ETV Bharat / state

দুৰ্ঘটনাত পতিত বেহাৰবাৰী আউটপোষ্টৰ "তৰামাই"

মাজুলীত এক অনুষ্ঠান পৰিৱেশন কৰি গুৱাহাটী অভিমুখে গৈ থকাৰ পথতে বৰঙাবাৰীত এই দুৰ্ঘটনা ৷

seema baruah meet with accident
দুৰ্ঘটনাত পতিত বেহাৰবাৰী আউটপোষ্টৰ "তৰামাই" (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 18, 2024 at 7:24 PM IST

|

Updated : November 18, 2024 at 8:30 PM IST

1 Min Read
Choose ETV Bharat

বিশ্বনাথ: গহপুৰ মহকুমাৰ ঘাঁহিগাও আৰক্ষী চকীৰ অন্তৰ্গত বৰঙাবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে বিয়লি এক পথ দুৰ্ঘটনাত পতিত হয় অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ "তৰামাই"খ্য়াত সীমা বৰুৱা । মাজুলীত এক অনুষ্ঠান পৰিৱেশন কৰি গুৱাহাটী অভিমুখে গৈ থকাৰ পথত বৰঙাবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তেওঁৰ টাটা এলট্ৰজ গাড়ীখন (এ এছ ০১ ই পি ৯০৮২)ক পিছফালৰ পৰা এখন দ্ৰুতবেগী ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মাৰে ।

ফলত তেওঁৰ বাহনখনৰ পিছ অংশৰ যথেষ্ট ক্ষতিসাধন হয় যদিও সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোত কোনোধৰণৰ আঘাত নোপোৱাকৈ অভিনেত্ৰী সীমা বৰুৱাৰ লগতে তেওঁৰ দুই ভাতৃ আৰু মেকআপ আৰ্টিষ্টজন ৰক্ষা পৰে ৷ শিল্পীগৰাকীৰ বাহনখন যাতায়তৰ অনুপযোগী হৈ পৰাত সুৰামক্ত ট্ৰাক চালকজনৰ বিৰুদ্ধে ক্ষোভিত আৰু আৱেগিক হৈ পৰে সীমা বৰুৱা ।

seema baruah of toramai fame meet with accident in biswanath
"তৰামাই"খ্যাত সীমা বৰুৱা (ETV Bharat Assam)

এনেধৰণৰ মদাহী ট্ৰাকচালকৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি অভিযোগ কৰি দিন দুপৰতে মদ খাই গাড়ী চলোৱা চালকৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা ল'বলৈ আৰক্ষীৰ ওচৰত কঠোৰ দাবী জনাই তেওঁ ।

vahicle of assamese actor seema baruah of toramai fame meet with accident in biswanath
দুৰ্ঘটনাগ্ৰস্ত বাহনখন (ETV Bharat Assam)

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে । ট্ৰাকচালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি উল্লেখ কৰে তেওঁ ।

লগতে পঢ়ক: জুবিন গাৰ্গলৈ ২০২৫ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা বঁটা ঘোষণা

Last Updated : November 18, 2024 at 8:30 PM IST