ETV Bharat / bharat

ওড়িশাৰ বানত 14 লক্ষাধিক লোক ক্ষতিগ্ৰস্ত, 17 গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা

ওড়িশাত বানৰ কবলত পৰি বৰ্তমানলৈ 17 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে, 20 জিলাৰ 14 লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷

ওড়িশাৰ বান
ওড়িশাৰ বান

Published : August 31, 2020 at 9:18 AM IST

Choose ETV Bharat

নেশ্যনেল ডেস্ক, 31 আগষ্ট: দেওবাৰে ওড়িশাৰ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ওড়িশাত বানৰ কবলত পৰি বৰ্তমানলৈ 17 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে, 20 জিলাৰ 14 লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷

বিশেষ সাহায্য আয়ুক্তই জনোৱা অনুসৰি, ৰাজ্যখনত মুঠ 112 টা ব্লকৰ 896 খন গাঁও পঞ্চায়ত, 3,256 খন গাঁৱৰ লগতে 21 নগৰৰ 75 ৱাৰ্ড প্লাৱিত হৈছে ৷ ৰাজ্যখনত বানৰ প্ৰভাৱত 10,382 টা বাসস্থান ক্ষতিগ্ৰস্ত হোৱাৰ ওপৰিও, 1,68,904 হেক্টৰ শস্য বিনস্ত হয় ৷

অতি কমেও 45 খন চিকিৎসালয় আৰু 42 খন পশু চিকিৎসালয়ৰ লগতে, 14 টাকৈ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ দল, 17 টা ওড়িশা ৰেপিড একশ্যন ফ'ৰ্চৰ দল, 22 টা অগ্নিনিৰ্বাপক বাহিনীৰ দল আৰু 254 খন নাও ভিন্ন বানাক্ৰান্ত অঞ্চলত ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে বিশেষ সাহায্য আয়ুক্তই ৷

লগতে পঢ়ক: মধ্য প্ৰদেশৰ বানাক্ৰান্তক উদ্ধাৰ বায়ু সেনাৰ