ETV Bharat / bharat

কোনো বেংকে নামানে বিজয় মালিয়াৰ ঋণ পৰিশোধৰ প্ৰস্তাৱ: বেংক বিষয়া প্ৰভাকৰ

author img

By

Published : Jul 18, 2020, 5:27 PM IST

দেশৰ এগৰাকী শীৰ্ষ বেংক বিষয়াই জনালে, পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়াই ঋণ লোৱা ৯ হাজাৰ কোটি টকাৰো অধিক ধন ভাৰতীয় ষ্টেট বেংক,আইডিবিআইকে ধৰি আন সমূহ বেংকক পৰিশোধ কৰিবৰ বাবে বহুবাৰ প্ৰস্তাৱ আগ বঢ়াই আহিছে । ৰাজ্যসভাৰ পূৰ্ব সাংসদ তথা বন্ধ হৈ যোৱা বিমান সেৱা প্ৰতিস্থান কিংফিছাৰৰ স্বত্বাধিকাৰী বিজয় মালিয়াৰ পাচপৰ্ট ষ্টেট বেংকৰ দ্বাৰা বাজেয়াপ্তৰ বাবে লোৱা পদক্ষেপৰ পিছতে দেশ এৰি তেওঁ পলায়ন কৰিছিল ।

Mallya's offer to repay loan a farce, no bank can accept: Prabhakar Kaza
কোনো বেংকে নামানে বিজয় মালিয়াৰ ঋণ পৰিশোধৰ প্ৰস্তাৱ: বেংক বিষয়া প্ৰভাকৰ

নিউজ ডেস্ক,১৮ জুলাই: চাৰি বছৰৰো অধিক সময় ভাৰতীয় আইনী ব্যৱস্থাৰ পৰা আঁতৰত থাকি পলাতক হৈ থকা সুৰা ব্যৱসায়ীজনে দেশৰ বিভিন্ন বেংক সমূহৰ পৰা লোৱা সম্পূৰ্ণ ঋণ ঘূৰাই দিবৰ বাবে ৰাজহুৱাকৈ ঘোষণা কৰিছে । এতিয়া তেওঁ ওলোটাকৈহে বেংক সমূহৰ ওপৰত অভিযোগ তুলি প্ৰস্তাৱ অস্বীকাৰ কৰা বুলি ক'ব খুজিছে । ইফালে শীৰ্ষ বেংক বিষয়া গৰাকীয়ে মালিয়াৰ এই অভিযোগ খণ্ডনৰ লগতে তেওঁ ইউকে আৰু ভাৰত উভয় ক্ষেত্ৰতেই অধিক পাৰদৰ্শী বুলি অৱগত কৰিলে ।

Mallya's offer to repay loan a farce, no bank can accept: Prabhakar Kaza
কোনো বেংকে নামানে বিজয় মালিয়াৰ ঋণ পৰিশোধৰ প্ৰস্তাৱ: বেংক বিষয়া প্ৰভাকৰ

"মালিয়াই কৈ আহিছে যে,ধাৰ পৰিশোধ কৰিবলৈ তেওঁৰ হাতত এতিয়া ধন আছে । মইও শুনা মতে পৰিশোধৰ বাবে তেওঁৰ হাতত ধন আছে। কিন্তু এনেকুৱা নহয় যে,তেওঁ ধন ঘুৰাই দিব আৰু বেংকে তেওঁক ক্লিন চিট দি দিব ।" এই ধৰণে কলে ইউকে স্থিত পূৰ্বৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰভাকৰ কাজাই ।

কাজাই জনালে, অন্য ব্যৱসায়ী সকলৰ দৰেই বিজয় মালিয়াইও নিজৰ ধন ষ্ট'ক মাৰ্কেট,শ্বেয়াৰ মাৰ্কেট,বেংক একাউণ্ট,সম্পত্তি অথবা অন্যান্য ব্যৱসায়ত বিনিয়োগ কৰিছিল ।

বিজয় মালিয়াই ১৯৮৩ চনতে ২৮ বছৰ বয়সত ইউবি স্পিৰিটছৰ অধ্যক্ষ হৈছিল । ২০০৫ চনত আৰম্ভ কৰিছিল কিংফিছাৰ এয়াৰ লাইঞ্চৰ । ব্যৱসায়ত লোকচান হোৱা হেতুকে সাত বছৰ পিছত কিংফিছাৰ এয়াৰ লাইঞ্চৰ সেৱা বন্ধ কৰি দিব লগা হৈছিল । তেতিয়ালৈ বহু লোকচানৰ সন্মুখীন হোৱাৰ লগতে বহু কোটি টকাৰ ধাৰত পোট খাই পৰিছিল ।

সাৰ্বজনীন ভাৱে উপলব্ধ তথ্য অনুসৰি মালিয়া বৰ্তমান প্ৰায় ৯ হাজাৰ কোটি টকাৰ ধাৰত পোত গৈ আছে । বেংক কৰ্তৃপক্ষ সমূহে মালিয়া আৰু কিংফিছাৰ এয়াৰ লাইঞ্চে বেলেগলৈ ফাণ্ড স্থানান্তৰিত কৰাৰ অভিযোগ তুলি ২০১৪ চনত মালিয়াক অৰ্থনৈতিক অপৰাধী আৰু পলাতক হিচাপে ঘোষণা কৰিছিল ।

চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত লোকসভাত বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰে দিয়া এক তথ্য অনুসৰি,পাব্লিক চেক্টৰৰ বেংক সমূহত ২০১৯ বৰ্ষৰ চেম্পেম্বৰৰ শেষৰ ফাললৈকে ঋণ পৰিশোধ নকৰা ধনৰ পৰিমাণ আছিল ৭.২৭ লাখ কোটি টকা । ফলত বিত্তীয় বৰ্ষ ২০১৯-২০ ত চৰকাৰৰ সৰ্বমুঠ বিত্তীয় ঘাটিৰ তুলনাত ই ৭.৬৭ লাখ কোটিতকৈ সামান্য কম হৈছিল ।

তাৰোপৰি যেতিয়া বিজয় মালিয়াৰ বিষয়টো এটা ইচ্ছাকৃত ক্ৰুটিৰ বিষয় হিচাপে চিহ্নিত হ'ল,তেতিয়া উদ্যোগ অথবা কোম্পানীৰ স্বত্বাধিকাৰী সকলে জানি বুজি ঋণ পৰিশোধ নকৰিব বুলি ধাৰণা কৰা হৈছিল ।

যেতিয়া বিজয় মালিয়াক ভাৰতলৈ প্ৰত্যৰ্পণৰ বাবে আইনী যুঁজ চলোৱা হৈছিল সেই সময়তে ইউ কেত ভাৰতৰ লগতে বিদেশী বেংকত কামৰ অভিজ্ঞতা বুটলা প্ৰভাকৰ কাজাই পলাতক মালিয়াই দেখুৱাই দিয়া তেওঁৰ সম্পত্তি বিক্ৰী কৰি ঋণৰ ধন আদায় কৰাটো অসম্ভৱ বুলি ব্যক্ত কৰিছিল ।

ভাৰতৰ পৰা বিজয় মালিয়াক দেশলৈ প্ৰত্যৰ্পণৰ বাবে কৰা দীঘলীয়া আইনী যুঁজখনত পৰাজিত হোৱাৰ পিছত এতিয়া যোৱাটো মাহত মালিয়াই ব্ৰটেইনত আশ্ৰয় ল'বৰ বাবে আবেদন কৰিছিল যদিও এতিয়াও সেই আবেদনৰ শুনানি ল'বলৈ বাকী আছে আৰু যদি সেই আবেদন নাকচ হয় তেনেহ'লে পলাতক ব্যৱসায়ী মালিয়াক ভাৰতলৈ ঘূৰাই আনি আইনী ব্যৱস্থাত সোমোৱাটো সম্ভৱ হৈ পৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.