ETV Bharat / state

কেনেকৈ সহ্য কৰিব ঘৰখন ভাঙি পেলোৱা দৃশ্য ! নিজকে শেষ কৰাৰ চেষ্টা এজনৰ

গোৱালপাৰা কৃষ্ণাই বিদ্যাপাৰা উচ্ছেদস্থলীত অঘটন । ৰাইজেহে উদ্ধাৰ কৰিলে ফাইজল হকক ৷

One attempt to take his own life cannot bear the sight of eviction in Goalpara
গোৱালপাৰা কৃষ্ণাই বিদ্যাপাৰা উচ্ছেদস্থলীত অঘটন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 12, 2025 at 2:49 PM IST

2 Min Read
Choose ETV Bharat

গোৱালপাৰা: গোৱালপাৰা জিলাৰ কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলত শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান । পাইকান বনাঞ্চলখনৰ অন্তৰ্গত বিদ্যাপাৰা, বেতবাৰী আৰু আশুডুবি অঞ্চলত শান্তিপূৰ্ণভাৱে চলি আছিল উচ্ছেদ অভিযান । কিন্তু ইয়াৰ মাজতে ঘটিল এক অঘটন ।

উচ্ছেদ অভিযান চলি থকাৰ মাজতে নিজকে শেষ কৰাৰ চেষ্টা চলাই আশুডুবি গাঁৱৰ ফাইজল হক নামৰ লোকজনে । স্থানীয় ৰাইজে ঘটনাৰ উমান পাই ঘৰৰ দুৱাৰ ভাঙি ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে লোকজনক । তৎক্ষণাত ঘটনাস্থলীত জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ লোকজনক চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

গোৱালপাৰা কৃষ্ণাই বিদ্যাপাৰা উচ্ছেদস্থলীত অঘটন (ETV Bharat Assam)

স্থানীয় ৰাইজে লোকজনৰ সন্দৰ্ভত কয়, "অতি দৰিদ্ৰ ফাইজল হকে ফটা কাপোৰ বজাৰত বিক্ৰী কৰি দুই সন্তানসহ পৰিয়ালটোক পোহপাল দি আহিছিল । হঠাৎ আজি চৰকাৰ আৰু জিলা প্ৰশাসনৰ বুলড'জাৰে কাষৰে এঘৰত উচ্ছেদ চলোৱাৰ দৃশ্য দেখি সহ্য কৰিব নোৱাৰি নিজৰ ঘৰৰ ভিতৰত সোমাই নিজকে শেষ কৰিবলৈ চেষ্টা চলায় ।" অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত কোনোমতে প্ৰাণ ৰক্ষা পৰে লোকজনৰ ।

ইফালে ক্ষন্তেক পিছতে নিজক শেষ কৰিবলৈ চেষ্টা চলোৱা লোকজনৰ বাসগৃহত উপস্থিত হয় গোৱালপাৰা জিলা আয়ুক্ত খনিন্দ্ৰ চৌধুৰী, বন সংমণ্ডল বিষয়া তেজছ মৰিস্বামী আৰু জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্ত । উল্লেখযোগ্য যে, চৰকাৰ আৰু জিলা প্ৰশাসনৰ উচ্ছেদৰ কৱলত পৰি ভেটি-মাটি হেৰুৱাই সৰ্বস্বান্ত হৈ যোৱা নিশা এগৰাকী ৬০ ঊৰ্ধৰ বৃদ্ধৰ হৃদক্ৰিয়া বন্ধ হৈ কৰুণ মৃত্যু হয় । মৃত বৃদ্ধগৰাকীৰ নাম আনাৰ উদ্দিন বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ৫০ খন এক্সকেভেটৰেৰে পুৱাৰে পৰাই উচ্ছেদ চলিছে পাইকান সংৰক্ষিত বনাঞ্চলত - GOALPARA EVICTION

উচ্ছেদৰ বিৰোধিতাৰে চাপৰত প্ৰতিবাদী কাৰ্যসূচী; আটক ৯ গৰাকী এ আই ইউ ডি এফ বিধায়ক - AIUDF MLAS DETAINED