ETV Bharat / state

মাতৃ দিৱসৰ দিনাই কলংক, পুত্ৰক হত্যা কৰি বেগত ভৰাই পেলাই দিলে জংঘলত

মহানগৰীত নৃশংস হত্য়াকাণ্ড । গোপন লালসাৰ বাবেই কৰিলে এই কাণ্ড ।

MURDER IN GUWAHATI
মহানগৰীত নৃশংস হত্য়াকাণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 9:24 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: মাতৃ দিৱসৰ দিনাই জননীয়ে সানিলে কলংক । বুকু কঁপি যোৱা ঘটনাত সাঙোৰ খালে এগৰাকী হৃদয়হীনা মাতৃৰ নাম । কোনোৱে সপোনতো ভাবিব নোৱৰা কাৰ্য সংঘটিত কৰিলে এইগৰাকী মাতৃয়ে । নিজৰ গোপন লালসাৰ বাবেই কৰিলে এই কাণ্ড ।

এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীত । প্ৰথমতেই কোনোৱে ধৰিবই পৰা নাছিল এই ঘটনাটোৰ বিষয়ে । জাৱৰ বুটলিবলৈ আহোতেহে ওলাই পৰিল উৰহীৰ ওৰ । মহানগৰীৰ বশিষ্ঠৰ ইন্দিৰা নগৰৰ ঘটনাটোৱে আজি মাতৃ জাতিকেই এই বিশেষ দিনটোত কলংকিত কৰিলে । বশিষ্ঠৰ ইন্দিৰা নগৰৰ এগৰাকী মহিলাৰ বিৰুদ্ধে উত্থাপিত হৈছে এক নৃশংস হত্য়াকাণ্ডৰ অভিযোগ ।

ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে দুপৰীয়া প্ৰায় দুই বজাত কেইজনমান জাবৰ বুতলিবলৈ অহা কৰ্মীয়ে প্ৰত্য়ক্ষ কৰে এটা ট্ৰলীবেগ । এই বেগটোৰ পৰা ওলাই আছিল এটি শিশুৰ দুখন ভৰি । লগে লগে ঘটনাৰ উমান পাই স্থানীয় ৰাইজে অৱগত কৰে বশিষ্ঠ থানাৰ আৰক্ষীক ।

মহানগৰীত নৃশংস হত্য়াকাণ্ড (ETV Bharat Assam)

খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় গুৱাহাটী আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে দণ্ডাধীশ । দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰে । লগতে উদ্ধাৰ কৰে শিশুটিৰ স্কুল বেগটো । স্কুল বেগটোত থকা বহি-কিতাপসমূহৰ পৰা আৰক্ষীয়ে শিশুটি পঞ্চম শ্ৰেণীত অধ্য়য়নৰত বুলি নিশ্চিত হয় ।

শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল এই শিশুটি । শিশুটিৰ মাতৃগৰাকীয়ে দিছপুৰ আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কত দাখিল কৰিছিল এজাহাৰ; কিন্তু এয়া আছিল ঘটনাৰ এক নাটকীয় ৰূপ । শিশুটিৰ মাতৃ আৰু প্ৰেমিক জিতুমণি হালৈয়ে শনিবাৰে বাইকেৰে বশিষ্ঠ ইন্দিৰা নগৰৰ ঘন জংঘললৈ আনি হত্যা কৰি এনেদৰে ট্ৰলীবেগত ভৰাই পেলাই দিছিল । তাৰ পাছতে ঘটনাক নাটকীয়া ৰূপ দিয়াৰ বাবে মাতৃয়ে দিছপুৰ থানত শিশুটি নিৰুদ্দেশ হোৱা বুলি এজাহৰ দাখিল কৰাৰ অভিযোগ উঠিছে ।

দেওবাৰে দিছপুৰ থানাত আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰে মহিলাগৰাকী আৰু অবৈধ প্ৰেমিক জিতুমণি হালৈয়ে । প্ৰায় দুমাহ পূৰ্বে পৰকীয়া প্ৰেমৰ বাবে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল । তাৰ পিছতে অবৈধ প্ৰেমিক আৰু মহিলাগৰাকীৰ মাজত হেঙাৰ হৈছিল শিশুটি । যাৰ পৰিণতিত শিশুটিক হত্যা কৰা হৈছে বুলি স্বীকাৰ কৰিছে দুই অভিযুক্তই । এই স্বীকাৰোক্তিৰ পিছতে দণ্ডাধীশ, দিছপুৰ আৰু বশিষ্ঠ আৰক্ষীৰ উপস্থিতিত অভিযুক্ত জিতুমণি হালৈক লৈ আনে ঘটনাস্থলীলৈ । পিছত অভিযুক্তই শিশুটিক চিনাক্ত কৰি বৰ্ণনা কৰে সমগ্ৰ ঘটনাটো ।

এই ঘটনা সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয়, "সমগ্ৰ ঘটনাটো সন্দৰ্ভত অব্যাহত আছে তদন্ত । শিশুটিৰ দেহত আছে আঘাতৰ চিন । অভিযুক্তৰ সন্মুখতে ইতিমধ্যে শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছে । লগতে শিশুটিৰ স্কুল বেগটো উদ্ধাৰ কৰা হৈছে । ইতিমধ্যে তেওঁলোকে শনিবাৰে শিশুটি নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰিছিল দিছপুৰ থানাত । সেই অনুসৰি তেওঁলোকক সোধ-পোছ কৰাত সকলো কথা পোহৰলৈ আহে ।"

লগতে পঢ়ক:প্ৰেমিকে ডিঙি চেপি হত্যা কৰিছিল বিপ্লৱী নাথক: মৃণাল ডেকা - NEW FACTS ABOUT GIRL BODY FOUND

পিতৃ-মাতৃহন্তাক চিৰদিনৰ বাবে কাৰাগাৰলৈ পঠিয়ালে আদালতে - RANGIA COURTS VERDICT