ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰে আলোচনাৰ অন্তত কৃষি আইন সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত

author img

By

Published : Dec 6, 2020, 3:43 PM IST

শনিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় নেতৃত্বৰে পঞ্চম স্তৰৰ বৈঠকত মিলিত হৈছিল কৃষকসকল ৷ কিন্তু এই বৈঠকখন কোনো সিদ্ধান্তত উপস্থিত নোহোৱাত পৰৱৰ্তী বৈঠকৰ পূৰ্বে কৃষি আইন সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে আলোচনা কৰাৰ আশ্বাস প্ৰদান কেন্দ্ৰীয় নেতৃত্বই ৷

ministers-assured-us-of-decision-on-farm-laws-after-discussion-with-pm
প্ৰধানমন্ত্ৰীৰে আলোচনাৰ অন্তত কৃষি আইন সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত

নেশ্যনেল ডেস্ক,6 ডিচেম্বৰঃ 9 ডিচেম্বৰত পুনৰবাৰ তিনিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু 32 টা প্ৰধান কৃষক সংগঠনৰ প্ৰতিনিধি মিলিত হ’ব এক বৈঠকত ৷ শনিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় নেতৃত্বৰে পঞ্চম স্তৰৰ বৈঠকত মিলিত হৈছিল কৃষকসকল ৷ শনিবাৰৰ এই বৈঠকত উপস্থিত থকা কৃষক নেতাসকলে কয় যে, মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে আলোচনাৰ অন্ততহে কৃষি আইন সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷

ৰাষ্ট্ৰীয় কিষান মজদুৰ সংঘৰ সন্দীপ গিড্ডেই কয়, যেতিয়া কৃষকসকলে এই আইন তিনিখন উঠাই নোলোৱা পৰ্যন্ত আলোচনা বৰ্জন হুংকাৰ প্ৰদান কৰে, তেতিয়াই কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ আৰু কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পিযুষ গোয়েল আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সোম প্ৰকাশে এই বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষলৈ নি তেখেতৰ অধ্যক্ষতাত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ 9 ডিচেম্বৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰে আলোচনাৰ পিছতে এটি প্ৰস্তাৱ গ্ৰহণ কৰি পৰৱৰ্তী বৈঠকত কৃষক সকলক অৱগত কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেইগৰাকীয়ে ৷

লগতে পঢ়ক-ভাৰত-চীন সীমান্ত যোগাযোগ ব্যৱস্থা উন্নতঃ লেফ্টনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.