নতুন ৰূপেৰে জিলিকিব মুৰ্কংচেলেক ৰে’লৱে ষ্টেচন - মিচিং স্বায়ত্তশাসিত পৰিষদ

🎬 Watch Now: Feature Video

thumbnail
নতুন ৰূপেৰে জিলিকিব মুৰ্কংচেলেক ৰে’লৱে ষ্টেচন (undefined)

By ETV Bharat Assamese Team

Published : February 27, 2024 at 8:33 AM IST

1 Min Read
Choose ETV Bharat

জোনাই, ২৬ ফেব্ৰুৱাৰী : সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ যোগেদি অমৃত ভাৰত আঁচনিৰ অধীনত অসম, ত্ৰিপুৰা, মিজোৰাম আৰু ছিকিমৰ মুঠ ১৪ টা ৰে’লৱে ষ্টেচনৰ আধাৰশিলা স্থাপন কৰে । উত্তৰ-পূব সীমান্ত ৰে’লৱে ষ্টেচনসমূহৰ পুনৰ বিকাশৰ উদ্দেশ্যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে হাতত লোৱা এই দীৰ্ঘম্যাদী পৰিকল্পনাত অসমৰ ধেমাজি জিলাস্থিত মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনটোও ৭.৬৮ কোটি টকা ব্যয়ৰে পুনৰ বিকাশ কৰি অত্যাধুনিক প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰাৰ পোষকতা কৰা হয় ৷

এই আঁচনিৰ অধীনত মাষ্টাৰ প্লেন প্ৰস্তুত কৰি ষ্টেচনসমূহত সকলো সা-সুবিধা উপলব্ধ কৰি উন্নত কৰি চাৰ্কোলেটিং এৰিয়া, প্ৰতীক্ষাগৃহ, শৌচালয়, বিনামূলীয়া ৱাই-ফাই আদি বিভিন্ন উন্নত আঁচনি ৰূপায়ণ কৰা হ’ব বুলি সদৰী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ 

এই মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈ, BJP ধেমাজি জিলাৰ উপসভাপতি পাৰ্থ চেত্ৰী, জোনাই মণ্ডলৰ সভাপতি আদিত্য বৰুৱাৰ লগতে ৰে’লৱে বিভাগৰ কৰ্মচাৰী আৰু বহু নেতৃত্ব উপস্থিত থাকে ।

লগতে পঢ়ক: কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ

ABOUT THE AUTHOR

...view details