ETV Bharat / state

এইখন দ্বিতীয় কাৰ্গিল যুদ্ধ: মুখ্যমন্ত্ৰীক ভূৰি-ভূৰি প্ৰশংসা

অসমত চলি থকা উচ্ছেদ সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ ।

Eviction in Assam
মুখ্যমন্ত্ৰীক প্ৰশংসা মৃণাল শইকীয়াৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 27, 2025 at 1:48 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট : "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই উচ্ছেদ অভিযান চলি আছে । অসমত কিন্তু কোনো এজন মুখ্যমন্ত্ৰী নোলাল যি এনেকুৱা সাহস দেখুৱাব পাৰিলে । ব'ল্ড ষ্টেপ...। যিমান বিৰোধিতা নকৰক কিয় উচ্ছেদকাৰ্য চলাই আছে । এইটো যদি ২০-২৫ বছৰ আগত কোনোবা মুখ্যমন্ত্ৰীয়ে কৰিলেহেঁতেন আজি জোৰ পুৰি হাত নাপালেহেতেন । আজি নিস্তাৰ নোপোৱা হৈছে...। সেই কাৰণে মুখ্যমন্ত্ৰীক মই ধন্যবাদ দিছো, তেওঁ যে এই সাহস দেখুৱাব পাৰিছে ।" অসমত চলি থকা উচ্ছেদক লৈ বিতৰ্ক চলি থকাৰ মাজতে এই গুৰুত্বপূৰ্ণ মন্তব্য খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ।

উল্লেখ্য যে ধুবুৰী আৰু গোৱালপাৰাৰ পিছত উৰিয়ামঘাটত উচ্ছেদ চলাবলৈ প্ৰশাসনে প্ৰস্তুতি চলাইছে । গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাট আৰু গোলাঘাট সমষ্টিৰ মেৰাপানী ২ নং নেঘেৰিবিলত ইতিমধ্যে বন বিভাগে ভূমি জৰীপ সম্পূৰ্ণ কৰি বেদখলকাৰীৰ বিৰুদ্ধে জাননী জাৰি কৰি ৭ দিনৰ ভিতৰত উক্ত স্থান খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

অসমত চলি থকা উচ্ছেদ সম্পৰ্কে মৃণাল শইকীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat)

এই সম্পৰ্কে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "কেপ্টেইন জিন্টু গগৈৰ দৰে বহুলোক শ্বহীদ হৈছিল কাৰণ কেইজনমান সন্ত্ৰাসবাদী আমাৰ ভাৰতবৰ্ষত সোমাই আহিছিল । সেইটোও বেদখলেই আছিল আৰু এতিয়া যি হৈছে নীৰৱে কৰা বেদখল । এইসকলে মনে মনে আহি ইখনৰ পাছত সিখনকৈ গাঁও দখল কৰে । হাজাৰ হাজাৰ বিঘা মাটি দখল কৰে । এইলোকৰ হাতত অস্ত্ৰ নাই কিন্তু আমাৰ গাঁৱত প্ৰথমে দুজনমানে সোমাই তেওঁলোকৰ সংখ্যা বৃদ্ধি কৰিব । আমাৰ লোকৰ ওপৰত অত্যাচাৰ কৰিব আৰু সেই গাঁওখন তেওঁলোকে দখল কৰিব । যিধৰণে নেঘেৰিবিল আৰু উৰিয়ামঘাট দখল কৰিছিল । সেই কাৰণে উচ্ছেদ লাগিব ।"

তেওঁ লগতে কয়, "এটা সময়ত চৰকাৰে ভোটবেংকৰ স্বাৰ্থত সেইসকলক বেছি সুবিধা প্ৰদান কৰিছিল যাৰ বাবে সেই অঞ্চলসমূহত ড্ৰাগছ, বন্দুক বাৰুদৰ ঘাটি হৈছে, অপৰাধীৰ ঘাটি হৈছে । যাৰ বাবে উচ্ছেদৰ প্ৰয়োজন । ইয়াতকৈও জোৰদাৰকৈ উচ্ছেদ চলিব লাগে । মই অসমৰ সকলোকে আহ্বান জনাইছো যাতে দল-সংগঠন, জাতি-বৰ্ণ সকলোৱে আহি মুখ্যমন্ত্ৰীক সাহস দিয়ে ।"

অসমত চলি থকা বেদখল প্ৰক্ৰিয়াক দ্বিতীয় কাৰ্গিল যুদ্ধ আখ্যা মৃণাল শইকীয়াৰ । তেওঁ কয়, "এইখন দ্বিতীয় কাৰ্গিল যুদ্ধ । আজি কেইজনমান সন্ত্ৰাসবাদী আহোতে দেশে যুদ্ধ ঘোষণা কৰিছিল । ইমান লাখ লাখ মানুহ বেলেগৰ পৰা আহি ইয়াত সোমাই আছে । এইটো যুদ্ধ সদৃশ এটা পৰিৱেশ ।" মৃণাল শইকীয়াই লগতে কয়, "আজি যদি উচ্ছেদ নচলালেহেঁতেন ১০ বছৰ পিছত আমিও সংখ্যালঘু হ'লোহেঁতেন ।"

লগতে পঢ়ক :উচ্ছেদৰ বাবে তৎপৰ কলিয়াবৰ সমজিলা প্ৰশাসন, কেশৱ মহন্তই দিলে ইংগিত - MINISTER KESHAB MAHANTA