ETV Bharat / bharat

কেবৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ মাজতে ভাৰত - জাপান সন্মিলনঃ নীৰৱ বিদেশ মন্ত্ৰণালয়

ভাৰত - জাপান সন্মিলনৰ গুৰুত্ব সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মা আৰু  ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত ৰাকেশ হূদৰ মাজত হোৱা সাক্ষাৎকাৰ ৷

Smita's interview with Mr Rakesh Sood
কেবৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ মাজতে ভাৰত - জাপান সন্মিলনঃ নিৰৱ বিদেশ মন্ত্ৰণালয়

Published : December 13, 2019 at 12:09 PM IST

|

Updated : December 13, 2019 at 1:35 PM IST

Choose ETV Bharat

নিউজ ডেক্স, 13 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম তথা উত্তৰ পূবত হৈ থকা হিংসাত্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত জাপানৰ প্ৰধানমন্ত্ৰী চীনজো অবেৰ ভাৰত ভ্ৰমণৰ স্থান পৰিৰ্বতন হ'ব পাৰে ৷ 15 আৰু 16 ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে ভাৰত - জাপান সন্মিলন ৷ লগতে এই ভ্ৰমণ সূচীতে 17 ডিচেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে মণিপুৰৰ ৰাজধানী ইম্ফলত থকা যুদ্ধ সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ কথাও আছিল ৷ যোৱা সপ্তাহত MEA ৰ অধ্যক্ষ ৰাভিশ কুমাৰে সন্মিলনৰ তাৰিখ নিৰ্ধাৰণ কৰিছিল যদিও গুৱাহাটীক সন্মিলনৰ আনুষ্ঠানিক স্থান বুলি মন্তব্য কৰাৰ পৰা বিৰত আছিল ৷ অসমত শীৰ্ষ দুই নেতাৰ উপস্থিতিত হ'ব লগীয়া এই সন্মিলনৰ বাবে প্ৰস্তুতি প্ৰায় তুংগত কৰি তোলা হৈছে ৷ এই সন্মিলনৰ জৰিয়তে ভাৰতে পূবলৈ চোৱা নীতিক গুৰুত্ব দিয়াৰ উপৰিও উত্তৰ পূবত জাপানৰ বিনিয়োগ বৃদ্ধিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ'ব ৷ বিশেষ সূত্ৰৰ মতে , এই ভ্ৰমণ সূচীতে দুই দেশৰ প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ কৰাৰ সম্ভাৱনা আছে ৷ কিন্তু সম্প্ৰতি ৰাজ্য খনত সেনা বাহিনী নিয়োগ কৰি সান্ধ্য আইন জাৰি কৰিবলগীয়া হোৱা বাবে নতুন দিল্লীয়ে এই কাৰ্যসূচী শীঘ্ৰে বাতিল কৰিব পাৰে ৷

এই ভ্ৰমণসূচীৰ স্থান পৰিবৰ্তনৰ ক্ষেত্ৰত পুনৰ চিন্তা কৰাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ে বৰ্তমানলৈকে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই ৷ ইয়াৰ বিপৰীতে নতুন দিল্লীত থকা জাপানৰ ৰাষ্ট্ৰদূতে সমগ্ৰ পৰিস্থিতি নীৰিক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিছে ৷

বিগত বৰ্ষৰ নৱেম্বৰ মাহত বেংককত অনুষ্ঠিত হোৱা আছিয়ান সন্মিলনত এই দুয়ো খন দেশৰ প্ৰধানমন্ত্ৰীয়ে মিলিত হৈছিল ৷ যোৱা সপ্তাহত দুয়োখন দেশৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত হোৱা সন্মিলনত দুয়োখন দেশৰ পাৰস্পৰিক সহযোগিতাই বিশেষ অগ্ৰগতি লাভ কৰিছিল ৷ এই সন্মিলনতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনী আৰু জাপানৰ আত্ম প্ৰতিৰক্ষা বাহিনীৰ বিষয়টোত দুয়ো দেশে কিছু গুৰুত্ব আৰোপ কৰিছিল ৷

Smita's interview with Mr Rakesh Sood
কেবৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ মাজতে ভাৰত - জাপান সন্মিলনঃ নিৰৱ বিদেশ মন্ত্ৰণালয়

ভাৰত - জাপান আলোচনাৰ গুৰুত্ব সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মা আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত ৰাকেশ হূদৰ মাজত হোৱা সাক্ষাৎকাৰ -

প্ৰশ্নঃ ভাৰত - জাপান সন্মিলন গুৱাহাটীত অনুষ্ঠিত কৰাটো কিমান গুৰুত্বপূৰ্ণ ?
উত্তৰঃ প্ৰধানমন্ত্ৰী মোদীয়ে কূটনৈতিক কৌশলৰ বাবেই নিশ্চয় এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ প্ৰথমবাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতিয়ে ভাৰতলৈ আহোতে গুজৰাট আৰু সৱৰমতী ভ্ৰমণ কৰিছিল ৷ দ্বিতীয়বাৰ তামিলনাডুত অনুষ্ঠিত হৈছিল সন্মিলন ৷ আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বে বাৰানাসীত জাপানৰ প্ৰধানমন্ত্ৰী অৱেক আদৰণি জনাইছিল ৷ তেওঁ দিল্লীৰ বাহিৰত থকাটো পছন্দ কৰিছিল , কাৰণ ৰাজধানী দিল্লীৰ পৰিৱেশ প্ৰদূষিত ৷ সেয়ে মোদীয়ে ব্যক্তিগতভাৱে কূটনৈতিক পদ্ধতি অৱলম্বন কৰিছে ৷

প্ৰশ্নঃ ভাৰতৰ পূবলৈ চোৱা নীতি আৰু জাপানৰ ইণ্ডো - প্ৰশান্ত সাগৰীয় কৌশলক আপুনি কি বুলি ভাৱে ?

উত্তৰঃ দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে প্ৰথমে 2+2 আলোচনা হৈছিল ৷ এইটো কেবিনেট পৰ্যায়লৈকে অগ্ৰগতি লাভ কৰিছিল ৷ পূৰ্বে দুয়োখন দেশৰ মাজত যৌথ অনুশীলন কেৱল নৌ বাহিনীতে সীমাবদ্ধ আছিল , কিন্তু এতিয়া আমি সেনাবাহিনী আৰু বায়ু সেনা বাহিনীৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছো ৷ জাপানৰ আভ্যন্তৰীণ আইনে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কিছু কাৰ্যক্ৰমণিকাৰ ওপৰত নিষেধ্বজ্ঞা আৰোপ কৰিছে যদিও এই ক্ষেত্ৰত কিছু শিথিলতা আনিব পৰাৰ সম্ভাৱনীয়তা আমি বিচাৰি আছো ৷ ইয়াৰোপৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গৱেষণা আৰু উন্নয়নমূলক প্ৰকল্পৰ বাবেও যৌথ অনুশীলনৰ সম্ভাৱনীয়তা আছে ৷ আমি উভয়ে বায়ু বিমান USA2 ক্ৰয় কৰাৰ কথা চিন্তা কৰিছো ৷ ভাৰতৰ সহযোগিতাত পূবলৈ চোৱা নীতিৰ যোগেদি জাপানে উদাৰ আৰু মুক্ত ইণ্ডো - প্ৰশান্ত সাগৰীয় অঞ্চল গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷

প্ৰশ্নঃ ACSA সমাপ্ত হোৱাৰ পাছত ভাৰতীয় নৌ সেনা বাহিনীয়ে জাপানৰ কিছু অংশত প্ৰৱেশৰ অনুমতি পাব , একে সময়তে জাপানৰ নিজা প্ৰতিৰক্ষা বাহিনীয়েও ভাৰতৰ অনুমতি সাপেক্ষে ভাৰত মহাসাগৰত থকা আন্দামান নিকোবৰ দ্বীপপুঞ্জত প্ৰৱেশ কৰিব পাৰিব ৷ এই চুক্তিক কিমান গুৰুত্বপূৰ্ণ ?

উত্তৰঃ জাপানৰ জাহাজ বা বাণিজ্যিক সামগ্ৰী পৰিবাহী জাহাজ ভাৰত মহাসাগৰৰ জলভাগত চলাচল কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত এক জলচুক্তিৰ প্ৰয়োজন ৷ যদি জাপানে ভাৰত মহাসাগৰত চলাচল কৰাৰ ক্ষেত্ৰত অনুমতি পালে ভাৰতেও জাপানৰ পূব সাগৰীয় অঞ্চলত প্ৰৱেশৰ অনুমতি পাব ৷ ভাৰতৰ ইতিমধ্যে আমেৰিকা , ফ্ৰান্স আদি দেশৰ লগত এনে ধৰণৰ চুক্তি আছে ৷

প্ৰশ্নঃ ভাৰতে জাপানৰ পৰা Amphibious উৰাজাহাজ ক্ৰয় কৰাৰ কথা কৈছে ৷ বিশ্ব যুদ্ধৰ পাছত পাৰমাণৱিক নীতিৰ ক্ষেত্ৰত জাপানে নিজ ইচ্ছাৰে এনেধৰণৰ আভ্যন্তৰীণ পৰিবৰ্তন কৰাটো কিমান প্ৰয়োজন ?

উত্তৰঃ এইটো জাপানৰ বাবে এটা দীৰ্ঘদিনীয়া আভ্যন্তৰীণ বিষয় ৷ সাগৰীয় নীতিৰ ক্ষেত্ৰত জাপান বৰ্তমান যথেষ্ট শক্তিশালী ৷ কিন্তু মই ভাৱো জাপানৰ প্ৰধানমন্ত্ৰী চীনজো অৱেই সম্ভৱত অনুভৱ কৰিছে যে, 1945 চনৰ পৰা জাপানক সাগৰীয় নীতি সমূহৰ ক্ষেত্ৰত পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে ৷ আমেৰিকাই জাপানৰ ওপৰত দখলীকৰণ আৰু আধিপত্য বিস্তাৰ কৰিছিল ৷ সেই সময়ৰ পৰাই জাপানৰ সাগৰীয় নীতি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো আমেৰিকাৰ বিশেষ ভূমিকা আছে ৷ একে সময়তে জাপানেও আমেৰিকাৰ প্ৰতিৰক্ষা ছাতিৰ তলত থাকি ইতিমধ্যে মিলি গৈছে ৷ কিন্তু আজি আমেৰিকাক এই প্ৰতিৰক্ষা ছাতিৰ বাবে মিত্ৰ দেশ সমূহে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে ৷ সেয়ে প্ৰধানমন্ত্ৰী অৱেই এই সকলো দিশক অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰিছে ৷

প্ৰশ্নঃ চীনৰ বৰ্ধিত শক্তিৰ বিপৰীতে ভাৰত আৰু জাপানে শক্তিশালীভাৱে থিয় দিব পাৰিছেনে ?

উত্তৰঃ ভাৰত আৰু জাপান দুয়ো খন দেশৰ বাবে চীন হৈছে শক্তিশালী বাণিজ্যিক মিত্ৰ ৷ অন্য দেশৰ তুলনাত চীনত জাপানৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰিমাণ বেছি ৷ চীনত বিনিয়োগ কৰাৰ ক্ষেত্ৰত জাপানে হৈছে প্ৰথম দেশ যিয়ে 1980 চনৰ পৰাই বিনিয়োগ কৰা আৰম্ভ কৰিছে ৷ ইয়াৰ পাছতহে দক্ষিণ কোৰিয়া আৰু তাৰ পাছত আমেৰিকাই বিনিয়োগৰ বাবে আগবাঢ়ি গৈছে ৷ সেয়ে জাপানে হওঁক বা ভাৰতে হওঁক কোনোৱে চীনৰ অৰ্থনৈতিক বিকাশক অগ্ৰাহ্য কৰিব নোৱাৰে ৷ একে সময়তে চীন আৰু জাপানৰ মাজত সাগৰীয় সীমাৰ ক্ষেত্ৰতো সমস্যা আছে যিটোৰ সমাধান বৰ্তমানলৈকে হোৱা নাই ৷ আনহাতে ভাৰতৰো চীনৰ সৈতে সীমাবিবাদ আছে ৷ লগতে পাকিস্তানৰ সৈতে চীনৰ পাৰমাণৱিক সহযোগিতাও ভাৰতৰ বাবে এটা উদিগ্ন বিষয় ৷ চীনৰ কিছু কাৰ্যই ভাৰত আৰু জাপানৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো ভাবুকিৰ সৃষ্টি কৰে ৷ সেয়ে আমি একেলগে কিদৰে আগবঢ়িব পাৰি আৰু কেনে ধৰণৰ ৰাজনৈতিভাৱে কি পদক্ষেপ ল'ব পাৰি সেয়া চিন্তা কৰাটো প্ৰয়োজন ৷ কিন্তু এই মিত্ৰতা প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নহ'ব , কিয়নো জাপানৰ প্ৰতিৰক্ষা বিষয়টো নিয়ন্ত্ৰণ কৰে আমেৰিকাই ৷

লগতে পঢ়ক , জাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল

Intro:Body:

INDIA JAPAN SUMMIT


Conclusion:
Last Updated : December 13, 2019 at 1:35 PM IST