ETV Bharat / bharat

কৰদাতাই পাই অহা অসুবিধাৰ এটা যুগৰ সমাপ্তি ঘটিল: প্ৰধানমন্ত্ৰী

author img

By

Published : Aug 13, 2020, 9:35 PM IST

আজি কৰ পৰিশোধৰ প্ৰক্ৰিয়া যিধৰণে ফেচলেচ হৈ পৰিছে, ই নিৰ্ভিক, ন্যায়পৰায়ন তথা দায়িত্বশীল কৰদাতা সকলক বহুখিনি আস্থা প্ৰদান কৰিব । এই নতুন প্ৰক্ৰিয়াৰ দ্বাৰা কৰদাতা সকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব বুলি আশ্বাস দিলে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

The era of harassment of taxpayers is over: Prime Minister
কৰদাতাই পাই অহা অসুবিধাৰ এটা যুগৰ সমাপ্তি ঘটিল: প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক, ১৩ আগষ্ট: বৃহস্পতিবাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰদাতা সকলৰ বাবে 'Transparent Taxation Under Honest ' শীৰ্ষক প্ৰক্ৰিয়াৰ শুভ উদ্বোধন কৰিলে । উদ্ধোধনী অনুস্থানত মোদীয়ে ক'লে দেশত চলি থকা কাঠামোগত সংস্কাৰৰ প্ৰক্ৰিয়াই আজি এটা নতুন পৰ্যায়ত উপনিত হৈছে । প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰিলে যে, দেশৰ সৎ কৰদাতা সকলৰ জীৱন যেতিয়া সহজ হৈ পৰিব তেতিয়াই তেওঁলোকে আগ বাঢ়িব পাৰিব আৰু তেতিয়াই দেশৰো অধিক বিকাশ হ'ব, দেশ আগুৱাই যাব ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে এই নতুন প্লেটফৰ্মৰ লগত জড়িত কেইটামান বিশেষ কথাৰ ওপৰত সবিশেষ বিৱৰণ দাঙি ধৰিলে..

তেখেতে ক'লে, যোগ্যজনক সন্মান(Transparent Taxation Under Honest)ৰ জড়িয়তে কৰ পৰিশোধৰ ক্ষেত্ৰত তিনিটা বিশেষ পৰিবৰ্তন আহিব । ফেচলেচ এচেচমেণ্ট, ফেচলেচ এপিল আৰু কৰদাতাৰ চনদ(চাৰ্টাৰ) । ফেচলেচ এচেচমেণ্ট আৰু কৰদাতাৰ চনদ এই দুই নতুন প্ৰক্ৰিয়া বৃহস্পতিবাৰৰ পৰাই তৎকালিনভাৱে কাৰ্যকৰী কৰা হৈছে । ফেচলেচ এপিলৰ সুবিধা কৰদাতা সকলৰ বাবে অহা চেপ্তেম্বৰৰ পৰা উপলব্ধ হ'ব ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কলে, আমি চেষ্টা কৰিছো দেশৰ কৰ পৰিশোধৰ প্ৰণালী চিমলেচ(নিৰ্বোধ), পেইনলেচ( কষ্টবিহীন) আৰু ফেচলেচ হওঁক । চিমলেচ প্ৰণালী হৈছে, কৰ বিভাগে প্ৰতি গৰাকী কৰদাতাক ওলমাই থোৱাৰ পৰিৱৰ্তে সমস্যাটো সমাধানৰ বাবে কাম কৰা । সেই ধৰণে পেইনলেচ অৰ্থাৎ প্ৰযুক্তিৰ পৰা নিয়মবোৰৰ লৈকে সকলোবোৰ সহজ কৰি তোলা । শেষত ফেচলেচ এনে প্ৰণালী য'ত কৰদাতা অথবা কৰ বিষয়াজন কোন, সেয়া যাতে গৌণ হৈয়েই থাকে ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে এই কথাওঁ ক'লে যে, আমি যিখন চহৰত বসবাস কৰো সেই একেখন চহৰত থকা কৰ বিভাগে আমাৰ তদন্ত, জাননী, জৰিপ অথবা জব্দ কৰাৰ দৰে কাম সমূহ সম্পাদনা কৰা দেখা যায় । ইয়াত সেইখন চহৰতে থকা আয়কৰ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে প্ৰধান ভূমিকা পালন কৰা দেখা যায়। এতিয়াৰ পৰা এই ভূমিকা এক প্ৰকাৰে সমাপ্ত হৈ পৰিল । এতিয়াৰ পৰা কৰ সংক্ৰান্তীয় যিকোনো বিষয়ৰ গোচৰ সমূহ দেশৰ যিকোনো প্ৰান্তত থকা বিষয়াক হস্তান্তৰ কৰা হ'ব । ইয়াৰ অন্তত যি নিৰ্দেশনা জাৰি হ'ব তাৰ সমীক্ষা অন্য এখন ৰাজ্যৰ আয়কৰ বিভাগৰ দলে সমাপন কৰিব ।

সমাপন কৰিব লগা ফেচলেচ টিমত কোন থাকিব সেয়া নিৰ্ধাৰণ কৰিব কম্পিউটাৰে । এই প্ৰক্ৰিয়াৰ ফলত আয়কৰ বিভাগ আৰু কৰদাতা দুয়োপক্ষৰ বিভিন্ন ধৰণৰ সুবিধা হ'ব । উদাহৰণ স্বৰূপে, কৰ বিভাগত পৰিচয়ৰ প্ৰভাৱ অথবা চাপ তৈয়াৰ কৰাৰ কোনো সুযোগ নাথাকিব । বিভাগটোৱেওঁ অপ্ৰয়োজনীয় গোচৰ প্ৰক্ৰিয়াৰ পৰা মুক্তি পাব। স্থানান্তৰৰ গোচৰ সমূহৰ ক্ষেত্ৰতো অযথা কৰা কষ্টবোৰ লাঘৱ হ'ব ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কৰদাতাৰ চাৰ্টাৰ প্ৰসংগ উল্লেখ কৰি ক'লে, এয়া কৰদাতাৰ অধিকাৰ আৰু দায়িত্বৰ লগতে চৰকাৰৰ দায়িত্বও অধিক শক্তিশালী কৰাৰ এক পদক্ষেপ ।

এই মাধ্যমেৰে কৰদাতা সকলক উচিত, বিনম্ৰ আৰু যুক্তিপূৰ্ণ আচৰণৰ আশ্বাস প্ৰদান কৰা হৈছে । এতিয়াৰ পৰা কৰ বিভাগে অধিক সংবেদনশীলতাৰ লগতে কৰ দাতা সকলৰ মৰ্যদাক গুৰুত্ব প্ৰদান কৰিব লাগিব । লগতে বিভাগটোৱে কৰদাতা সকলক কোনো তথ্য নোহোৱাকৈ সন্দেহৰ ভিত্তিত দৃষ্টি দিব নোৱাৰিব । অৱশ্যে কৰদাতা সকলৰো থাকিব দায়িত্ব । কৰদাত সকলৰ পৰা কৰ এই কাৰণেই সংগ্ৰহ কৰা হয়, যাতে দেশৰ চিষ্টেমটো নিয়াৰিকৈ চলি থাকে । ইয়াৰ ফলত দেশে নিয়াৰিকৈ নিজৰ দায়িত্ব সমাপন কৰাৰ লগতে উজ্বল ভৱিষ্যতৰ দিশে খোজ আগবঢ়াব পাৰে । এই ধৰণেই কৰ সম্বন্ধীয় বিষয় সমূহ ফেচলেচ কৰি তোলা হ'ব ।

লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ক'লে, দেশবাসীৰ প্ৰতি থকা আস্থাৰ উপলব্ধি কি ধৰণে প্ৰতিফলিত হয় সেয়া বুজি উঠাটোও অতিকৈ জৰুৰী।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.