পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচন ২০২৬: ভোটগ্ৰহণৰ সামৰণি, সন্ধিয়া ৭ বজালৈ পশ্চিমবংগত ৯১.৩৫ শতাংশ আৰু তামিলনাডুত ৮২.২৪ শতাংশ ভোটদান

Published : April 23, 2026 at 6:56 AM IST
|Updated : April 23, 2026 at 7:47 PM IST
পশ্চিমবংগৰ উত্তৰ আৰু দক্ষিণ বংগত প্ৰথম পৰ্যায়ৰ ১৫২খন আৰু তামিলনাডু ২৩৪ খন বিধানসভা আসনৰ একক পৰ্যায়ৰ নিৰ্বাচন আজি অনুষ্ঠিত হৈছে ৷ পুৱা ৭ বজাৰ পৰা দুয়োখন ৰাজ্যতে ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু সন্ধিয়া ৬ বজাত সমাপ্ত হ’ব । তামিলনাডু, পশ্চিমবংগৰ লগতে ৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হোৱা কেৰালা, অসম, আৰু পুডুচেৰীৰ ভোটগণনা ৪ মে’ত হ’ব ।
LIVE FEED
সন্ধিয়া ৭ বজালৈ পশ্চিমবংগত ৯১.৩৫ শতাংশ আৰু তামিলনাডুত ৮২.২৪ শতাংশ ভোটদান
কেইবাটাও সৰু-বৰ বিক্ষিপ্ত ঘটনাৰ সাক্ষী হৈ বৃহস্পতিবাৰে সামৰণি পৰে পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ ৰাজ্যখনত অভিলেখসংখ্যক ৯১.৩৫ শতাংশ ভোটাৰে নিজৰ অধিকাৰ সাব্যস্ত কৰে ৷ আনহাতে, তামিলনাডুত ৮২.২৪ শতাংশ ভোটাৰে ভোটদান কৰে বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে ৷
প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ফলাফল তৃণমূল কংগ্ৰেছৰ পক্ষত থকাৰ দাবী কৰে ৷
পশ্চিমবংগ বিধানসভা নিৰ্বাচন : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত তৃণমূল কংগ্ৰেছ জয়ী হোৱাৰ দাবী মমতা বেনাৰ্জীৰ
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে তৃণমূল কংগ্ৰেছ জয়ী হোৱাৰ ইংগিত দিছে ৷ বৃহস্পতিবাৰে পশ্চিমবংগত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ কলকাতাৰ ব’ বজাৰ এলেকাত অনুষ্ঠিত এক সভাত মমতা বেনাৰ্জীয়ে ঘোষণা কৰে যে, নিৰ্বাচনত জয়ী হোৱাৰ পিছত সকলো বিৰোধী দলক একত্ৰিত কৰি দিল্লী জয় কৰিব । পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৫২ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয় । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত বিয়লি ৫ বজালৈকে অভিলেখসংখ্যক ৮৯.৯৩ শতাংশ ভোটদান সম্পন্ন হয় ।
২৯ এপ্ৰিলত ১৪২ খন আসনৰ বাবে ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । মমতা বেনাৰ্জীয়ে জয়ৰ দাবী জনাই কয়, ‘‘মই যিখিনি বুজি পাইছো, এতিয়ালৈকে ভোটদানৰ ভিত্তিত মই ক’ব পাৰো যে আমি ইতিমধ্যে বিজয়ী হ’ব পৰা অৱস্থাত আছো । মই কোনো পদৰ বাবে আগ্ৰহী নহয় । মই আসন নিবিচাৰো । মই মাত্ৰ দিল্লীত বিজেপি চৰকাৰৰ অন্ত পৰাটো বিচাৰো ।’’
সন্ধিয়া ৫ বজালৈ পশ্চিমবংগত ৮৯.৯৩ আৰু তামিলনাডুত ৮২.২৪ শতাংশ ভোটদান
সন্ধিয়া ৫ বজালৈ পশ্চিমবংগত ৮৯.৯৩ আৰু তামিলনাডুত ৮২.২৪ শতাংশ ভোটদান সম্পন্ন হয় ৷ চলিত বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবংগত ভোটদানৰ হাৰ সৰ্বাধিক হোৱা দেখা গৈছে ৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে দক্ষিণৰ ৰাজ্য তামিলনাডু ৷
তামিলনাডু বিধানসভা নিৰ্বাচন : ছুপাৰষ্টাৰ ৰজনীকান্তৰ পত্নীৰ ভোটদান
তামিলনাডু বিধানসভা নিৰ্বাচনৰ দিনটোত চেন্নাইৰ ষ্টেলা মাৰিছ কলেজৰ ভোটগ্ৰহণ কেন্দ্ৰত ছুপাৰষ্টাৰ ৰজনীকান্তৰ পত্নী তথা গায়িকা লতা ৰজনীকান্তই ভোটদান কৰে ।
-
#WATCH | Tamil Nadu Assembly Elections: Latha Rajinikanth, wife of Superstar Rajinikanth, casts her vote at Stella Maris College Polling booth in Chennai pic.twitter.com/NIazVB7BX2
— ANI (@ANI) April 23, 2026
বিয়লি ৩ বজালৈ পশ্চিম বংগত ৭৮.৭৭% আৰু তামিলনাডুত ৭০% ভোটদান
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পশ্চিমবংগত বিয়লি ৩ বজালৈ ৭৮.৭৭% ভোটদান সম্পন্ন ৷ আনহাতে তামিলনাডুত ভোটদানৰ হাৰ ৭০% ৷
নামাক্কালত এম্বুলেন্সত উঠি ভোট দিবলৈ আহিল শয্যাশায়ী মহিলা
তামিলনাডু বিধানসভা নিৰ্বাচনত নামমাক্কালৰ পল্লীপলায়মত ভোটদান কৰিবলৈ আত্মীয়ই এম্বুলেন্সত আনিলে বিচনাত পৰি থকা এগৰাকী মহিলাক । হুইল চেয়াৰত চলা-ফুৰা কৰা মহিলাগৰাকীক ভোটদানৰ অন্তত আন এগৰাকী মহিলাই লৈ যোৱা দেখা যায় আৰু এম্বুলেন্সত উঠায় পুনৰ চিকিৎসালয়লৈ লৈ হয় । ভোটাৰগৰাকীৰ সৈতে যোৱা মহিলাগৰাকীয়ে কয় যে তেওঁৰ ষ্ট্ৰোক হৈছে আৰু তেওঁক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ অনা হৈছিল ।
-
VIDEO | Tamil Nadu polls: Bedridden woman brought in ambulance to vote in Namakkal's Pallipalayam.#AssemblyPollsWithPTI #TamilNaduPollsWithPTI
— Press Trust of India (@PTI_News) April 23, 2026
(Full video available on PTI Videos - https://t.co/n147TvrpG7) pic.twitter.com/m9F9xEAl2e
য'তেই ভোটাৰৰ হাৰ বেছি, তাতেই বিজেপি জয়ী হৈছে : প্ৰধানমন্ত্ৰী মোদী
"বংগৰ পৰা পোৱা তথ্যই পৰিৱৰ্তনৰ বতাহৰ ইংগিত দিছে ৷" এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ তেওঁ কয় যে য’তেই ভোটাৰৰ সংখ্যা বেছি আছিল তাতেই বিজেপিয়ে জয়লাভ কৰিছে । কৃষ্ণনগৰত এখন নিৰ্বাচনী সভাত ভাষণ দি তেওঁ কয় যে এইবাৰ বংগৰ বহু জিলাত টিএমচিয়ে একাউণ্টো খুলিব নোৱাৰিব ।"
তেওঁ লগতে কয়, "মই ক'ব পাৰো যে যোৱা ৫০ বছৰৰ ভিতৰত এইটোৱেই প্ৰথম নিৰ্বাচন য'ত হিংসাত্মক পৰিস্থিতি সৰ্বনিম্ন স্তৰত আছে । ইয়াৰ আগতে তেওঁলোকে কাৰোবাক ফাঁচী দি ব্যক্তিজনে আত্মহত্যা কৰা বুলি দাবী কৰিছিল । তাত 'গুণ্ডাৰজ' আছিল । পশ্চিমবংগৰ ভূমিত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে মই নিৰ্বাচন আয়োগক পুনৰবাৰ ধন্যবাদ জনাইছো ।"
পশ্চিমবংগৰ ভোটগ্ৰহণ কেন্দ্ৰত মহিলাৰ মৃত্যু
মালদাৰ মাল্টিপুৰ বিধানসভা সমষ্টিৰ কন্দৰণ অঞ্চলত ভোটদানৰ সময়তে ভোটদান কেন্দ্ৰত ঢলি পৰি এগৰাকী মহিলাৰ মৃত্যু হয় । মৃত মহিলাগৰাকী প্ৰমিলা বাগদী (৬০) বুলি চিনাক্ত কৰা হৈছে । ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰাৰ লগে লগে হঠাতে মহিলাগৰাকী ঢলি পৰে আৰু চিকিৎসাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয় । মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে, হাৰ্ট এটেকত ভদ্ৰমহিলাগৰাকীৰ মৃত্যু হয়।
বিবাহস্থলীৰ পৰাই ভোটদান কৰিবলৈ আহিল দৰা-কইনা
তামিলনাডুৰ কাঞ্চিপুৰমত বিবাহ অনুষ্ঠানৰ কিছু সময়ৰ পিছতে কইনাক লগত লৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল দৰা ৷ ভোটদানৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত দৰা ৰবি ৰাহুলে কয়, "ভোট দিয়াটো এটা কৰ্তব্য । সকলোৱে কৰা উচিত... বিয়াৰ দিনা ভোট দিয়াটো এক অবিস্মৰণীয় অভিজ্ঞতা...৷"
-
#WATCH | Kanchipuram, Tamil Nadu: A groom in Kanchipuram cast his vote along with his bride immediately after their wedding ceremony. pic.twitter.com/SCqklwCttl
— ANI (@ANI) April 23, 2026
দুপৰীয়া ১ বজালৈ পশ্চিমবংগত ৬২.১৮% আৰু তামিলনাডুত ৫৬.৮১% ভোটদান
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পশ্চিমবংগত দুপৰীয়া ১ বজালৈ ৬২.১৮% ভোটদান সম্পন্ন হয় ৷ আনহাতে তামিলনাডুত ভোটদানৰ হাৰ হৈছে ৫৬.৮১% ৷
নাওদাকাণ্ডৰে জড়িত থকা অভিযোগত গ্ৰেপ্তাৰ-৩
নাওদা সংঘৰ্ষৰে জড়িত থকা অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । দুপৰীয়া ১ বজাত শিৱনগৰত উপস্থিত হয় মুৰ্ছিদাবাদ আৰক্ষীৰ জিলা অধীক্ষক শচীন মক্কাৰ । জানিব পৰা মতে তেওঁ বিশাল বাহিনী লৈ ফ্লেগ মাৰ্চ কৰে ৷

শিলিগুৰিৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ দলৰ
ভাৰতীয় নিৰ্বাচন আয়োগে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী দৰ্শনাৰ্থী কাৰ্যসূচী ২০২৬ৰ অধীনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ এটা দলে শিলিগুৰিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি ভোটগ্ৰহণৰ সাক্ষী হয় । আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ দলটোক পৰম্পৰাগতভাৱে আদৰণি জনোৱা হয় ।
-
International delegates under #IEVP2026 in Siliguri visited another polling station and witnessed the poll. They were welcomed in a traditional manner.
— Election Commission of India (@ECISVEEP) April 23, 2026
The delegates observed the peaceful and festive conduct of the actual poll. They were impressed by the smooth and well-managed… pic.twitter.com/rb42rKkvVX
মুৰ্ছিদাবাদত টিএমচি আৰু আম আদমী উন্নয়ন পাৰ্টীৰ কৰ্মীৰ মাজত সংঘৰ্ষ
ভোটগ্ৰহণৰ মাজতে মুৰ্ছিদাবাদত টিএমচি আৰু আম জনতা উন্নয়ন পাৰ্টীৰ কৰ্মীৰ মাজত সংঘৰ্ষ হয় । দুয়োটা দলৰ সমৰ্থকে দুয়োফালৰ পৰা ইজনে-সিজনৰ ওপৰত শিলগুটি নিক্ষেপ কৰে । অৱশেষত আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে লাঠিচালনাৰ কৰি দল দুটাক ছত্ৰভংগ দিবলৈ বাধ্য হয় ৷ এই আক্ৰমণত পথৰ কাষত ৰখাই থোৱা বাহনসমূহৰো ক্ষতিসাধন হয় ৷ কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় । এই সন্দৰ্ভত নিৰ্বাচন আয়োগেও প্ৰতিবেদন বিচাৰিছে বুলিও বিষয়াসকলে জানিবলৈ দিয়ে ।
-
#WATCH | West Bengal Elections 2026 | Visuals of the violence in Murshidabad as a clash broke out between TMC and Aam Janata Unnayan Party (AUJP) party workers.
— ANI (@ANI) April 23, 2026
Stones are also being pelted at each other. Police and central security forces try to control the situation. pic.twitter.com/ScMeW1gSNJ
নিৰ্বাচন আয়োগত অভিযোগ দাখিল হুমায়ুন কবীৰৰ
নৌডাৰ মুৰ্ছিদাবাদ বিধানসভা সমষ্টিৰ শিবিনগৰ অঞ্চলত আৰক্ষী আৰু ভোটাৰৰ মাজত ব্যাপক সংঘাত সংঘটিত হয় । আম জনতা উন্নয়ন পাৰ্টীৰ অধ্যক্ষ তথা নৌদাৰ প্ৰাৰ্থী হুমায়ুন কবীৰে আজুপিৰ এজেণ্টক বুথত বহিবলৈ দিয়া হোৱা নাছিল বুলি অভিযোগ কৰে । তেওঁ নিৰ্বাচন আয়োগতো এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে । পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে তেওঁ ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত এখন চকীত বহি থাকিব বুলিও কয় । বৰ্তমানেও অঞ্চলটোত উত্তেজনা অব্যাহত আছে আৰু কেন্দ্ৰীয় বাহিনীক মোতায়েন কৰা হৈছে ৷
মমতাৰ বিৰুদ্ধে প্ৰাৰ্থী ‘ক্ৰয়’ কৰাৰ অভিযোগ হুমায়ুন কবীৰৰ
শাসকীয় তৃণমূল কংগ্ৰেছে আম জনতা উন্নয়ন পাৰ্টীৰ কেইবাজনো প্ৰাৰ্থীক নিৰ্বাচনী ক্ষেত্ৰৰ পৰা আতৰাই ৰাখিবলৈ তেওঁলোকক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে দলটোৰ মুৰব্বী হুমায়ুন কবীৰে ৷ কবীৰে পুৱা ভোটদান কৰাৰ পাছত মুৰ্ছিদাবাদৰ নাওদা বিধানসভা সমষ্টিৰ শিৱনগৰ গাঁৱৰ এটা ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ সময়ত তৃণমূল কংগ্ৰেছৰ সমৰ্থকে ‘গ' বেক’ শ্লোগান দি তেওঁ বাধা প্ৰদান কৰে ৷ স্থানীয় টিএমচিৰ নেতাৰ নেতৃত্বত প্ৰতিবাদকাৰীয়ে কবীৰৰ বাহনখন ঘেৰি ধৰে আৰু তেওঁক ‘বিজেপি এজেণ্ট’ বুলি শ্লোগান দিয়ে । এই প্ৰতিবাদৰ ফলত ভোটগ্ৰহণ কেন্দ্ৰৰ আশে-পাশে থকা অঞ্চলত উত্তেজনাৰ সৃষ্টি হয় ।
তৃণমূল কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ
নানুৰ বিধানসভা সমষ্টিৰ ১ নং কিৰ্নাহৰ পঞ্চায়তৰ নিমৰা গাঁৱৰ ১৬৩ নং বুথত কেন্দ্ৰীয় বাহিনী আৰু আৰক্ষীয়ে তৃণমূল কংগ্ৰেছ কৰ্মীক লাঠিচালনা আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । বুথৰ নেতা-কৰ্মীয়ে অভিযোগ কৰে যে বুথৰ পৰা ১০০ মিটাৰ দূৰত চাৰিৰ পৰা পাঁচজন তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মী বহি আছিল । সেই সময়ত আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ জোৱানসকলে হঠাতে আহি তৃণমূল কংগ্ৰেছৰ নেতা আৰু কৰ্মীসকলক কোনো কাৰণ নোহোৱাকৈ লাঠিচালনা কৰিছিল । তৃণমূল কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ ওপৰত আনকি শাৰীৰিক নিৰ্যাতনো চলোৱা হয় ।
চেন্নাইত ভোটদান সাংসদ কানিমোঝিৰ
ডিএমকেৰ উপ-মহাসচিব তথা সাংসদ কানিমোঝি কৰুণানিধিয়ে চেন্নাইৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে ।
-
#WATCH | Tamil Nadu Elections 2026 | DMK Deputy General Secretary and MP Kanimozhi casts her vote at a polling station in Chennai. pic.twitter.com/w7hC44ZvSz
— ANI (@ANI) April 23, 2026
দিনৰ ১১ বজালৈ পশ্চিমবংগত ৪১.১১% আৰু তামিলনাডুত ৩৭.৫৬% ভোটদান
দিনৰ ১১ বজালৈ পশ্চিমবংগত ৪১.১১% আৰু তামিলনাডুত ৩৭.৫৬% ভোটদান ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য ৷
-
State Assembly Elections | Approximate voter turnout as of 11 am
— ANI (@ANI) April 23, 2026
Tamil Nadu - 37.56%
West Bengal (phase 1) - 41.11% pic.twitter.com/CIz8eIj3Q5
পশ্চিমবংগত আহত দুই কংগ্ৰেছ কৰ্মী
বীৰভূমৰ মুৰাৰাই বিধানসভা সমষ্টিৰ গোৰ্ছা গাঁৱৰ ৩১ নং বুথত কংগ্ৰেছ আৰু তৃণমূলৰ মাজত সংঘৰ্ষৰ অভিযোগ উত্থাপন হৈছে । এই সঘৰ্ষত দুই কংগ্ৰেছ কৰ্মী আহত হোৱাৰ কথা জানিব পৰা হৈছে ।
ভোটদানৰ সময় দুঘণ্টা বৃদ্ধি কৰিবলৈ মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্ৰ
তামিলনাডুত ভোটদানৰ সময় দুঘণ্টা বৃদ্ধি কৰি নিশা ৮ বজালৈ কৰিবলৈ অনুৰোধ জনাই অভিনেতা-ৰাজনীতিবিদ বিজয়ে মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ পত্ৰখনত লিখা আছে, "ভোটদানৰ সময় দুঘণ্টা বৃদ্ধি কৰক: যাত্ৰাত বাধাৰ বাবে ভোটাৰৰ আগমনত পলম হোৱা আৰু দীঘলীয়া শাৰীত অপেক্ষা কৰাৰ প্ৰয়োজনীয়তা বিবেচনা কৰি সকলো প্ৰভাৱাম্বিত সমষ্টিতে ভোটদান নিশা ৮:০০ বজালৈকে বৃদ্ধি কৰা উচিত ।"
-
Vijay, #TVK chief and candidate from Tiruchirappalli East and Perambur constituencies, writes a letter to Chief Election Commissioner to extend polling hours by two hours till 8 pm.#TamilnaduAssemblyelection2026 #TNPolls pic.twitter.com/dwk2fWM968
— ETV Bharat (@ETVBharatEng) April 23, 2026
পুৱা ৯ বজালৈ পশ্চিমবংগত ১৮.৭৬% আৰু তামিলনাডুত ১৭.৬৯% ভোটদান
পশ্চিমবংগ আৰু তামিলনাডুত অব্যাহত আছে ভোটদান প্ৰক্ৰিয়া ৷ পুৱা ৯ বজালৈ পশ্চিমবংগত ১৮.৭৬% আৰু তামিলনাডুত ১৭.৬৯% ভোটদান সম্পন্ন ৷
-
State Assembly Elections | Approximate voter turnout as of 9 am
— ANI (@ANI) April 23, 2026
Tamil Nadu - 17.69%
West Bengal (phase 1) - 18.76% pic.twitter.com/U6QOmOxLSo
পশ্চিমবংগত ইভিএমত বিজুতি
তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ মুৰব্বী এমকে ষ্টেলিন আৰু তেওঁৰ পুত্ৰ তথা উপ-মুখ্যমন্ত্ৰী উদয়ানিধি ষ্টেলিনে পৰিয়ালসহ চেন্নাইৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে । মুখ্যমন্ত্ৰী ষ্টেলিনে কোলাথুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তেওঁৰ পুত্ৰ চেপাউক-তিৰুভাল্লিকেনি সমষ্টিৰ ডিএমকেৰ প্ৰাৰ্থী ।
-
#WATCH | Tamil Nadu Elections 2026 | Along with his family, including Deputy CM Udhayanidhi Stalin, Tamil Nadu CM and DMK candidate from Kolathur, MK Stalin, leaves after casting their votes, at a polling station in Chennai. pic.twitter.com/uq96OjEUUB
— ANI (@ANI) April 23, 2026
ইংলিছ বজাৰত ইভিএমৰ বিসংগতি
ইংলিছ বজাৰৰ দক্ষিণ বালুচৰ প্ৰাথমিক বিদ্যালয়ৰ ১৮৬ আৰু ১৮৭ নং বুথৰ সন্মুখত দীঘলীয়া শাৰী পাতি থকাৰ পাছতো ভোটদান আৰম্ভ হোৱা নাই । ইভিএমৰ সমস্যাৰ বাবে ভোটদান আৰম্ভ হোৱাত পলম হোৱাৰ সন্দেহ কৰা হৈছে ।
সেনাবাহিনীৰ জোৱানৰে তৃণমূলৰ প্ৰাৰ্থীৰ কাজিয়া
দক্ষিণ কোচবিহাৰ বিধানসভা সমষ্টিৰ ২০৫ নম্বৰ বুথত কেন্দ্ৰীয় বাহিনীৰ জোৱানৰ সৈতে তৃণমূলৰ প্ৰাৰ্থী অভিজিৎ দে ভৌমিক কাজিয়াত লিপ্ত হয় । তেওঁ দাবী কৰে যে ইভিএমৰ ওপৰৰ অংশ ওখ হোৱাত ১ নম্বৰ বুটামটোত বৃদ্ধসকলে ভোট দিবলৈ অসুবিধা পাইছে । এই সন্দৰ্ভত তেওঁ প্ৰিজাইডিং অফিচাৰৰ ওচৰত অভিযোগ দিবলৈ যাওঁতে জোৱানসকলে তেওঁক বাধা দিয়ে । অৱশ্যে পিছত ইয়াক সমাধান কৰা হয় । তৃণমূলৰ প্ৰাৰ্থীগৰাকীয়ে সুনীতি একাডেমীৰ ২০০ নম্বৰ বুথত ভোটদান কৰে ।
পশ্চিমবংগৰ আলিপুৰদুৱাৰত ইভিএমৰ বিসংগতি
আলিপুৰদুৱাৰ জংচন ৰে’লৱে হিন্দী প্ৰাথমিক বিদ্যালয়ৰ এটা বুথত ইভিএম বিকল হোৱাৰ বাবে ভোটদান প্ৰক্ৰিয়া বন্ধ হৈ পৰিছে ।
পশ্চিমবংগত চিপিআইএম আৰু তৃণমূল কংগ্ৰেছৰ সংঘৰ্ষ
পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ ডমকলত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে বাওঁ মৰ্চা আৰু তৃণমূল কংগ্ৰেছৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । এই সংঘৰ্ষত দুয়োটা দলৰ দুজনকৈ কৰ্মকৰ্তা আহত হয় । দুয়োপক্ষই ইপক্ষই সিপক্ষই আক্ৰমণ কৰাৰো অভিযোগ কৰে । ডমকলৰ ৰায়পুৰ অঞ্চলত বুধবাৰে মাজনিশা সংঘটিত হয় এই ঘটনা ।
তৃণমূলৰ দাবী যে বুধবাৰে নিশা অঞ্চলটোত প্ৰচাৰ চলাই থকাৰ সময়তে চিপিএমৰ লোকে তেওঁলোকক আক্ৰমণ কৰিছিল । এই ঘটনাত আমিৰুদ্দিন মণ্ডল আৰু আমিনুল মণ্ডল নামৰ দুজন কৰ্মকৰ্তা আহত হয় বুলি তেওঁলোকে জানিবলৈ দিয়ে । পাছত চিপিএমৰ কয় যে বুধবাৰে নিশা তৃণমূলে নিজৰ বাহিনীৰে সৈতে অঞ্চলটোত ভোট বিচাৰি ঘূৰি ফুৰিছিল । সেই সময়ত তৃণমূলে হঠাতে তেওঁলোকৰ কৰ্মকৰ্তাক আক্ৰমণ কৰে ।
কন্যাৰ সৈতে ভোটদান কমল হাছানৰ
এম এন এমৰ মুৰব্বী তথা অভিনেতা কমল হাছানে চেন্নাইৰ আলৱাৰপেট স্কুলত কন্যা তথা অভিনেত্ৰী শ্ৰুতি হাছানৰ সৈতে ভোটদান কৰে ।
-
#WATCH | Tamil Nadu Assembly Elections | Chennai, Tamil Nadu: MNM chief and actor Kamal Haasan, along with his daughter Shruti Haasan, cast their votes at Alwarpet School in Chennai. pic.twitter.com/A13oRmeuyV
— ANI (@ANI) April 23, 2026
বিজেপিক পৰাস্ত কৰিবলৈ কংগ্ৰেছ ‘একমাত্ৰ শক্তি’: বংগৰ ভোটাৰক সমৰ্থন কৰিবলৈ আহ্বান ৰাহুল গান্ধীৰ
কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে পশ্চিমবংগৰ জনসাধাৰণক ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰিবলৈ আহ্বান জনায় । বংগবাসীলৈ প্ৰেৰণ কৰা ভিডিঅ’ বাৰ্তাত গান্ধীয়ে কয় যে বিজেপিয়ে ‘অধিকাৰ কাঢ়ি লৈ যায়’ যদিও কংগ্ৰেছে সেইবোৰ প্ৰদান আৰু সুৰক্ষাৰ বাবে কাম কৰে ।
"পশ্চিমবংগৰ ভাতৃ-ভগ্নীসকল, মতাদৰ্শৰ এই যুদ্ধত কেৱল কংগ্ৰেছেহে বিজেপিক পৰাস্ত কৰিব পাৰে । তেওঁলোকে অধিকাৰ কাঢ়ি লৈ যায়; আমি যোগান ধৰো । তেওঁলোকে সংবিধান শেষ কৰিব বিচাৰে, আমি ৰক্ষা কৰো । তেওঁলোকে ভাৰতৰ বৈচিত্ৰ্যক নষ্ট কৰিব বিচাৰে, আনহাতে আমি বংগৰ সমান্তৰালভাৱে প্ৰতিটো সংস্কৃতি আৰু প্ৰতিটো ভাষাক সন্মান কৰো । আহক আমি একত্ৰিত হৈ কংগ্ৰেছক আপ্লুত ভোটেৰে বিজয়ী কৰি বংগত ন্যায়, সন্মান আৰু প্ৰগতিৰ চৰকাৰ গঠন কৰোঁ ।"
-
पश्चिम बंगाल के भाइयों-बहनों,
— Rahul Gandhi (@RahulGandhi) April 22, 2026
विचारधारा की इस लड़ाई में BJP को सिर्फ कांग्रेस ही हरा सकती है। वो अधिकार छीनते हैं, हम दिलाते हैं। वो संविधान मिटाते हैं, हम बचाते हैं।
वो भारत की विविधता मिटाना चाहते हैं, हम बंगाल के साथ हर संस्कृति, हर भाषा का सम्मान करते हैं।
आइए, कांग्रेस को… pic.twitter.com/M8WhqZoici
গণতন্ত্ৰৰ পৱিত্ৰ উৎসৱত সকলো নাগৰিককে পূৰ্ণ উৎসাহেৰে অংশগ্ৰহণ কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগ আৰু তামিলনাডুৰ জনসাধাৰণক বিধানসভা নিৰ্বাচনত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এক্সত পোষ্ট কৰি কয়, "আজি পশ্চিম বংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে । গণতন্ত্ৰৰ এই উৎসৱত সকলো নাগৰিককে সম্পূৰ্ণ হৃদয়েৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো । বিশেষকৈ মোৰ যুৱ বন্ধু-বান্ধৱী আৰু পশ্চিম বংগৰ মহিলাসকলক বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনাইছো ।"
আন এটা পোষ্টত তেওঁ লিখিছে, "যেতিয়া তামিলনাডুৰ জনসাধাৰণে বিধানসভা নিৰ্বাচনত ভোটদানৰ বাবে প্ৰস্তুতি চলাইছে, তেতিয়া মই সকলো ভোটাৰক এই পবিত্ৰ গণতান্ত্ৰিক কৰ্তব্য সম্পূৰ্ণ উৎসাহেৰে পালন কৰিবলৈ আহ্বান জনাইছো । বিশেষকৈ তামিলনাডুৰ যুৱক-যুৱতী আৰু মহিলাসকলক বৃহৎ সংখ্যক ওলাই আহি অভিলেখসংখ্যক ভোটাৰৰ ভোটদানৰ পথ প্ৰশস্ত কৰিবলৈ আহ্বান জনাইছো ।"
-
পশ্চিমবঙ্গে বিধানসভা নির্বাচনের প্রথম দফার ভোট গ্রহণ আজ। আমি সমস্ত নাগরিককে পূর্ণ উদ্যমে গণতন্ত্রের এই উৎসবে অংশগ্রহণ করার আহ্বান জানাই। আমি বিশেষভাবে আমার তরুণ বন্ধুদের এবং পশ্চিমবঙ্গের মহিলাদের বিপুল সংখ্যায় ভোট দেবার জন্য অনুরোধ করছি।
— Narendra Modi (@narendramodi) April 23, 2026
অভিনেতা অজিতে প্ৰথমে সাব্যস্ত কৰিলে ভোটাধিকাৰ
দক্ষিণ চেন্নাইৰ থিৰুৱনমিউৰ ভোটগ্ৰহণ কেন্দ্ৰত অভিনেতা অজিত প্ৰথম ভোটদান কৰাসকলৰ ভিতৰত অন্যতম । পুৱা ৭ বজাৰ পৰা ভোটদান আৰম্ভ হোৱাৰ কথা আছিল যদিও অজিতে পুৱা ৬:৫৫ বজাত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । তাৰ পিছত তেওঁ হাতৰ ক’লা চিয়াঁহী মিডিয়াৰ কেমেৰাত দেখুৱাই গুচি যায় ।
তামিলনাডুত পি চিদাম্বৰমে সাব্যস্ত কৰিলে ভোটাধিকাৰ
শিৱগংগাৰ কৰাইকুডিৰ এটা ভোটকেন্দ্ৰত জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে ভোটাধিকাৰ সাব্যস্ত কৰে ৷
-
#WATCH | Tamil Nadu Elections 2026 | Senior Congress leader P Chidambaram casts his vote and shows his inked finger, at a polling station in Karaikudi, Sivaganga. pic.twitter.com/5rRqLmFtCk
— ANI (@ANI) April 23, 2026
পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ
পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ আৰু তামিলনাডুত একক পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ৷ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত ভোটাৰে ভিৰ কৰিছে ।

