নেশ্বনেল ডেস্ক, 8 নৱেম্বৰ : বহু প্ৰতীক্ষিত ৰামজন্মভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ ৰায়দানৰ পূৰ্বে অযোধ্যাৰ মন্দিৰ অঞ্চলত বহুতৰপীয়া নিৰাপত্তা ব্যৱস্থা মোতায়েন কৰা হৈছে ৷ উল্লেখ্য যে, 9 নৱেম্বৰৰ পুৱা 10.30 বজাত উচ্চতম ন্যায়ালয়ে এই স্পৰ্শকাৰত গোচৰটোৰ ৰায়দান কৰিব ৷
ৰামজন্মভূমি আৰক্ষী থানাৰ পৰা আৰম্ভ কৰি চহৰখনৰ সকলো অঞ্চলতে দুচকীয়া বাহনত তালাচী চলোৱা হৈছে ৷ এই সম্পৰ্কত অতিৰিক্ত আৰক্ষী মহানিৰ্দেশক (আইন ব্যৱস্থা) পি.ভি. ৰামাশাস্ত্ৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে, "অযোধ্যা আৰু সকলোবোৰ স্পৰ্শকাতৰ জিলাতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷"
কেৱল নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰাই নহয়, অযোধ্যা বিবাদৰ ৰায়ৰ পূৰ্বে নিয়োজিত সেনা বাহিনীক উন্নত মানৰ সা-সৰঞ্জাম আৰু প্ৰশিক্ষণো প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি, জ্যেষ্ঠ বিষয়াসকলেও এই ক্ষেত্ৰত বিভিন্ন পৰিকল্পনাত ব্যস্ত হৈ পৰিছে ৷
"ড্ৰ'ণ কেমেৰা ব্যৱহাৰৰ জৰিয়তে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰিকল্পনাসমূহ ভালদৰে কৰাৰ ব্যৱস্থা কৰা হৈছে ৷" এই মন্তব্য ৰামাশাস্ত্ৰীৰ ৷ লগতে তেওঁ কয় যে, যোৱা 1 মাহতকৈ বেছি দিনৰ পৰা আৰক্ষীয়ে স্থানীয় লোকৰ মাজত নিৰাপত্তা সম্পৰ্কত বিশ্বাস প্ৰদান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পূৰ্বে মন্তব্য কৰিছিল যে, লক্ষ্ণৌ আৰু অযোধ্যাত নিৰাপত্তাজনিত কাৰণৰ বাবে দুখনকৈ হেলিকপ্তাৰৰ ব্যৱস্থা কৰা হৈছে ৷ যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে এই হেলিকপ্তাৰৰ ব্যৱস্থা কৰা হৈছে ৷ এক চৰকাৰী বিবৃতি অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰাপত্তা সম্পৰ্কীয় সকলোবোৰ বিষয় পৰ্যালোচনা কৰাৰ লগতে জিলা কেইখনৰ যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবৰ বাবে সকলো ধৰণৰ নীতি-নিৰ্দেশনা প্ৰদান কৰিছে ৷ ইয়াৰোপৰি, লক্ষ্ণৌত জিলা পৰ্যায়ৰ এক নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা হৈছে ৷
আইন উলংঘা কৰাসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ উল্লেখ্য যে, মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত 5 জনীয়া বিচাৰপীঠে 40 দিন ধৰি চলা শুনানিৰ অন্তত এই গোচৰৰ ৰায় দিব ৷ শনিবাৰে ঘোষণা কৰিবলগা এই ৰায়দানৰ পূৰ্বে উত্তৰ প্ৰদেশৰ সকলোবোৰ বিদ্যালয় 11 নৱেম্বৰলৈকে আৰু মধ্যপ্ৰদেশ আৰু কৰ্ণাটকৰ বিদ্যালয়সমূহ শনিবাৰৰ বাবে বন্ধ ঘোষণা কৰা হৈছে ৷