ETV Bharat / bharat

Agniveer dies on duty in high altitude Siachen: কৰ্তব্যৰত অৱস্থাত ছিয়াচেনত মৃত্যু অগ্নিবীৰৰ

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 6:26 PM IST

ছিয়াচেনত মৃত্যু হ’ল এজন ভাৰতীয় সেনা ৷ কৰ্তব্যৰত অৱস্থাত ছিয়াচেনত এজন অগ্নিবীৰৰ মৃত্যু হয় ৷ নিহত অগ্নিবীৰৰ জনৰ নাম গাৱাতে অক্ষয় লক্ষ্মণ ৷

Agniveer dies on duty in high altitude Siachen
Etv Bharat

নিউজ ডেস্ক,22 অক্টোবৰ : ছিয়াচেনত মৃত্যু হ’ল এজন ভাৰতীয় সেনা ৷ দেওবাৰে ভাৰতীয় সেনাবাহিনীৰ ফায়াৰ এণ্ড ফিউৰি কৰ্পৰ লেহস্থিত মুখ্য কাৰ্যালয়ৰ পৰা এই কথা জানিবলৈ দিছে ৷ সেনাৰ কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি, ছিয়াচেনত কৰ্তব্যৰত অৱস্থাত এজন অগ্নিবীৰৰ মৃত্যু হয় । ছিয়াচেন হিমবাহৰ ওচৰৰ অতি উচ্চ স্থানত মৃত্যু হৈছে অগ্নিবীৰজনৰ ।

নিহত অগ্নিবীৰৰ জনৰ নাম গাৱাতে অক্ষয় লক্ষ্মণ ৷ মহাৰাষ্ট্ৰৰ আছিল নিহত অগ্নিবীৰ লক্ষ্মণ ৷ তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে আৰু বাহিনীটোৰ সতীৰ্থসকলে । ইফালে লক্ষ্মণৰ মৃত্যুৰ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই । ইফালে পৰিয়ালৰ লোকক মৃতদেহ গতাই দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি সেনাৰ তৰফৰ পৰা জানিবলৈ দিছে ৷

উল্লেখ্য যে কাৰাকোৰাম ৰেঞ্জৰ প্ৰায় 20 হাজাৰ ফুট উচ্চতাত অৱস্থিত ছিয়াচেন হিমবাহক বিশ্বৰ সৰ্বোচ্চ সামৰিককৃত অঞ্চল হিচাপে জনা যায় ৷ য’ত সৈনসকলে হিম আৰু প্ৰৱল বতাহৰ সৈতেও যুঁজিবলগীয়া হয় । এই অত্যন্ত প্ৰতিকূল বতৰৰ মাজত কৰ্তব্যৰত সেনাসকলে জীয়াই থকাৰ বাবে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে ।

ছিয়াচেন উচ্চতা আৰু তীব্ৰ শীতৰ বাবে জনাজাত । X’ত ফায়াৰ এণ্ড ফিউৰি কৰ্পৰ তৰপৰ পৰা কয় যে, "তুষাৰৰ মাজত চতুৰ্থাংশই এতিয়া নীৰৱ, যেতিয়া পৰিস্থিতি আহিব, তেওঁলোক উঠিব আৰু পুনৰ মাৰ্চ কৰিব ।" ফায়াৰ এণ্ড ফিউৰি কৰ্পছে পুনৰ কয় যে, "অগ্নিবীৰ (অপাৰেটৰ) গোটে অক্ষয় লক্ষ্মণৰ পৰম ত্যাগক ছিয়াচেনৰ উচ্চতাত থকা ফায়াৰ এণ্ড ফিউৰি কৰ্পছৰ সকলোৱে প্ৰণাম জনাইছে আৰু পৰিয়ালটোক গভীৰ শোক প্ৰকাশ কৰিছে ।"

লগতে পঢ়ক:Cash for Questions Row : মহুৱা মৈত্ৰৰ নগদ ধন কেলেংকাৰীৰ বিতৰ্ক; কিয় আঁতৰি আছে তৃণমূল কংগ্ৰেছৰ নেতৃত্ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.