ETV Bharat / bharat

তিনি বছৰীয়া সন্তানক লৈ বিলত জাপ দি আত্মহত্যা মহিলাৰ

author img

By

Published : Oct 26, 2020, 5:21 PM IST

কেৰালাৰ অষ্টমুদী বিলত জপিয়ায় আত্মহত্যা কৰে এগৰাকী মহিলাই ৷ মহিলাগৰাকীয়ে তেওঁৰ তিনি বছৰীয়া শিশুটিৰ সৈতে বিলটোত জাপ দিয়ে ৷

তিনি বছৰীয়া সন্তানক লৈ বিলত জাপ দি আত্মহত্যা মহিলাৰ
তিনি বছৰীয়া সন্তানক লৈ বিলত জাপ দি আত্মহত্যা মহিলাৰ

নেশ্যনেল ডেস্ক, 26 অক্টোবৰ: কেৰালাৰ কুন্দাৰাৰ নিকটৱৰ্তী ভেল্লমান্নীত অঘটন ৷ ভেল্লমান্নীৰ অষ্টমুদী বিলত সন্তানসহ জপিয়াই এগৰাকী মহিলাই আত্মহত্যা কৰে ৷ মহিলাগৰাকীৰ নাম ৰাখী বুলি জানিব পৰা গৈছে ৷

পেৰিনাডৰ নিবাসী ৰাখীয়ে তেওঁৰ তিনি বছৰীয়া শিশুটিৰ সৈতে সেই বিলটোত জাপ দিয়ে ৷ পৰৱৰ্তী সময়ত উদ্ধাৰকাৰীৰ এটা দলে ৰাখীৰ নামৰ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ বৰ্তমানেও শিশুটিৰ বিচাৰি উদ্ধাৰকাৰীৰ দলৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে কোল্লাম আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰায়ৰ জামিন মঞ্জুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.