বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

ত্ৰিপুৰা সীমান্তত বিএছএফৰ এটা দলে মাজনিশা চলোৱা এক অভিযানত উদ্ধাৰ কৰে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ এই অভিযানত বিএছএফৰ দলটোয়ে 51.5 কিলোগ্ৰাম গাঞ্জাৰ লগতে 650 টা য়াবা টেবলেট জব্দ কৰে ৷ লগতে 39 টা সুৰাৰ বটল, 18 টা ফেনচিডাইল আৰু এস্কুফ চিৰাপৰ বটল আৰু 3 টা গৰুৰ মূৰ উদ্ধাৰ কৰাৰ উপৰিও সৰ্বমুঠ 7,79,941 টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী অভিযানত উদ্ধাৰ হৈছে ৷ ৷

আগৰতলা, 10 নৱেম্বৰ : সীমান্তত চলিছে নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায় ৷ ত্ৰিপুৰা সীমান্তত চলা এই চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ত্ৰিপুৰাস্থিত সীমা সুৰক্ষা বল চমুকৈ বিএছএফে নিয়মীয়াকৈ ইণ্ডো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চলাই আহিছে অভিযান ।

ইয়াৰ মাজতে এক গোপন সূত্ৰৰ পম খেদি মংগলবাৰে মাজনিশা চলোৱা এক অভিযানত বিএছএফৰ এটা দলে এক বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানত বিএছএফৰ দলটোয়ে 51.5 কিলোগ্ৰাম গাঞ্জাৰ লগতে 650 টা য়াবা টেবলেটো জব্দ কৰে ৷ তাৰোপৰি 39 টা সুৰা বটল, 18 টা ফেনচিডাইল আৰু এস্কুফ চিৰাপৰ বটল আৰু 3 টা গৰুৰ মূৰ উদ্ধাৰ কৰাৰ উপৰিও বহু সংখ্যক নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে । অভিযানত সৰ্বমুঠ 7,79,941 টকা মূল্যৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলি জনালে অভিযানকাৰী দলটোৱে ৷

ইতিমধ্যে এই অভিযানত জব্দ কৰা নিচাজাতীয় সামগ্ৰীসমূহ অভিযোনকাৰী দলটোৱে আৰক্ষীক হস্তান্তৰ কৰিছে । তাৰোপৰি 9 নৱেম্বৰত চোৰাংচোৱাৰ এক তথ্যৰ ওপৰত ভিত্তি কৰি চাহগৰৰ বিভিন্ন অঞ্চলত অভিযান চলাই বৃহৎ পৰিসৰত কৰা গাঞ্জা খেতিৰ বাগিচা কাটি উৎখাত কৰাৰ লগতে জ্বলাই দিলে বিএচএফৰ এটা দলে ৷

এই অভিযানটোত প্ৰায় বৃহৎ পৰিমাণৰ গাঞ্জাৰ গছপুলি ধ্বংস কৰে বিএছএফৰ দলটোৱে ৷ উল্লেখ্য যে ত্ৰিপুৰা সীমান্তত নিয়োজিত বিএছএফে ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চল সমূহত অভিযান চলাই বিভিন্ন সময়ত নিচাযুক্ত দ্ৰব্যকে ধৰি নিষিদ্ধ সামগ্ৰী জব্দ কৰি আহিছে ।

লগতে পঢ়ক : তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত আৰক্ষীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.