ETV Bharat / bharat

জম্মু-কাশ্মীৰ : ৪জি ইন্টাৰনেট প্ৰদানত বাধা সৰ্বোচ্চ ন্যায়ালয়ৰ

author img

By

Published : May 11, 2020, 8:51 PM IST

জম্মু-কাশ্মীৰত ৪জি ইন্টাৰনেট সেৱা প্ৰদানত বাধা আৰোপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ।

৪জি ইন্টাৰনেট প্ৰদানত বাধা সৰ্বোচ্চ ন্যায়ালয়ৰ
৪জি ইন্টাৰনেট প্ৰদানত বাধা সৰ্বোচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ১১ মে' : উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে জম্মু-কাশ্মীৰত ৪ জি ইন্টাৰনেট সেৱা আৰম্ভ কৰাত বাধা আৰোপ কৰিছে । ন্যায়াধীশ এনভি ৰামনাৰ দ্বাৰা গঠিত বিচাৰপীঠে জম্মু-কাশ্মীৰত লকডাউনৰ মাজত ৪ জি ইন্টাৰনেট সেৱা আৰম্ভ কৰাত বাধা দিয়াৰ লগতে গৃহ মন্ত্ৰালয়ৰ এগৰাকী সচিবৰ দ্বাৰা গঠিত বিশেষ কমিটীৰ দ্বাৰা সমগ্ৰ বিষয়টো সন্দৰ্ভত চোৱাচিতা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

ৰাষ্ট্ৰীয় সুৰক্ষা আৰু মানৱ অধিকাৰক আগত ৰাখি এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত, মানৱ অধিকাৰ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাক অধিক গুৰুত্ব প্ৰদান কৰা হৈছে আৰু সমগ্ৰ বিষয়টো খুব সাৱধানে গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে বিচাৰপীঠে । আনহাতে বিষয়টো সন্দৰ্ভত গৃহ বিভাগৰ সচিব, যোগাযোগ বিভাগৰ সচিব আৰু জম্মু-কাশ্মীৰৰ মুখ্য সচিবক লৈ এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

জম্মু-কাশ্মীৰৰ পৰা ইন্টাৰনেট সেৱা প্ৰত্যাহাৰ কৰা বিষয়টোৰ পুনৰীক্ষণ কৰিবলৈ এখন কমিটী গঠন কৰি দিয়া হৈছিল আৰু ইয়াক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিনিধি ৰখা হৈছিল । কিন্তু সেইখন কমিটীয়ে প্ৰতিবেদন প্ৰস্তুত কৰোটো সকলোবোৰ দিশ সাঙুৰি ল'বলৈ সক্ষম হোৱা নাছিল আৰু যাৰ বাবে এইদৰে ৪ জি ইন্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত প্ৰতিনিধি কমিটী গঠন কৰিবলৈ কোৱা হয় ।

উল্লেখ্য যে, অনুৰাধা ভাচিনে জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিচতে ইন্টাৰনেট সেৱা বাতিল কৰাক লৈ আবেদন জনাইছিল । এই আবেদনৰ ভিত্তিতে আদালতে, নিষেধাজ্ঞা আৰু তাৰ স্তৰ, সাময়িক তথা অঞ্চলগতভাৱে বিচাৰ কৰি, কোনটো কৰা উচিত তাক লৈ চিন্তা কৰা উচিত বুলি মন্তব্য় কৰে ।

মহামাৰীৰ সময়ত জম্মু-কাশ্মীৰৰ বহুকেইজন আবেদনকাৰীয়ে ৪ জি ইন্টাৰনেট সেৱা উপলব্ধ নথকাক লৈ কৰা আবেদনৰ প্ৰত্যুত্তৰত এই উত্তৰ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে । আবেদনকাৰীসকলে হাইস্পীড ইন্টাৰনেট নথকাৰ ফলত শিক্ষাৰ্থী, চিকিৎসক তথা অন্যান্যসকলে বহুটো অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছিল । ৪ জি ইন্টাৰনেট নথকাৰ ফলত শিক্ষাৰ অধিকাৰ, ব্যৱসায়ৰ অধিকাৰ, স্বাস্থ্যৰ অধিকাৰ, বাকস্বাধীনতা ভংগ হোৱা বুলি উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰা হৈছিল ।

লগতে পঢ়কঃ উচ্চ ন্যায়ালয়ত খাৰিজ যৌনকৰ্মীসকলৰ ৰাজহুৱা স্বাৰ্থজনিত আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.