ETV Bharat / bharat

আয়কৰ বিভাগে জব্দ কৰিলে প্ৰায় 62 কোটি টকা

author img

By

Published : Oct 28, 2020, 8:24 PM IST

দিল্লী এন চি আৰ, হাৰিয়ানা, পাঞ্জাৱ, গোৱা আৰু উত্তৰাখণ্ডত বিভাগে চলোৱা তালাচীৰ সৈতে ইয়াৰ সম্পৰ্ক আছে আৰু কৰদাতাই উল্লেখ কৰা অনুসৰি এটা চক্ৰই প্ৰায় 500 কোটি টকাৰ এই কাৰোবাৰ নিয়ন্ত্ৰণ কৰে ৷ জব্দকৃত ধনখিনিত আছে 2000 টকীয়া আৰু 500 নোটৰ বান্দিল, কাঠৰ আলমাৰি আৰু বিভিন্ন আচবাবত থোৱা অৱস্থাত ধনখিনি জব্দ কৰা হৈছে ৷

তালাচী
তালাচী

নেশ্যনেল ডেস্ক, 28 অক্টোবৰ : ভুৱা ৰচিদ আৰু এন্ট্ৰি অপাৰেটৰৰ বিৰুদ্ধে অভিযান চলাই আয়কৰ বিভাগে জব্দ কৰিছে প্ৰায় 62 কোটি নগদ ধন ৷ তেওঁলোকে জনোৱা মতে, ধন খিনি গণনা কৰা হোৱা নাই আৰু সঞ্জয় জৈন নামৰ এগৰাকী ব্যক্তিৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা এই ধন জব্দ কৰা হৈছে ৷ দিল্লী এন চি আৰ, হাৰিয়ানা, পাঞ্জাৱ, গোৱা আৰু উত্তৰাখণ্ডত বিভাগে চলোৱা তালাচীৰ সৈতে ইয়াৰ সম্পৰ্ক আছে আৰু কৰদাতাই উল্লেখ কৰা অনুসৰি এটা চক্ৰই প্ৰায় 500 কোটি টকাৰ এই কাৰোবাৰ নিয়ন্ত্ৰণ কৰে ৷

জব্দকৃত ধনখিনিত আছে 2000 টকীয়া আৰু 500 নোটৰ বান্দিল, কাঠৰ আলমাৰি আৰু বিভিন্ন আচবাবত থোৱা অৱস্থাত ধনখিনি জব্দ কৰা হৈছে ৷ এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছিল, যি এইধৰণে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি আছে ৷ আনহাতে 17 টা বেংক লকাৰত 2.37 কোটি নগদ ধন আৰু 2.89 কোটি টকাৰ গহনা থকাৰ তথ্য় পোৱা গৈছে, যিসমূহ বৰ্তমানেও তালাচী চলাবলৈ বাকী ৰৈছে ৷

লগতে পঢ়ক : সুচল যাতায়াতৰ অভাৱে দুৰ্ভোগ ভুগাইছে দলগাঁওবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.