প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিক লৈ কিয় সঘন চৰ্চা ? ব্যাখ্যা আগবঢ়ালে ভূপেন বৰাই
সভাপতি পদ সলনি হ’ব বুলি কিয় ওলায় বাতৰি ? জিলা সভাপতি নিযুক্তিত ধনৰ লেন-দেন হৈছিল নেকি ? জানিবলৈ পঢ়ক...

Published : March 19, 2025 at 11:01 PM IST
নতুন দিল্লী : প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা দিল্লীলৈ গ’লেই ৰাজনৈতিক মহলত যোৱা কিছুদিন ধৰি চৰ্চিত বিষয়টো হ’ল "সভাপতি পদ সলনি হ’ব প্ৰদেশ কংগ্ৰেছৰ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰিত হ’ব ভূপেন বৰা ।” কিয় এই চৰ্চা হয় তাৰ ব্যাখ্যা আগবঢ়ালে ভূপেন বৰাই । মঙলবাৰে দিল্লীলৈ যোৱা ভূপেন বৰাই লগতে সদৰী কৰিলে ৩৫ জন জিলা সভাপতি অচিৰেই কংগ্ৰেছ হাইকমাণ্ডক লগ কৰিবলৈ যাব দিল্লীলৈ । ৪২ জন নেতা যাব গুজৰাটলৈ এ আই চি চিৰ সভাত অংশগ্ৰহণ কৰিবৰ বাবে ।
সভাপতি পদ সলনি হ’ব বুলি কিয় ওলায় বাতৰি ?
বুধবাৰে দিল্লীত থকা ভূপেন বৰাই দিল্লীলৈ গ’লেই সভাপতি পদৰ পৰা আঁতৰাব বুলি প্ৰচাৰ হোৱা বাতৰি সন্দৰ্ভ মন্তব্য কৰি কয়," দিল্লীলৈ গ’লেই সভাপতি সলনি হ’ব । ভূপেন বৰাক তলব ।" এইদৰে মন্তব্য় কৰি এনে বাতৰি নকৰিবলৈ সাংবাদিকক অনুৰোধ জনালে ভূপেন বৰাই ।
৪ এপ্ৰিলত ৩৫ খন জিলা কংগ্ৰেছৰ সভাপতিৰে দিল্লীত ৰাহুল-খাৰ্গেৰ বৈঠক :
“ মই দিল্লীলৈ আহিলেই একাংশই উলিয়াই দিয়ে যে ভূপেন বৰা সভাপতি সলনি হ’ব । ভূপেন বৰাক তলব । সেয়ে মই আগতীয়াকৈ আপোনালোকক জনাই থব খোজো যে অহা ৪ এপ্ৰিলত অসমৰ ৩৫ খন জিলা কংগ্ৰেছৰ সভাপতিসকল দিল্লীলৈ আহিব । খাৰ্গে,ৰাহুল গান্ধীৰ লগত কথা পাতিব । ৪ এপ্ৰিলত আমি এখন মিটিং ঠিক কৰিছো । ৩৫ গৰাকী জিলা সভাপতিয়ে দিল্লীলৈ আহি কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ নিজৰ অনুভৱ আৰু মতামত ব্যক্ত কৰিব পাৰিব ।"
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ কয়,“ ৭ আৰু ৮ এপ্ৰিলত গুজৰাটত এ আই চি চিৰ অধিৱেশন আছে ৷ অসমৰ ৪২ গৰাকী নেতা গুজৰাটলৈ যাব । এ পি চি চিৰ সদস্য সকল যাব ৷ আমাৰ সাংসদ সকল থাকিব । বিৰোধী দলৰ দলপতি সকল থাকিব ।”এই প্ৰসংগত লগতে কটাক্ষভাৱে ভূপেন বৰাই কয়, “৪ এপ্ৰিলত কেন্দ্ৰীয় নেতৃত্বই ৩৫ জন জিলা সভাপতিৰ মতামত শুনিব ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ । ৪২জন নেতা ৭ আৰু ৮ এপ্ৰিলত এ আই চি চিৰ সভালৈ যাব ৷ তেতিয়া যাতে আপোনালোকে নকয় -এওঁলোকক দিল্লীলৈ কিয় মাতিলে ? সভাপতি সলনি হ’ব ।”
বুধবাৰে দিল্লীত দলৰ হাইকমাণ্ডৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এক বৈঠক অনুষ্ঠিত কৰা হয় । এই বৈঠকৰ পিছতেই ভূপেন বৰাই কয়,“ আমি যেতিয়া উমৰাংচুৰ কথা কও,কয়লা-ছুপাৰি ছিণ্ডিকেটৰ কথা কও, তেতিয়া বিজেপি আৰু আন কেইজনমানে ভাৱে ভূপেন বৰাৰ বিষয়েও কিবা এটা ওলাব লাগে । মোৰ বিষয়ে ক’বলৈ এটাই আছে ,সেইটো হ’ল-এওঁ সভাপতি হৈ নাথাকে ৷ বিজেপি আৰু এনে খবৰ দিয়া কেইজনৰ খবৰ ল’লে গম পাব এইসকলৰ শিপাডাল ক’ত আছে ?”
ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ চোতালে চোতালে চলিছে প্ৰচাৰ:
অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ স্থিতিক লৈয়ো মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, “ আমাৰ 32 গৰাকী প্ৰাৰ্থীয়ে চোতালে চোতালে গৈ ৰাইজৰ ওচৰত সভা-সমিতি কৰি আছে । ২২ মাৰ্চৰ পৰা ময়ো গৈ সেই অঞ্চলৰ ৰাইজক লগ কৰিম । 32টা সমষ্টিত আমি ডাঙৰ এখন ১০০ জনীয়া কমিটী বনাইছো । প্ৰতিটো সমষ্টিত যাতে প্ৰতিদিনে এজনকৈ যাতে নেতা থাকিব পাৰে তাৰ ব্যৱস্থা কৰি ১০০ জনীয়া কমিতি বনাইছো ।”
জিলা সভাপতি নিযুক্তিত ধনৰ লেন-দেন হৈছিল নেকি ?
ভূপেন বৰাৰ এইবাৰৰ দিল্লী ভ্ৰমণৰ লগে লগে একাংশৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল যে ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিত ধনৰ লেন-দেনৰ অভিযোগত তেওঁক দিল্লীলৈ তলৱ কৰা হৈছে ; কিন্তু ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিত সঁচাকৈয়ে ধনৰ লেন-দেন হৈছিল নেকি ? এই বিষয়তো নিজৰ স্থিতি স্পষ্ট কৰি ভূপেন বৰাই ক’লে, “ সকলো মিছা । আমাৰ ২৯২ গৰাকী সভাপতি পদৰ বাবে প্ৰায় ৫০০ গৰাকীৰ নাম চৰ্চাত আছিল । গতিকে প্ৰায় ২০৮/১০৯ গৰাকী সভাপতি পদৰ পৰা বঞ্চিত হৈছে । তাৰ ভিতৰত ৫/৬জন লোকে নিজকে যোগ্য বুলি ভাবি থকাটো স্বাভাৱিক কথা । যি সকলক নিযুক্তি দিযা হ’ল সেয়া সলনি কৰা নহয় । যি সকল সভাপতি পদৰ প্ৰত্যাশী আছিল সেই সকলক সন্মান সহকাৰে দলৰ সেৱা আগবঢ়াবলৈ সুবিধা দিয়া হ’ব ৷”

