ETV Bharat / state

বিশ্ব ভ্ৰমি বিশ্বজয়ৰ সপোন দেখা মীনাক্ষী দাস

এগৰাকী সাহসী মহিলা । বিশ্ব ভ্ৰমণ কৰি আজি তেওঁ চৰ্চিত । এই সন্দৰ্ভত সাংবাদিক কুলগীতা সাউদৰ এক বিশেষ প্ৰতিবেদন ।

Meenakshi Das experiences travelling by bike to 64 countries around the world
বিশ্বভ্ৰমী বিশ্বজয়ৰ সপোন দেখা মীনাক্ষী দাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 25, 2024 at 10:49 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: মনত প্ৰৱল ইচ্ছা আৰু আগ্ৰহ থাকিলে মানুহে কৰিব নোৱৰা কাম একোৱেই নাই । এই কথা পুনৰ প্রমাণ কৰি দেখুৱালে গুৱাহাটীৰ এগৰাকী মহিলাই । এখন বাইককে সাৰথি হিচাপে লৈ বিশ্বৰ ৬৪ খন দেশ ভ্ৰমণ কৰিলে গুৱাহাটীৰ পাঞ্জাবাৰীৰ বাসিন্দা বাইক ৰাইডাৰ তথা ফিটনেছ ট্ৰেইনাৰ মীনাক্ষী দাসে । ২০২৩ ৰ ১৭ ডিচেম্বৰত আৰম্ভ কৰা এই যাত্ৰা চলিত বৰ্ষৰ ২২ ডিচেম্বৰত সামৰণি পৰে । এবছৰীয়া এই যাত্ৰাত ৬৪ খন দেশ ভ্ৰমণ কৰি সাহসিকতাৰ পৰিচয় দিলে মীনাক্ষী দাসে ।

ক'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল বাইক ৰাইডাৰ মিনাক্ষী দাসে ?

বিশ্বভ্ৰমী বিশ্বজয়ৰ সপোন দেখা মীনাক্ষী দাস (ETV Bharat Assam)

মীনাক্ষী দাসে যাত্ৰাৰ আৰম্ভণিতে গুৱাহাটীৰ পৰা বাইকেৰে নেপাললৈ ৰাওনা হৈছিল আৰু তাৰ পৰা মুম্বাইলৈ গৈছিল । মুম্বাইৰ পৰা তেওঁ বিমানেৰে ডুবাইলৈ গৈ বাইকেৰে ৬৭ খন ৰাষ্ট্ৰৰ ভ্ৰমণৰ বাবে সূচী আৰম্ভ কৰিছিল । ওমান, ইৰাক আৰু ম্যানমাৰ, এই ৩ খন দেশত নিৰাপত্তাজনিত কাৰণৰ প্ৰৱেশৰ অনুমতি নোপোৱাৰ বাবে ৬৪ খন দেশতে তেওঁৰ এই যাত্ৰাৰ সামৰণি মাৰে ।

নেপালৰ পৰা মুম্বাইলৈ আহি মুম্বাইৰ পৰা তেওঁ বিমানেৰে ডুবাইলৈ গৈ বাইকেৰে ডুবাইৰ পৰা সংযুক্ত আৰৱ আমিৰ শ্বাহী, কাটাৰ, বাহৰেইন, চৌদি আৰৱ, জৰ্ডান, ইৰাক, ইৰাণ, আজাৰবাইজান, আৰ্মেনিয়া, জৰ্জিয়া, তুৰস্ক, বুলগেৰিয়া, ৰোমানিয়া, মলডোভা, শ্ল’ভাকিয়া, হাংগেৰী, ছাৰ্বিয়া, মেচিডনিয়া, গ্ৰীচ, আলবেনিয়া, ক্ৰ’ৱেচিয়া, শ্ল’ভেনিয়া, অষ্ট্ৰিয়া, জাৰ্মানী, ফ্ৰান্স, আয়াৰলেণ্ড, লণ্ডন, কাজাখস্তান, চীন, লাউচ, ভিয়েটনাম, কম্বোডিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়াকে ধৰি মুঠ ৬৪ খন দেশ ভ্ৰমণ কৰি মালয়েছিয়াত এই ভ্ৰমণৰ সামৰণি মাৰে ।

এবছৰীয়া এই যাত্ৰাত কি কি সমস্যাৰ সন্মুখীন হৈছিল ৰাইডাৰ মিনাক্ষী দাস:

নিজৰ মটৰ চাইকেলখনকে সাৰথি হিচাপে লৈ ৬৪ খন দেশ ভ্ৰমণ কৰা মীনাক্ষী এবছৰীয়া যাত্ৰাত বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছে । মীনাক্ষীয়ে কয়,"ক'ৰবাত যদি ভিছাৰ সমস্যা হৈছে আন ক'ৰবাত বাইকখন বেয়া হৈছে । এই যাত্ৰাৰ সময়ত পথ দুৰ্ঘটনাত পতিত হোৱাৰ উপৰিও ধুলিৰ ধুমুহা আদিৰো সন্মুখীন হৈছোঁ । প্ৰবাসী অসমীয়া, ভাৰতীয়ৰ উপৰিও বিদেশৰ বহু লোকে মোক সহায় সহযোগিতা আগবঢ়াইছে । কোনোৱে যদি ভিছাৰ বাবে সহায় কৰিছে কোনোৱে আৰ্থিকভাৱে আৰু কোনোৱে জিৰণি লোৱাৰ লগতে খোৱাৰ ব্যৱস্থা কৰি দিছে । এই এবছৰীয়া যাত্ৰাত বহু অভিজ্ঞতা বুটলিলোঁ । বহু কথা শিকিলোঁ ।"

কি উদ্দেশ্যৰে এই যাত্ৰা কৰিছিল মীনাক্ষীয়ে ?

এই সন্দৰ্ভত ৰাইডাৰগৰাকীয়ে কয়,"মহিলা সবলীকৰণৰ উদ্দেশ্য এই যাত্ৰা আৰম্ভ কৰিছিলোঁ । বহু সময়ত বহু লোকে মহিলাই যিকোনো কাম কৰিব নোৱাৰে বুলি কয় । সেয়েহে বাইকেৰে ৬৪ দেশ অকলশৰে ভ্ৰমণ কৰি অভিলেখ গঢ়াৰ লগতে মহিলা সমাজৰ জয় হৈছে ।"

এই যাত্ৰাত কিমান ধনৰ প্ৰয়োজন হৈছিল ?

তেওঁ কয়,"এই যাত্ৰাৰ বাবে ২০ লাখ টকা খৰচ হৈছে । মাটি বন্ধকত দিয়াৰ লগতে চিনাকী মানুহে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে এই যাত্ৰা সম্পূৰ্ণ কৰিব পাৰিলোঁ । চৰকাৰৰ পৰা বিশেষ সহায় সহযোগিতা পোৱা নাই যদিও মন্ত্ৰী নন্দিতা গাৰ্লোচাই ১ লাখ টকা দি সহায় কৰিছিল ।"

নতুন ৰাইডাৰসকলৰ বাবে পৰামৰ্শ:

এই সন্দৰ্ভত দাসৰ পৰামৰ্শ, "নতুন ৰাইডাৰসকলে ৰাইড কৰোঁতে হেলমেটৰ লগতে সুৰক্ষামূলক সামগ্ৰী পৰিধান কৰাৰ লগতে যান-বাহন আইন মানি চলিব লাগে । ৰাইডৰ সময়ত দুঃসাহসিক কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগে ।"

পৰৱৰ্তী পৰিকল্পনা কি ?

নৱবৰ্ষত আৰ্থিক সহায়-সহযোগিতা পালে বাইকেৰে সমগ্ৰ দেশৰ চুকে-কোণে ভ্ৰমণ কৰিব দাসে । তদুপৰি থাইলেণ্ডলৈ যোৱাৰ পৰিকল্পনা আছে বাইক ৰাইডাৰ মিনাক্ষী দাসৰ ।

লগতে পঢ়ক: মটৰ চাইকেলেৰে ৬৭ খন দেশ ভ্ৰমণ কৰিব গুৱাহাটীৰ মীনাক্ষী দাসে - Lady Bike rider Guwahati

লক্ষ্য : বিশ্ববাসীৰ আগত উত্তৰ-পূৱৰ প্ৰতিষ্ঠা, বাইকেৰে লণ্ডনত উপস্থিত অসমৰ মীনাক্ষী - solo world tour on a bike - SOLO WORLD TOUR ON A BIKE